ETV Bharat / state

হাতী-মানুহৰ সংঘাত নোহোৱা হ’ব... - man elephant conflict in assam

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 4:04 PM IST

Man Elephant conflict : ৰাজ্যজুৰি হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে ৷ ডিব্ৰুগড় জিলাত টিংখং আৰু নামৰূপ মহাবিদ্যালয়ে হাতী-মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ হাতত লৈছে ব্যতিক্ৰমী পদক্ষেপ ৷

MAN ELEPHANT CONFLICT IN ASSAM
হাতী মানুহৰ সংঘাত নোহোৱা হ’ব... (ETV BHARAT ASSAM)

মৰাণ, 20 জুন : অসমত বন্যহস্তী আৰু মানুহৰ সংঘাতৰ সমস্যা দীৰ্ঘদিনীয়া । বনাঞ্চল ধ্বংস, বন্যহস্তীৰ খাদ্য সংকটৰ বাবে দিনক দিনে হাতী-মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে । ৰাজ্য চৰকাৰৰ বন বিভাগে হাতী-মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও এই সমস্যা সমাধানৰ পথ ওলোৱা নাই । ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ বিশেষকৈ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন্যহস্তী ওলাই আহি প্ৰায়ে দাঁতিকাষৰীয়া ৰাইজৰ ঘৰ দুৱাৰ ভঙাৰ লগতে বহুজনে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হৈছে ।

বন্যহস্তী নিয়ন্ত্ৰণৰ বাবে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলত ফেঞ্চিঙৰ ব্যৱস্থা কৰা হৈছিল যদিও এই চেষ্টাই সুফল দিয়া নাই । মূলতঃ হাতীৰ প্ৰয়োজনীয় খাদ্য সম্ভাৰ পাহাৰ বা হাবিত কম হৈ অহাৰ পৰিপেক্ষিতত বনাঞ্চল এৰি জনাঞ্চলত খাদ্যৰ সন্ধানত বন্যহস্তীসমূহ প্ৰৱেশ কৰে আৰু মানুহৰ সৈতে সংঘাতৰ সৃষ্টি হয় ।

বৰ্তমান সময়ত ব্যাপক হাৰত বৃদ্ধি পোৱা বন ধ্বংস কাৰ্যও হাতী-মানুহৰ সংঘাতৰ অন্যতম কাৰণ । তেনে সময়ত এই সংঘাত হ্ৰাস কৰিবলৈ আগবাঢ়ি আহিছে ডিব্ৰুগড় জিলাৰ দুখন আগশাৰীৰ মহাবিদ্যালয় টিংখাং আৰু নামৰূপ মহাবিদ্যালয়ে ৷ হাতী-মানুহৰ সংঘাতৰ কাৰণ আৰু কাৰকসমূহ বৈজ্ঞানিক দৃষ্টিভংগীৰে ফঁহিয়াই টিংখাং মহাবিদ্যালয়ৰ উদ্যোগত আৰু নামৰূপ মহাবিদ্যালয়ৰ সহযোগত এন.এছ.এছ, টিংখাং মহাবিদ্যালয় ইক’ ক্লাবৰ সহযোগত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বৃহস্পতিবাৰে হাতীৰ প্ৰয়োজনীয় খাদ্য ৰোপণ কৰা হয় ৷

স্থানীয় বন বিভাগৰ সহযোগত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে প্ৰতিকুল বতৰকো নেওচি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ হাতী অহা যোৱা কৰা পথসমূহ চিনাক্ত কৰি তাত কলগছৰ পুলি আৰু ধানৰ বীজ ৰোপন কৰি এক সজাগতাৰ সৃষ্টি কৰে । ইয়াৰ উপৰিও দলটোৱে পাহাৰত থকা হাতীৰ খাদ্য বেতগাজ, কলডিল, পচলা আদিৰ বিষয়েও সজাগতা বৃদ্ধি কৰাৰ বাবে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলৰ ৰাইজক অৱগত কৰে ।

এই কাৰ্যসূচীৰ উদোক্তাসকলে জানিবলৈ দিয়া অনুসৰি, অনাগত দিনত ডিব্ৰুগড় জিলাৰ সকলো বিদ্যালয় একত্ৰিত কৰি হাতী-মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলিও জানিবলৈ দিছে ।

লগতে পঢ়ক: গোলাঘাটত হাতী খেদিবলৈ শকতি নাই বনবিভাগৰ, ৰাইজেই কান্ধপাতি ল’লে দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.