ETV Bharat / technology

গুৱাহাটী আই আই টিত নামভৰ্তিৰ পূৰ্বে বাধ্যতামূলক মেডিকেল টেষ্ট - Admission in IIT Guwahati - ADMISSION IN IIT GUWAHATI

IIT Guwahati: গুৱাহাটী আই আই টিত নামভৰ্তি কৰিবলৈ যিকোনো ছাত্ৰ-ছাত্ৰীৰ বাবে মেডিকেল টেষ্ট বাধ্যতামূলক কৰা হৈছে । স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ পত্ৰ অবিহনে নামভৰ্তিৰ অনুমতি দিয়া নহ’ব বুলি ঘোষণা গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানখনৰ ।

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Tech Team

Published : Sep 30, 2024, 6:43 PM IST

নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ: আই আই টি গুৱাহাটীত নতুন নিয়ম ৷ আই আই টি গুৱাহাটীত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব । কাৰণ ইয়াক প্ৰতিষ্ঠানটোৱে বাধ্যতামূলক কৰি তুলিছে । চিকিৎসা পৰীক্ষাৰ প্ৰমাণ পত্ৰ অবিহনে মহাবিদ্যালয়ত নামভৰ্তিৰ অনুমতি দিয়া নহ’ব বুলি আই আই টি গুৱাহাটী কৰ্তৃপক্ষই জনায় । দুৰ্ভাগ্যজনক বিষয় যে চলিত বৰ্ষত আই আই টি চৌহদৰ ভিতৰত প্ৰায় 10 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰাৰ পিছতে শিক্ষানুষ্ঠান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

10 শিক্ষাৰ্থীৰ আত্মহত্যা

চলিত বৰ্ষত আই আই টি চৌহদৰ ভিতৰত প্ৰায় 10 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে । শেহতীয়াকৈ কম্পিউটাৰ বিজ্ঞানৰ তৃতীয় বৰ্ষৰ এজন ছাত্ৰই আত্মহত্যা কৰে । উত্তৰ প্ৰদেশৰ ছাত্ৰজনে নিজৰ হোষ্টেলৰ কোঠাত আত্মহত্যা কৰে । এই ঘটনাৰ পিছত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰতিবাদত বহে । আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিষ্ঠানখনত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে সহায় কৰিবলৈ দাবী জনায় ।

IIT Guwahati Media Release
গুৱাহাটী আই আই টিত নামভৰ্তিৰ পূৰ্বে বাধ্যতামূলক মেডিকেল টেষ্ট (Etv Bharat Assam)

বাধ্যতামূলক চিকিৎসা পৰীক্ষা

শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে এনেবোৰ ঘটনা (আত্মহত্যা) অশৈক্ষিক । কিন্তু ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে উন্নত সমৰ্থন ব্যৱস্থা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা তৎক্ষণাত কাৰ্যকৰী কৰা হ’ব । ইয়াৰ বাবে আই আই টি গুৱাহাটীয়ে বহু কাম হাতত লৈছে । ইয়াৰ ভিতৰত মুক্ত যোগাযোগ, উন্নত পৰামৰ্শ সেৱা, শিক্ষকৰ দ্বাৰা মেণ্টৰিং ব্যৱস্থা আৰু বিস্তৃত চিকিৎসা পৰীক্ষা আদি অন্তৰ্ভুক্ত । সমান্তৰালভাৱে নামভৰ্তিৰ সময়ত আই আই টি গুৱাহাটীয়ে চিকিৎসা পৰীক্ষা বাধ্যতামূলক কৰিছে । ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়োজনীয় যত্ন লাভ কৰাটো নিশ্চিত কৰাত সহায়ক হ’ব ।

'মানসিক চাপত শিক্ষাৰ্থী'

প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মতে আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীসকল মানসিক চাপত আছিল । মৃত ছাত্ৰজনে প্ৰয়োজনীয় চিকিৎসাৰ প্ৰমাণ পত্ৰ দাখিল কৰিছিল যদিও সেইবোৰ বিবেচনা কৰা হোৱা নাছিল, যাৰ বাবে তেওঁ অধিক মানসিক চাপত ভুগিছিল । মানসিক চাপৰ বাবেই শিক্ষাৰ্থীয়ে পৰৱৰ্তী সময়ত আত্মহত্যা কৰিছিল । উল্লেখ্য যে, এই ঘটনাৰ পিছত গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানখনৰ ডীন কে ভি কৃষ্ণাইয়ে পদৰ পৰা পদত্যাগ কৰিছে ।

লগতে পঢ়ক: শিক্ষাৰ্থীৰ আত্মহননৰ বিতৰ্কৰ মাজতে আই আই টিৰ একাডেমিক ডীন কে ভি কৃষ্ণাইৰ পদত্য়াগ - Suicide in IIT Guwahati

আই আই টি গুৱাহাটীত সঘন আত্মহনন : সুৰক্ষা বিচাৰি শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ - Suspected Suicide in IIT Guwahati

ফাইজান আহমেদৰ হৈ ন্যায় বিচাৰি নিজেই খবৰ হৈ পৰিল কেৰালাৰ ছাত্ৰী - STUDENT DEATH CASE AT IIT KHARAGPUR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.