ETV Bharat / technology

সুখবৰ ! পৃথিৱী অভিমুখে বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযান - Boeing Starliner return to Earth

author img

By ETV Bharat Tech Team

Published : Aug 30, 2024, 6:49 PM IST

NASA on Boeing Starliner: 7 ছেপ্টেম্বৰত পৃথিৱী অভিমুখে উভতিব সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বাচ্চ উইলম’ৰক কঢ়িয়াই নিয়া ব’য়িং ষ্টাৰলাইনাৰ ৷ নাছাৰ মহাকাশচাৰী দুগৰাকীয়েও আহিব নেকি পৃথিৱী অভিমুখে ! কি কয় নাছাই ?

Boeing Starliner to come back to Earth next week without NASA astronaut Sunita Williams
সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বাচ্চ উইলম’ৰ (AP)

নিউজ ডেস্ক, 30 আগষ্ট: ব’য়িঙৰ নতুন ষ্টাৰলাইনাৰ মহাকাশযানৰ সৈতে কেইবাটাও কাৰিকৰী প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিচত বৰ্তমান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)তেই আছে নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰ ৷ এই অভিযানৰ অধীনত সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলম’ৰে এসপ্তাহৰ পিছতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উভতি আহিব লাগিছিল যদিও বয়িঙৰ ষ্টাৰলাইনাৰ কেপচুলৰ বিজুতি ঘটাৰ বাবে ঘূৰি অহাত অসুবিধাই দেখা দিছে ।

মহাকাশত 12 সপ্তাহ কটোৱাৰ পিছত বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানখনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ ঘূৰি আহিব বুলি নাছাই প্ৰকাশ কৰিছে । অৱশ্যে সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰৰ ঘূৰি নাহে। মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰক লৈ যোৱা 5 জুনত মহাকাশলৈ উৰা মাৰিছিল বয়িং ষ্টাৰলাইনাৰে । এসপ্তাহৰ পিছত ই ঘূৰি অহাৰ কথা আছিল যদিও মহাকাশযানখনত হিলিয়াম লিক হোৱা আৰু থ্ৰাষ্টাৰৰ বিজুতিৰ বাবে ই পৃথিৱীলৈ ঘূৰি আহিবলৈ সক্ষম হোৱা নাই । নাছাই এতিয়া এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে । ষ্টাৰলাইনাৰখন ঘূৰি আহিলেও মহাকাশ কেন্দ্ৰতেই থাকিব লাগিব সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ ।

নাছা কয়, "ষ্টাৰলাইনাৰ মহাকাশযানখন পৃথিৱীলৈ ঘূৰি আহিব । ইয়াক হিউষ্টনৰ ষ্টাৰলাইনাৰ মিছন কণ্ট্ৰ'ল আৰু ফ্ল'ৰিডাৰ বয়িং মিছন কণ্ট্ৰ'ল চেণ্টাৰৰ ফ্লাইট কণ্ট্ৰ'লাৰৰ দ্বাৰা পৰিচালিত কৰা হ'ব । আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা আনডকিং কৰাৰ পিছত মহাকাশযানখন নিউ মেক্সিকোৰ হোৱাইট ছেণ্ডছ স্পেচ হাৰ্বাৰত অৱতৰণ কৰিব ।"

ষ্টাৰলাইনাৰৰ বৃহৎ ক্ষতি

মহাকাশলৈ যোৱাৰ পিছত বয়িং ষ্টাৰলাইনাৰৰ বৃহৎ ক্ষতি হৈছে । সেয়ে ইয়াৰ ডিজাইন আৰু মেৰামতিৰ বাবে কোম্পানীয়ে বহু টকা খৰচ কৰিব লাগিব বুলি জানিব পৰা গৈছে । ইতিমধ্যে কোম্পানীটোৱে জনাইছে যে ষ্টাৰলাইনাৰৰ বাবে প্ৰায় 1.5 বিলিয়ন ডলাৰ ব্যয় হৈছে ।

নাছাৰ বিল নেলছনে কয়, “মহাকাশত উৰণ বিপদজনক । আনকি ইয়াৰ আটাইতকৈ নিৰাপদ অৱস্থাতো । পৰীক্ষামূলক উৰণ, স্বাভাৱিকতে আৰু নিৰাপদ নহয় । গতিকে, সুনীতা আৰু বাচ্চক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে আৰু বয়িং ষ্টাৰলাইনাৰখন ক্ৰু নোহোৱাকৈ ঘৰলৈ অনাৰ সিদ্ধান্তটো মহাকাশচাৰী দুজনৰ নিৰাপত্তাৰ প্ৰতি গুৰুত্ব দি গ্ৰহণ কৰা হৈছে ।”

লগতে পঢ়ক: পৰৱৰ্তী 6 মাহ পৰ্যন্ত মহাকাশত আৱদ্ধ 2 মহাকাশচাৰী : কেনেকৈ কটাব দিন ? - How astronauts survive in space

আমি আশাবাদী, মহাকাশযানখনে সোনকালেই আমাক ঘৰলৈ লৈ যাব: মহাকাশৰ পৰা জনালে সুনীতা উইলিয়ামছে - Astronaut Sunita williams

মহাকাশত পুনৰ ইতিহাস ৰচনা ভাৰতীয়মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ - Indian origin astronaut Sunita Williams

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.