ETV Bharat / technology

ভাৰতত মুকলি প্ৰথমটো শক্তিশালী Snapdragon 4s Gen 2 প্ৰচেছৰযুক্ত ফোন

Redmi A4 5G: ভাৰতীয় মোবাইল কংগ্ৰেছ (2024)ত Redmi A4 5G মুকলি কৰাৰ বাবে Xiaomi এ Qualcomm ৰ সৈতে অংশীদাৰিত্ব কৰিছে ।

author img

By ETV Bharat Tech Team

Published : 3 hours ago

Etv Bharat
ভাৰতত মুকলি প্ৰথমটো শক্তিশালী Snapdragon 4s Gen 2 প্ৰচেছৰযুক্ত ফোন (Xiaomi)

নিউজ ডেস্ক, 17 অক্টোবৰ: আজি ভাৰতীয় মোবাইল কংগ্ৰেছত Xiaomi-এ মুকলি কৰিলে নতুন বাজেট 5G স্মাৰ্টফোন । কোম্পানীটোৰ শেহতীয়া ফোন Redmi A4 5G হৈছে Qualcomm প্ৰযুক্তিৰে প্ৰৱৰ্তন কৰা হৈছে । কোম্পানীটোৱে এই ফোনত ব্যৱহাৰ কৰিছে শক্তিশালী Snapdragon 4s Gen 2 প্ৰচেছৰ । লগতে, এই প্ৰচেছৰৰ সৈতে অহা ভাৰতৰ এইটোৱেই প্ৰথম স্মাৰ্টফোন । ভাৰতৰ এণ্ট্ৰি লেভেল স্মাৰ্টফোনৰ বাবে এইটো এটা ফ্লেগশ্বিপ ফোন। বিশেষকৈ 5G কানেক্টিভিটি এই ফোনটোৰ এক শক্তিশালী বৈশিষ্ট্য । স্নেপড্ৰেগন 4s Gen 2 মোবাইলৰ সৈতে লঞ্চ হোৱা ভাৰতৰ প্ৰথমটো ফোন Redmi A4 5G।

কোৱালকম টেকন’লজিৰ ব্যৱহাৰ: Xiaomi কোম্পানীয়ে কয় যে তেওঁলোকে এণ্ট্ৰি লেভেল স্মাৰ্টফোনৰ জৰিয়তে ভাৰতত 5G ক আৰু অধিক উন্নত কৰাৰ মনস্থ কৰিছে । অহা দশকত কোম্পানীটোৱে 70 কোটি স্মাৰ্টফোন বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে । Xiaomi আৰু কোৱালকম টেকন’লজিছে হাত মিলাই ভাৰতৰ লাখ লাখ গ্ৰাহকলৈ গিগাবিটৰ দ্ৰুত সংযোগ কঢ়িয়াই আনিছে । কোৱালকম ইণ্ডিয়াৰ জ্যেষ্ঠ উপ-সভাপতি তথা সভানেত্ৰী সবি ছ’ইনে কয়, 5G ৰ সুবিধা ভাৰতৰ বিকাশৰ বাবে এক মূল কাৰক হ’ব । স্নেপড্ৰেগন 4S GEN 2 ডিজাইন কৰা হৈছিল যাতে গ্ৰাহকে 5G সংযোগৰ সুবিধা ল’ব পাৰে । অধিক গ্ৰাহকৰ বাবে সুলভ মূল্যৰ 5G ডিভাইচ আনিবলৈ পাই উৎফুল্লিত হৈছে Xiaomi।

Redmi A4 5G প্ৰচেছৰ: Snapdragon 4s Gen 2 চিপে Snapdragon 4 Gen 2 ৰ দৰে একেটা 4nm প্ৰচেছিং ন'ড ব্যৱহাৰ কৰে । ই 90fps FHD+ ডিছপ্লে সমৰ্থন কৰে । ইয়াত ডুৱেল 12-বিট আইএছপি কেমেৰা সমৰ্থন আছে, গিগাবিট 5G সংযোগৰ বাবে এটা শক্তিশালী মডেম । এই ফোনটোৱে NAVIC ৰ সৈতে ডুৱেল ফ্ৰিকুৱেন্সি GNSS (L1 + L5) সমৰ্থন কৰে ।

ভাৰতত Redmi A4 5G ৰ দাম: কোম্পানীয়ে জনোৱা মতে, অতি সোনকালে ভাৰতৰ বজাৰত Redmi A4 5G মুকলি কৰা হ’ব । ইয়াৰ দামৰ কথা ক’বলৈ গ’লে 10 হাজাৰতকৈও কম মূল্যত পোৱা যাব বুলি কোৱা হৈছে । অৱশ্যে Xiaomi-এ এতিয়াও সঠিক মূল্য নিৰ্ধাৰণ কৰা নাই ।

লগতে পঢ়ক: 26 ছেপ্টেম্বৰত বজাৰত মুকলি হ’ব Redmi Note 14 series - Redmi Note 14 release date

Redmi 8A Dual: মাত্ৰ ৪৯৯ টকাত ঘৰলৈ আনক Redmi 8A Dual

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.