ETV Bharat / technology

নৱবৰ্ষৰ আৰম্ভণিতে বজাৰলৈ আহিব OnePlus 13 আৰু OnePlus 13 R - ONEPLUS 13 SERIES LAUNCH DATE

ৱানপ্লাছ 13 আৰু ৱানপ্লাছ 13 R স্মাৰ্টফোনৰ মুকলিৰ তাৰিখ নিশ্চিত কৰা হৈছে । 2025 চনৰ 7 জানুৱাৰীত ভাৰতত মুকলি কৰা হ’ব OnePlus 13 series ।

oneplus-13-series-to-make-its-debut-on-january-7-at-the-winter-launch-event
নৱবৰ্ষৰ আৰম্ভণিতে বজাৰলৈ আহিব OnePlus 13 আৰু OnePlus 13 R (Oneplus)
author img

By ETV Bharat Tech Team

Published : Dec 17, 2024, 4:59 PM IST

Updated : Dec 18, 2024, 9:55 AM IST

হায়দৰাবাদ: Oneplus এ নিজৰ ফ্লেগশ্বিপ ছিৰিজ Oneplus 13 আৰু Oneplus 13R ৰ মুকলিৰ তাৰিখ নিশ্চিত কৰিছে । Oneplus এ ইয়াৰ এক্স একাউণ্টত এই সন্দৰ্ভত তথ্য আগবঢ়াইছে । ৱানপ্লাছ ক্লাবে জনোৱা মতে, 2025 চনৰ 7 জানুৱাৰীৰ দিনা নিশা 9 বজাত ভাৰতত মুকলি কৰা হ’ব ৱানপ্লাছ 13 ছিৰিজ । ৱানপ্লাছে নিজৰ এক অনুষ্ঠানত এই দুয়োটা ফোন মুকলি কৰিব । ইতিমধ্যে চীনত মুকলি কৰা হৈছে OnePlus 13 series । OnePlus 13 ৰ সম্ভাৱ্য বৈশিষ্ট্য আৰু মূল্য জানো আহক...

OnePlus 13 বৈশিষ্ট্যসমূহ

ডিছপ্লে

Oneplus 13 ত 6.82 ইঞ্চিৰ ডিছপ্লে থাকিব, যিটো ৱানপ্লাছ 12 ৰ সৈতে একে । ৱানপ্লাছ 13ৰ ৰিফ্ৰেছ ৰেট হ’ব 120 হাৰ্টজ আৰু QHD+ ৰিজ’লিউচন ।

প্ৰচেছৰ

হুডৰ তলত ৱানপ্লাছ 13ত আহিব কোৱালকমৰ শেহতীয়া স্নেপড্ৰেগন 8 এলিট চিপছেট । ডিভাইচটো অক্সিজেনঅ’এছ 15ত চলিব, যিটো এণ্ড্ৰইড 15 ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে । ৱানপ্লাছে এতিয়াও ৱানপ্লাছ 13ৰ বাবে চফট্ ৱেৰ আপডেট নিশ্চিত কৰা নাই যদিও পূৰ্বৰ মডেলৰ ভিত্তিত ই চাৰি বছৰলৈকে এণ্ড্ৰইড আপডেট আৰু ইয়াৰ বাবে নিৰাপত্তা আপডেট দিয়াৰ সম্ভাৱনা আছে পাঁচ বছৰলৈ ।

বেটাৰী

OnePlus 13 ত ডাঙৰ উন্নীতকৃত বেটাৰী থাকিব । OnePlus 12 ত পোৱা 5,400mAh ইউনিটৰ তুলনাত OnePlus 13 ত 6,000mAh বেটাৰী আছে । কোম্পানীটোৱে দাবী কৰিছে যে এই ফোনটো প্ৰায় দুদিন পৰ্যন্ত চলিব পাৰে । ডিভাইচটোৱে 100W তাঁৰযুক্ত চাৰ্জিং আৰু 50W বেতাঁৰ চাৰ্জিং সমৰ্থন কৰিব ।

কেমেৰা

কেমেৰাৰ কথা ক’বলৈ গ’লে ৱানপ্লাছ 13ত ৱানপ্লাছ 12ৰ 50 মেগাপিক্সেলৰ LYT-808 প্ৰাইমেৰী চেন্সৰ ৰখা হৈছে যদিও ইয়াৰ টেলিফ’টো আৰু আল্ট্ৰাৱাইড লেন্স 50 মেগাপিক্সেললৈ উন্নীত কৰা হৈছে । ইয়াৰ উপৰিও ফোনটোত Hasselblad ব্ৰেণ্ডিং আৰু 4K/60fps Dolby Vision ভিডিঅ’ কেপচাৰ আছে ।

অন্যান্য বৈশিষ্ট্যসমূহ

OnePlus 13 IP68 আৰু IP69 ৰেটিং প্ৰাপ্ত ৷ অৰ্থাৎ ই পানীত ভিজিলেও একো ক্ষতি নহ’য় । আল্ট্ৰাছ’নিক ফিংগাৰপ্ৰিণ্ট চেন্সৰ ব্যৱহাৰ কৰি ভিজা হাতেৰেও ফোনটো আনলক কৰিব পৰা যাব ।

ভাৰতত ৱানপ্লাছ 13ৰ সম্ভাৱ্য মূল্য

ৱানপ্লাছ 13ৰ মূল্য 70 হাজাৰতকৈও কম হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: iPhone SE 4 ৰ লগতে নৱবৰ্ষত বজাৰত উপলব্ধ হ’ব বহুকেইটা স্মাৰ্টফোন

OnePlus Pad এ লাভ কৰিলে শেহতীয়া OxygenOS 15 update

স্মাৰ্টফোনটো ব্যৱহাৰত সমস্যাৰ সন্মুখীন হৈছে নেকি ? তেন্তে গ্ৰহণ কৰক এই বিনামূলীয়া সেৱা !

Last Updated : Dec 18, 2024, 9:55 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.