ETV Bharat / technology

বজাৰত মুকলি পানীৰ তলতো পিন্ধিব পৰা আকৰ্ষণীয় বৈশিষ্ট্যযুক্ত স্মাৰ্টৱাটচ - Redmi Watch 5 Lite Launched

author img

By ETV Bharat Tech Team

Published : 3 hours ago

Redmi Watch 5 Lite: ভাৰতীয় বজাৰত মুকলি Redmi ৰ নতুন স্মাৰ্টৱাটচ ৷ পানীৰ তলতো পিন্ধিব পৰা এই স্মাৰ্টৱাটচটোৰ আছে বহু আকৰ্ষণীয় বৈশিষ্ট্য ৷ এইবোৰ কি কি জানো আহক---

বজাৰত মুকলি পানীৰ তলতো পিন্ধিব পৰা আকৰ্ষণীয় বৈশিষ্ট্যযুক্ত স্মাৰ্টৱাটচ
বজাৰত মুকলি পানীৰ তলতো পিন্ধিব পৰা আকৰ্ষণীয় বৈশিষ্ট্যযুক্ত স্মাৰ্টৱাটচ (ETV Bharat)

নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ: ৰেডমিয়ে ভাৰতীয় বজাৰত মুকলি কৰিলে এটা স্মাৰ্টৱাটচ ৷ শেহতীয়াকৈ Xiaomi-এ ভাৰতীয় গ্ৰাহকৰ বাবে Redmi Watch 5 Lite মুকলি কৰিছে ৷ এই ঘড়ীটোৰ মূল্য 3,999 টকা কিন্তু বৰ্তমান অফাৰত এই ঘড়ীটো 3499 টকাত কিনিব পাৰিব ৷ Xiaomi ৰ স্মাৰ্টৱাটচৰ এই মডেল ইতিমধ্যে বিভিন্ন অনলাইন ছাইটত উপলব্ধ ৷ এই ঘড়ীটো mi.com ৰ পৰাও অৰ্ডাৰ কৰিব পাৰিব বুলিও কোম্পানীটোৱে জনাইছে ৷ এই স্মাৰ্টৱাটচটো দুটা ৰঙত মুকলি কৰা হৈছে ৷ এটা ক’লা আৰু আনটো পাতল সোণালী ৰঙত মুকলি কৰা হৈছে ৷ উল্লেখযোগ্য যে, 5 মিটাৰ দ’ পানীৰ তলতো এই স্মাৰ্টৱাটচটোৰ কোনো ক্ষতি নহয় ৷ এই স্মাৰ্টৱাটচটোৰ বৈশিষ্ট্যসমূহৰ বিষয়ে জানো আহক---

বৈশিষ্ট্যসমূহ হ’ল

  • এই Xiaomi স্মাৰ্টৱাচত আছে 1.96 ইঞ্চি (410 x 502 পিক্সেল) AMOLED স্ক্ৰীণ । যিটো 600 নিট পৰ্যন্ত উজ্জ্বল
  • ৰেডমিৰ এই স্মাৰ্ট ঘড়ীটোত হাৰ্ট ৰেট চেন্সৰ, এক্সিলেৰ’মিটাৰ, জাইৰস্কোপৰ বৈশিষ্ট্য আছে । ফলত শৰীৰৰ গতিও সহজে জুখিব পৰা যায় ৷
  • কলৰ সুবিধা উপলব্ধ ঘড়ীটোত বিল্ট-ইন মাইক্ৰ’ফোন, স্পীকাৰ, 2-মাইক ইএনচি আছে । ফলত ফোন কৰাটো সহজ হৈ পৰে ৷
  • ক্লক ট্র্যাকিং, টোপনি আৰু চাপ নিৰীক্ষণ, পিৰিয়ড চক্ৰ নিৰীক্ষণ বৈশিষ্ট্য এই তথ্যসমূহ সহজেই নথিভুক্ত কৰিব পাৰি
  • Redmi Watch ত আছে 160 টাতকৈও অধিক স্প’ৰ্টছ মোড বৈশিষ্ট্য ৷ কাষ্টমাইজেচন, নাইট মোড, ডিএনডি মোড, থিয়েটাৰ মোড, পানী পৰিষ্কাৰ কৰা মোড । ইয়াত ব্যৱহাৰ কৰা হৈছে 470mAh বেটাৰী ৷

লগতে পঢ়ক: আইফোন 16 ৰ লগতে বজাৰত শীঘ্ৰে মুকলি হোৱাৰ সম্ভাৱনা এয়াৰপ’ড, ঘড়ী : ব্লুমবাৰ্গ - iPhone 16 Series Launch soon

18 দিন পৰ্যন্ত বেটাৰী বেকআপ: Redmi ৰ মতে, ষ্টেণ্ডবাই মোডত ৰখাৰ পাচত বেটাৰীটো এবাৰ চাৰ্জ দিয়াৰ পাচত 18 দিন পৰ্যন্ত টিকি থাকিব । অৱশ্যে ঘড়ীটোৰ অন্য বৈশিষ্ট্যবোৰো সক্ৰিয় কৰিলে 12 দিন পৰ্যন্ত চাৰ্জ থাকিব ৷ উল্লেখ কৰা প্ৰয়োজন যে এই ঘড়ীটো পিন্ধি সাঁতুৰিলে ডিভাইচটোৰ কোনো ক্ষতি নহ’ব এই ঘড়ীটোৰ 5ATM 50 মিটাৰ পানী প্ৰতিৰোধ ক্ষমতা আছে । Redmi Watch 5 Lite ত বিল্ট-ইন এলেক্সা আছে । আপুনি ঘড়ীটোত কেলেণ্ডাৰ ছেট কৰিব পাৰে আৰু আপোনাৰ গুৰুত্বপূৰ্ণ কামসমূহৰ বাবে এলাৰ্ম দিব পাৰে ৷

লগতে পঢ়ক: আপুনি গম নোপোৱাকৈ আপোনাৰ শৰীৰত বাঁহ লৈছে নেকি এবিধ ৰোগে ! ধৰা পেলাব হাতৰ ঘড়ীটোৱে - Sleep apnea detection Watch

আইফোন 16 ৰ লগতে বজাৰত শীঘ্ৰে মুকলি হোৱাৰ সম্ভাৱনা এয়াৰপ’ড, ঘড়ী : ব্লুমবাৰ্গ - iPhone 16 Series Launch soon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.