বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এগৰাকী ১০ বছৰীয়া ছাত্ৰৰ - Death due to electrocution - DEATH DUE TO ELECTROCUTION
🎬 Watch Now: Feature Video


Published : Jun 20, 2024, 7:51 PM IST
তিনিচুকীয়া, ২০ জুন : আজি (বৃহস্পতিবাৰ) তিনিচুকীয়া জিলাৰ ধলাৰ মিঠা আম কুটিৰ পথাৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে এগৰাকী ছাত্ৰৰ । ১০ বছৰীয়া ছাত্ৰগৰাকী অজয় গড়ৰ পুত্ৰ বিষ্ণু গড় বুলি জানিব পৰা গৈছে ৷
স্থানীয় লোকে জানিব দিয়া অনুসৰি, আজি ছাত্ৰগৰাকীয়ে বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ আছিল ৷ তেনেতে এজোপা গছৰ পৰা এটা ডাল ভাঙি বিদ্যুৎ পৰিবাহী তাঁৰত পৰে ৷ ফলত বিদ্যুৎ পৰিবাহী তাঁৰডাল ছিগি যায় আৰু ছাত্ৰগৰাকীৰ ওপৰত পৰে ৷
তাৰ পাচতে স্থানীয় ৰাইজে ততাতৈয়াকৈ স্থানীয় লোকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী ১০ বছৰীয়া ছাত্ৰৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিছে শোকৰ ছাঁ ৷
লগতে পঢ়ক : ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজনৰ মৃত্যু - Death due to electrocution