ETV Bharat / state

দৈয়াং নদীত সন্ধানহীন দুই কিশোৰৰ উদ্ধাৰ অভিযান অব্য়াহত - Teenagers Missing

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 4:48 PM IST

Teenagers Missing in Golaghat: বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ থকা গোলাঘাট ৱাটিং গাড়ীগাঁৱৰ তিনি কিশোৰৰ ভিতৰত নৈৰ বুকুৰ পৰা উদ্ধাৰ হৈছে এজনৰ মৃতদেহ ৷ এছ ডি আৰ এফে আজিও চলাইছে অভিযান ।

Teenagers Missing in Golaghat
এছ ডি আৰ এফৰ অভিযান (ETV Bharat Assam)

গোলাঘাট, ২০ জুলাই: গোলাঘাট জিলাৰ ৱাটিং গাড়ীগাঁৱত দৈয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা দুজন কিশোৰক আজিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই এছ ডি আৰ এফে । শনিবাৰে এই ঘটনাস্থলীত উপস্থিত হৈ জিলা আয়ুক্ত পি উদয় প্ৰবীণে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কিশোৰ দুজনক উদ্ধাৰ কৰিবলৈ আৰু এটা এছ ডি আৰ এফ বাহিনী নিয়োগ কৰিব বুলি উল্লেখ কৰে । ইপিনে, শুকুৰবাৰে সন্ধিয়া উদ্ধাৰ হোৱা মনোজ দীপ নামৰ কিশোৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাচতে পৰিয়ালৰ লোকক গতাই দিয়া হ'ব বুলি কয় জিলা আয়ুক্তগৰাকীয়ে ।

এছ ডি আৰ এফৰ অভিযান (ETV Bharat Assam)

ঘটনাৰ বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে বিয়লি গোলাঘাট জামুগুৰি চাহ বাগিচাৰ ১ নং লাইনৰ কৈলাশ কুমাৰ ভক্ত, মনোজ দীপ আৰু কুমুদ জাল নামৰ তিনিজন বন্ধুৱে ৱাটিং গাড়ীগাঁৱত দৈয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে । শুকুৰবাৰে পৰিয়ালৰ লোকে দৈয়াং নদীৰ পাৰত এখন চাইকেল, কাপোৰ আৰু কিছু পৰিমাণৰ খাদ্য সামগ্ৰী উদ্ধাৰ কৰাৰ পাচত জামুগুৰি আৰক্ষী থানাত খবৰ দিয়ে ।

ইয়াৰ পিচতেই উক্ত স্থানত আৰক্ষী উপস্থিত হৈ কিশোৰ তিনিজনৰ সন্ধান উলিয়াবলৈ এছ ডি আৰ এফক খবৰ দিয়াত দুটাকৈ অভিযানকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ দৈয়াং নদীৰ বুকুত উদ্ধাৰ অভিযান আৰম্ভ কৰি গধূলি মনোজ দীপ নামৰ এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এন্ধাৰ নামি অহা বাবে আন দুজন কিশোৰৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল । আজি পুৱাৰে পৰা পুনৰ বাকী দুজন কিশোৰৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে এছ ডি আৰ এফৰ দুটা দলে । কিন্তু বৰ্তমানলৈকে কিশোৰ দুজনৰ কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

ইপিনে, জিলা আয়ুক্ত পি উদয় প্ৰবীণে বানপানীৰ বাবে বেলেগ বেলেগ স্থানত এছ ডি আৰ এফ বাহিনী নিয়োজিত হৈ আছে আৰু তাৰ পৰাই আৰু এটা বাহিনীৰ এই উদ্ধাৰ অভিযানত নিয়োগ কৰা হ'ব বুলি কয় ।

লগতে পঢ়ক:ক’ত গ’ল তিনি বন্ধু : উদ্ধাৰ মনোজৰ মৃতদেহ, সন্ধান নাই কৈলাস-কুমুদৰ - Three Friends Missing

জোনাইত গৰ্ভৱতী মহিলাসহ কিশোৰী নিৰুদ্দেশ - Missing Case In Jonai

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.