ETV Bharat / state

ৰহস্যজনক : দুই পুত্ৰসহ ব্ৰহ্মপুত্ৰত জাঁপ দিলে মহিলাই ! - Bogibeel Bridge

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 8:29 AM IST

Bogibeel Bridge: বগীবিল দলঙৰ সমীপত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । এগৰাকী মহিলাই দুই সন্তানৰ সৈতে ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ সন্দেহ কৰা হৈছে । নৈৰ পাৰত চেণ্ডেল, বেগ আৰু ম’বাইল উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

Bogibeel Bridge
ৰহস্যজনক: দুই পুত্ৰসহ ব্ৰহ্মপুত্ৰত জাঁপ দিলে মহিলাই (ETV Bharat)

মৰাণ, ২ ছেপ্টেম্বৰ : ডিব্ৰুগড়ৰ বগীবিলত ৰহস্যজনক ঘটনা । দেওবাৰৰ পৰা সন্ধানহীন দুই পুত্ৰসহ এগৰাকী মহিলা । হাহাকাৰ লাগিছে সেনা বাহিনীত কৰ্মৰত স্বামীৰ । ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ সন্দেহ কৰিছে আৰক্ষী তথা স্থানীয় লোকে । বগীবিল দলঙৰ সমীপত নৈৰ পাৰত উদ্ধাৰ হৈছে মহিলা আৰু দুই সন্তানৰ চেণ্ডেল আৰু বেগ ।

  • ঘটনাটো কি ?

মহিলাগৰাকী মহাৰাষ্ট্ৰৰ । স্বামী সেনা বাহিনীত কৰ্মৰত । যোৱা এপ্ৰিল মাহৰ পৰা তেওঁলোকে লিকাবালিত আছিল । দেওবাৰে হঠাৎ মহিলাগৰাকী আৰু দুই সন্তান সন্ধানহীন হৈ পৰা সেনা জোৱানগৰাকীৰ হাহাকাৰ লাগিল । পিচত পত্নীৰ মোবাইলক হোৱাটছ এপ ষ্টেটাছ দেখি আচৰিত হৈ পৰে । তাত মহিলাগৰাকীয়ে দুই সন্তানৰ ফটো আৰু বগীবিল দলঙৰ সমীপৰ এটা ভিডিঅ' ষ্টেটাছত লগাইছিল । তেতিয়াই স্বামীয়ে অনুমান কৰি দলঙৰ সমীপৰ উক্ত স্থানত উপস্থিত হয় ।

জানিব পৰা মতে, ভাৰতীয় সেনাৰ হৈ লেকাবালিত কৰ্মৰত নাগনাথ উদগেৰে নামৰ জোৱানজনৰ পত্নীৰ নাম পুনম উদগেৰে, সৰু পুত্ৰৰ নাম আৰাঔ উদগেৰে আৰু ডাঙৰ পুত্ৰৰ নাম অৰ্ণৱ উদগেৰে ৷ আৰাঔ প্ৰথম আৰু অৰ্ণৱ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ৷

  • ঘটনাৰ পূৰ্বে আবেগিক হোৱাটছ এপ ষ্টেটাছ

স্বামীয়ে এই সন্দৰ্ভত কয়, "চলিত বছৰৰ এপ্ৰিলৰ পৰা আমি লিকাবালিত আছো । আজি আবেলি লিকাবালিৰ পৰা সন্তানক লৈ পত্নী ওলাই আহিছিল। পত্নীয়ে মোক কোনো কথাই জনোৱা নাছিল । তেতিয়াৰে পৰা তেওঁৰ কোনো সন্ধানহীন নাই । মই কেইবাবাৰো ফোন কৰিছিলো যদিও কোনো উত্তৰ দিয়া নাছিল । হোৱাটছ এপৰ ষ্টেটাছটো ল'ৰা দুটাৰ ফটো আৰু এই স্থানৰ এটা ভিডিঅ' দিছিল । ষ্টেটাছটোত ‘‘Sorry Batcho’’ বুলি লিখিছিল ।"

  • নৈৰ পাৰত উদ্ধাৰ চেণ্ডেল, ম’বাইল আৰু বেগ

স্বামীয়ে জনোৱা মতে দুই পুত্ৰৰ বয়স ক্ৰমে এজনৰ 6 বছৰ আৰু আনজনৰ 7 বছৰ । ইফালে বগীবিলৰ উক্ত স্থানত মহিলাগৰাকী আৰু দুই পুত্ৰৰ চেণ্ডেল, এটা বেগ আৰু মহিলাগৰাকীৰ ম’বাইল ফোন উদ্ধাৰ হৈছে । যাৰ বাবে সকলোৱে সন্দেহ কৰিছে যে মহিলাগৰাকীয়ে দুই সন্তানৰ সৈতে ব্ৰহ্মপুত্ৰ জাঁপ দিছে ।

অৱশ্যে ঘটনাক লৈ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে । স্বামীক লগত লৈ আৰক্ষীয়ে নিশাৰ ভাগলৈ সেই স্থানত অভিযান চলাই যদিও কোনো সফলতা অৰ্জন কৰিব নোৱাৰিলে । ইফালে নিশা হোৱাৰ বাবে মহিলা আৰু সন্তান দুটিক উদ্ধাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলাব নোৱাৰিলে এছডিআৰএফ বাহিনীয়ে । এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক :ব্ৰহ্মপুত্ৰ নৈত জাপ দি সন্ধানহীন যুৱক - Youth drowned in Brahmaputra

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.