ETV Bharat / state

কৃষি কেঁচুসাৰ পৰ্যটনৰ শুভাৰম্ভণি কৰিলে সাবিত্ৰী ঠাকুৰে - Savitri Thakur visits Morigaon - SAVITRI THAKUR VISITS MORIGAON

Union minister Savitri Thakur : মৰিগাঁৱত কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সাবিত্ৰী ঠাকুৰ ৷ শুকুৰবাৰে মৰিগাঁও জিলাত ৰূপায়ণ হোৱা কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ আঁচনিৰ বুজ লোৱাৰ লগতে পৰিদৰ্শন কৰিলে কৃষিখণ্ড ।

Union minister Savitri Thakur
কেন্দ্ৰীয় মন্ত্ৰী সাবিত্ৰী ঠাকুৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 10:11 PM IST

মৰিগাঁও, ২৩ আগষ্ট: কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰে শুকুৰবাৰে মৰিগাঁও জিলাৰ কৃষিখণ্ড পৰিদৰ্শন কৰে । মন্ত্ৰীগৰাকীয়ে প্ৰথমে জিলা কৃষি বিভাগৰ অধীনৰ মাণিপুৰস্থিত ইয়াংলী কৃষক উৎপাদক কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা কৃষি বিভাগৰ নৱ্য় সংযোজন 'কৃষি কেঁচুসাৰ পৰ্যটন'ৰ শুভাৰম্ভণি কৰি কৃষি বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় ।

কেন্দ্ৰীয় মন্ত্ৰী সাবিত্ৰী ঠাকুৰ (ETV Bharat Assam)

কৃষকৰ সৈতে মত-বিনিময় :

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত কৃষক উৎপাদক কোম্পানীটোৰ বিষয়ববীয়া আৰু সদস্য তথা কৃষক ৰাইজৰ সৈতে এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানটোত মন্ত্রীগৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন ধ্বজাবাহী আচঁনিৰ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে ইয়াৰ দ্বাৰা কৃষক ৰাইজ কেনেদৰে উপকৃত হৈছে, প্ৰকৃতাৰ্থত কৃষক ৰাইজে আঁচনিৰ সুবিধা লাভ কৰিছেনে নাই সেই বিষয়ে পৰ্যালোচনা কৰে । তদুপৰি চলি থকা প্ৰকল্পসমূহৰ অগ্ৰগতি, কৃষিখণ্ড বিকাশৰ পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত জিলাখনে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ, কৃষক ৰাইজৰ উন্নতিৰ বাবে কৌশল আৰু ভৱিষ্যৎ পৰিকল্পনা আদি বিষয়ত পুংখানুপুংখ ভাৱে পৰ্যালোচনা কৰে ।

এই অনুষ্ঠানটোত মন্ত্ৰীগৰাকীক 'কৃষি কেঁচুসাৰ পৰ্যটন' সন্দৰ্ভত প্ৰস্তুত কৰা তথ্য চিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয় । এইক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।

তাঁতশালৰ প্ৰকল্প পৰিদৰ্শন :

ইয়াৰ পিছতে তেওঁ কোম্পানীটোৰ মহিলা কৃষক সদস্যসকলে প্ৰস্তুত কৰা কেঁচুসাৰৰ ইউনিট পৰিদৰ্শন কৰাৰ লগতে শিপিনীসকলৰ দ্বাৰা উৎপাদিত তাঁতশালৰ প্ৰকল্প পৰিদৰ্শন কৰে । মন্ত্ৰীগৰাকীয়ে মহিলাসকলক উৎসাহিত কৰাৰ লগতে ইয়াৰ দ্বাৰা কৃষিখণ্ড অধিক আগবাঢ়ি যোৱাৰ লগতে মহিলাসকলে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰা বুলি মন্তব্য কৰে ।

মৰিগাঁও পৰিদৰ্শনৰ সময়ছোৱাত মন্ত্ৰীগৰাকীক জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মা, সহকাৰী কৃষি সঞ্চালক তপন কুমাৰ ব্ৰহ্ম, মহকুমা কৃষি বিষয়া মেহেদী আৰিফ হুছেইন, জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে সংগ দিয়ে ।

লগতে পঢ়ক:কেন্দ্ৰীয় আঁচনিৰ কামকাজৰ বুজ ল’বলৈ মৰিগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী সাবিত্ৰী ঠাকুৰ - Savitri Thakur visits in Morigaon

বৰপেটাৰ কেঞ্চাৰ হাস্পতালত অত্যাধুনিক পেট-চিটি স্কেন সেৱা মুকলি - Barpeta Cancer Care Institute

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.