ছিপাঝাৰত চতুৰ্দশ অংকীয়া ভাওনা সমাৰোহৰ আৰম্ভণি - Sangeet Natak Akademi Awards
🎬 Watch Now: Feature Video
Published : Mar 18, 2024, 3:46 PM IST
মঙলদৈ, 18 মাৰ্চ : সংগীত নাটক অকাডেমীৰ অধীনত ছিপাঝাৰত সোমবাৰৰে পৰা আৰম্ভ হৈছে চতুৰ্দশ অংকীয়া ভাওনা সমাৰোহ । চতুৰ্দশ অংকীয়া ভাওনা সমাৰোহত কবি-গীতিকাৰ ড৹ লক্ষ্যহীৰা দাসক সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হয় ৷ সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটীৰ সহযোগত চাৰিদিনীয়াকৈ আয়োজিত হোৱা অংকীয়া ভাওনা সমাৰোহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি আটাইকেইখন অংকীয়া নাট প্ৰদৰ্শন কৰা হ'ব ।
যোৰহাট, বৰপেটা, গুৱাহাটী, মাজুলী, লখিমপুৰ, মঙলদৈ আৰু শিৱসাগৰৰ ভাওনা শিল্পীৰ দলে চতুৰ্দশ অংকীয়া ভাওনা সমাৰোহত পৰিৱেশন কৰিব অংকীয়া ভাওনা । সন্ধিয়া সমাৰোহৰ বন্তি প্ৰজ্বলন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰ- বটদ্ৰৱাৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে । অনুষ্ঠানত সংগীত নাটক অকাডেমীৰ একাংশ বিষয়ববীয়াও উপস্থিত থাকে ।
ইতিমধ্যে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰৰ ভাওনাথলী । উল্লেখ্য যে, ভাওনা প্ৰদৰ্শন হোৱাৰ পূৰ্বে অসমৰ এগৰাকী বৰেণ্য কণ্ঠশিল্পী, গীতিকাৰ, কবি, তথা সু-সাহিত্যিক তথা শিক্ষাবিদ ড৹ লক্ষ্যহীৰা দাসক সংগীত নাটক অকাডেমীৰ তৰফৰ পৰা সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হয় । লক্ষণীয় যে শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ দিল্লীলৈ গৈ এই বঁটা গ্ৰহণ কৰিব পৰা নাছিল ৷
লগতে পঢ়ক : ৰাংঢালিৰ সৈতে বিহু নচাত ব্যস্ত ক্লাওৰিয়া-লিটা-আয়েস্কা