ETV Bharat / state

গোৱালপাৰাত গৰজিলে অসম আৰক্ষীৰ বন্দুকে; ব্যৱসায়ী অশোক গোৱেল হত্যাকাণ্ডৰ দুই অভিযুক্ত গুলীবিদ্ধ - Businessman murder in Goalpara

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 7:50 AM IST

Police firing in Goalpara: গোৱালপাৰাৰ ব্যৱসায়ী অশোক গোৱেলৰ হত্যাৰ ৰহস্য ফাদিল । লুটপাতৰ বাবেই হত্যা কৰা হৈছিল অশোক গোৱেলক । ব্যৱসায়ী গোৱেলৰ গাড়ী চালকসহ দুই অভিযুক্ত আৰক্ষীৰ গুলীত আহত ।

BUSINESSMAN MURDER IN GOALPARA
Police firing in Goalpara (ETV Bharat Assam)

গোৱালপাৰা, 18 জুলাই: ব্যৱসায়ী অশোক গোৱেল হত্যাকাণ্ডৰ তদন্তৰ আওঁতাত সোমাই পৰা গোৱেলৰ গাড়ী চালক আচান আলীৰ লগতে আন এগৰাকী আটকাধীন অভিযুক্ত বুধবাৰে সন্ধিয়া আৰক্ষীৰ গুলীত আহত হৈছে । গোৱালপাৰা আৰক্ষীৰ মাৰাথন জেৰাত অশোক গোৱেলৰ গাড়ী চালক আচান আলীয়ে স্বীকাৰ কৰিছিল হত্যাৰ ষড়যন্ত্ৰৰ বিষয়ে ৷ সেই স্বীকাৰোক্তিৰ ভিত্তিত মঙলবাৰে নিশা আৰক্ষীয়ে চহৰৰ নিকটৱৰ্তী মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং বলদমাৰী চৰৰ নিজা বাসগৃহৰ পৰা জাহিদুল ইছলাম নামৰ আন এগৰাকী অভিযুক্তক আটক কৰে ।

ব্যৱসায়ী অশোক গোৱেল হত্যাকাণ্ডৰ দুই অভিযুক্ত গুলীবিদ্ধ (ETV Bharat Assam)

বিশেষ সূত্ৰে জানিব পৰা মতে যোৱা ১৪ জুলাইত শ’লমাৰী-গোৱালপাৰা পথত আগচি ধৰি ব্যৱসায়ী আশোক গোৱেলক পুত্ৰৰ সন্মুখতে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা চাৰি-পাঁচজনীয়া হত্যাকাৰী দুৰ্বৃত্তৰ দলটোৰ গাড়ী চালক আছিল জাহিদুল ইছলাম । সূত্ৰটোৱে সদৰী কৰা মতে, আশোক গোৱেলৰ গাড়ী চালক আচান আলীও ডকাইতৰ দলৰ সদস্য আছিল ।

পলাবলৈ চেষ্টা কৰিছিল দুই হত্যাৰ অভিযুক্তই:

অশোক গোৱেলৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্তৰ আওতাত সোমাই পৰা ডকাইত তথা দুই গাড়ীচালক আচান আলী আৰু জাহিদুল ইছলামক বুধবাৰে তদন্তকাৰী আৰক্ষীৰ উচ্চপদস্থ বিষয়াই সমগ্ৰ দিন ধৰি আগিয়া থানাত পৃথকে পৃথকে মাৰাথান জেৰা অব্যাহত ৰাখিছিল । ইয়াৰ মাজতে সন্ধিয়া প্ৰায় 7 বজাত হত্যাকাণ্ড সংঘটিত হোৱা শ’লমাৰী-গোৱালপাৰাৰ পথৰ বিশেষ স্থানলৈ আটকাধীন দুই অভিযুক্ত গাড়ীচালকক আৰক্ষীয়ে ঘটনাস্থলী পৰ্যবেক্ষণ কৰিবলৈ নিয়ে । পিচত ঘটনাস্থলী পৰ্যবেক্ষণ কৰি উভতি আহিবলৈ ধৰোতেই দুই অভিযুক্তই পলাবলৈ চেষ্টা কৰে । এনে অৱস্থাত আৰক্ষীয়ে দুয়োলৈ লক্ষ্য কৰি কেইবাজাঁই গুলীচালনা কৰে ।

আৰক্ষীৰ গুলীত দুই গাড়ী চালকৰূপী ডকাইত আহত হয় । পিচত আৰক্ষীয়ে দুয়োকে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । ইয়াৰে এগৰাকীৰ দুয়োভৰিত আৰু আৰু এগৰাকীৰ সোঁভৰিত গুলিবিদ্ধ হয় । দুয়ো সম্প্ৰতি আৰক্ষীৰ কটকটীয়া বেষ্টনীৰ মাজত চিকিৎসাধীন হৈ আছে । জানিব পৰা মতে দুয়ো বৰ্তমান বিপদমুক্ত ।

দুটা দল আছিল এই হত্যাকাণ্ডত- আৰক্ষী অধীক্ষক

গোৱালপাৰাৰ আৰক্ষী‌ অধীক্ষক নৱনীত মহন্তই সংবাদ মাধ্যমত সদৰী কৰা মতে হত্যাকাণ্ড স্থলীৰ পৰা দুই অভিযুক্তই আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ ধৰোতে 'কণ্ট্ৰোল ফায়াৰ' কৰা হয় । ফলত দুয়ো গুলিবিদ্ধ হয় । তেওঁ আৰু কয়, ‘‘এই হত্যাকাণ্ড মূলতঃ লুটপাতৰ বাবেই সংঘটিত হৈছে ।’’ আৰক্ষী অধীক্ষকগৰাকীয়ে তদন্তৰ খাতিৰত সবিশেষ জনোৱা নাই যদিও এই হত্যাকাণ্ডত দুটা গ্ৰুপ জড়িত আছে বুলি সংবাদ মাধ্যমত সদৰী কৰে ।

অশোক গোৱেলৰ হত্যাকাণ্ডত জড়িত দুয়োটা দলৰ সকলোকে চিনাক্ত কৰা হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে দাবী কৰিছে সংবাদ মাধ্যমত । সকলোকে কৰায়ত্ত কৰিবলৈ অভিযান চলাই থকা বুলিও তেওঁ লগতে উল্লেখ কৰে ।

অশোক গোৱেলৰ গাড়ীচালকো জড়িত আছিল হত্যাকাণ্ডত !

উল্লেখ্য যে ব্যৱসায়ী অশোক গোৱেলৰ গাড়ীখনৰ চালক আচান আলীক হত্যাকাণ্ডৰ পিচতেই(১৪ জুলাইৰ‌ নিশা) আৰক্ষীয়ে আটক কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছিল । প্ৰথমাৱস্থাত গাড়ী চালক আচান আলীয়ে মুখ খোলা নাছিল যদিও আৰক্ষীৰ তীব্ৰ জেৰাৰ সন্মুখত তিষ্ঠিব নোৱাৰি অৱশেষত মুখ খুলিবলৈ বাধ্য হয় । আচান‌ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে মঙলবাৰে নিশা ৪ নং বলদমাৰী চৰৰ পৰা জাহিদুল ইছলামক আটক কৰিছিল ।

আচান আলীয়ে সহায় কৰিছিল হত্যাকাৰী দলটোক:

ব্যৱসায়ী অশোক গোৱেলৰ গাড়ীখনৰ চালক আচান আলী আৰু হত্যাকাৰীয়ে ব্যৱহাৰ কৰা অ’ল্টোখনৰ চালক জাহিদুল ইছলামৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে । আচান আলীয়ে হত্যাকাৰীক ব্যৱসায়ী অশোক গোৱেলৰ গাড়ীখনৰ সঠিক স্থানৰ তথ্য দিয়া বুলি এটি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে । সূত্ৰটোৰ মতে হত্যাকাৰীয়ে ব্যৱহাৰ কৰা গাড়ীখন ধৃত জাহিদুল ইছলামে চলাই আনিছিল । জাহিদুল ইছলামে চলাই অনা গাড়ীখনত ৰফিকুল ইছলাম নামৰ এজন অভিযুক্ত হত্যাকাৰীৰ লগতে আৰু দুজন জনজাতীয় মুখায়বৰ হত্যাকাৰী আছিল বুলিও সূত্ৰত প্ৰকাশ ।

বহিঃৰাজ্যত আত্মগোপন তিনি মূল অভিযুক্তৰ:

ৰফিকুল আৰু জনজাতীয় মুখায়বৰ দুগৰাকীয়েই মূলতঃ হত্যাকাণ্ড সংঘটিত কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে যদিও ধৃত দুই গাড়ী চালক আচান আলী আৰু জাহিদুল ইছলামো হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহ ঘনীভূত হৈ পৰা বুলিও সূত্ৰটোৱে লগতে প্ৰকাশ কৰে । আনহাতে আৰক্ষীয়ে মূল তিনি হত্যাকাৰীৰ সন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । তেওঁলোক চুবুৰীয়া ৰাজ্য মেঘালয়ত আত্মগোপন কৰা বুলি সন্দেহ কৰা হৈছে ।

জাহিদুল ইছলামক মাতি নিছিল আচান আলীয়ে:

ইপিনে ধৃত জাহিদুল ইছলামৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি তেওঁ হত্যাকাণ্ডত জড়িত নাই । তেওঁলোকৰ মতে জাহিদুলে ব্যৱসায়ী অশোক গোৱেলৰ গাড়ীখনৰ চালক আচান আলীৰ পৰা টকা পাবলগীয়া আছে । সেই সূত্ৰে আচান আলীয়ে হত্যাকাণ্ডৰ দিনা জাহিদুলক পাবলগীয়া টকাখিনি আদায় লোৱাৰ বাবে কৃষ্ণাইলৈ মাতি পঠিয়াইছিল বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰে ৷

তেওঁলোকে লগতে কয় যে জাহিদুল ইছলাম এই হত্যাকাণ্ডত জড়িত নাই । তেওঁক এই ঘটনাত ফচোৱা হৈছে ৷ জাহিদুল ইছলামে প্ৰাণৰ মমতাত হত্যাকাণ্ডৰ বিষয়ে নিজাববীয়াকৈ আৰক্ষীক অৱগত কৰা নাছিল । অৱশ্যে পৰিয়ালৰ লোকৰ এই ভাষ্যৰ সত্যতা কিমান সেয়া আৰক্ষীৰ তদন্তৰ অন্ততহে স্পষ্ট হ'ব ।

কেনেকৈ হত্যা কৰা হৈছিল ব্যৱসায়ী অশোক গোৱেলক ?

স্মৰ্তব্য যে যোৱা ১৪ জুলাইত গোৱালপাৰাৰ কল্যাণপুৰত ব্যৱসায়ী অশোক গোৱেলক তিনিজন হত্যাকাৰীয়ে ৰাজপথৰ কাষত গাড়ীৰ ভিতৰতেই গুলীয়াই হত্যা কৰিছিল । গোৱালপাৰা চহৰৰ বৰো বজাৰৰ বাসিন্দা তথা ব্যৱসায়ী অশোক গোৱেলে নিজ পুত্ৰৰ সৈতে সেইদিনা পুৱাৰ ভাগত ব্যৱসায় সূত্ৰে জিলাখনৰ ধূপধৰালৈ গৈছিল । সন্ধিয়াৰ ভাগত তেওঁ পুত্ৰৰ সৈতে এখন চাৰিচকীয়া বাহনেৰে গোৱালপাৰা চহৰ অভিমুখে আহি আছিল ।

কিন্তু গোৱালপাৰা চহৰৰ উপকণ্ঠ অঞ্চল কল্যাণপুৰৰ শ’লমাৰী-গোৱালপাৰা সংযোগী পথত এখন চাৰিচকীয়া (অ'ল্টো) বাহনে তেওঁলোকৰ গাড়ীখনক আগভেটি ধৰে । ফলত ব্যৱসায়ী অশোক গোৱেলৰ চাৰিচকীয়া বাহনৰ চালকে গাড়ীখন ৰখাই দিয়ে ।

লগে লগে তিনিজনীয়া দুৰ্বৃত্তই দল এটা গাড়ীৰ পৰা নামি আহি ‘‘ৰাস্তাত কিয় ছাগলী মাৰি থৈ আহিছা’’ বুলি কৈ তৰ্ক-বিতৰ্ক আৰম্ভ কৰে । পাচত তেওঁলোক অশোক গোৱেলৰ গাড়ীৰ ভিতৰত বহি চালকক সমীপতে থকা এখন ভিতৰুৱা উপ-পথলৈ যাবলৈ নিৰ্দেশ দিয়ে । গাড়ীৰ ভিতৰত তিনি দুৰ্বৃত্তৰ দলটোৱে অশোক গোৱেলৰ লগতে পুত্ৰ আৰু চালককো মাৰপিট কৰে ।

কিছুদূৰ যোৱাৰ পিচত গাড়ী ভিতৰতে দুৰ্বৃত্তৰ দলটোৱে শূন্য দূৰত্বৰ পৰা মূৰত গুলীয়াই অশোক গোৱেলক হত্যা কৰে । দুৰ্বৃত্তৰ দলটোৱে গাড়ীত থকা নগদ ধনৰ টোপোলা(৯০ হেজাৰ) লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

লগে লগে পুত্ৰ আৰু চালক গৰাকীয়ে ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আগিয়া আৰু গোৱালপাৰা সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ অশোক গোৱেলক তেজেৰে লুতুৰী পুতুৰী হৈ থকা অৱস্থাত উদ্ধাৰ কৰে । ১০৮ এম্বুলেন্সৰে অশোক গোৱেলক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইতিমধ্যে অশোক গোৱেলৰ মৃত্যু হৈছে বুলি চিকিৎসকে ঘোষণা কৰে । এই হত্যাকাণ্ডকলৈ ব্যাপক চাঞ্চল্য অদ্যপি অব্যাহত আছে ।

লগতে পঢ়ক: ৰাজপথত চিনেমাৰ কায়দাৰে হত্যা ব্যৱসায়ীক; হত্যাৰ কাহিনী শুনিলে মূৰে-কপালে হাত দিব আপুনিও - Businessman shot dead

চৰকাৰখন আছেনে নাই এতিয়া বহুতেই সন্দেহ কৰিছে : অশোক গোৱেলৰ বাসগৃহত ৰকিবুল হুছেইন - Businessman shot dead

অশোক গোৱেল হত্যাকাণ্ড: বলদমাৰী চৰৰ পৰা আটক জাহিদুল ইছলামক; ৰাজ্যৰ বাহিৰত বাকী তিনি অভিযুক্ত ! - Businessman shot dead

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.