ETV Bharat / state

সংবাদ ক্ষেত্ৰতেই নহয়, সামাজিক ক্ষেত্ৰতো যথেষ্ট অৱদান আছিল প্ৰয়াত সাংবাদিক ৰাতুল ডেকাৰ : জিলা আয়ুক্ত - Journalist Ratul Deka

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 5:40 PM IST

Tributes to Ratul Deka in Morigaon : ই টিভি ভাৰতৰ মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাক শ্ৰদ্ধাৰে সুঁৱৰিলে জিলাখনৰ বিভিন্ন অনুষ্ঠানে-প্ৰতিষ্ঠানে । শনিবাৰে বিহুতলীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত দেবাশীষ শৰ্মাৰ মন্তব্য- কেৱল সংবাদ ক্ষেত্ৰতেই নহয়, সামাজিক ক্ষেত্ৰতো যথেষ্ট অৱদান আছে প্ৰয়াত সাংবাদিক ৰাতুল ডেকাৰ । দুই সন্তানৰ ভৱিষ্যতক লৈয়ো মন্তব্য জিলা আয়ুক্ত দেবাশীষ শৰ্মাৰ ।

JOURNALIST RATUL DEKA
ই টিভি ভাৰতৰ মৰিগাঁৱৰ প্ৰয়াত সাংবাদিক ৰাতুল ডেকালৈ শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

ধিং, ৩১ আগষ্ট : এগৰাকী জ্যেষ্ঠ সাংবাদিকক হেৰুৱাই যিদৰে শোকস্তব্ধ মৰিগাঁওবাসী, একেদৰে শোকত ম্ৰিয়মাণ ই টিভি ভাৰত অসম পৰিয়াল । বিগত 27 আগষ্টৰ নিশা এক পথ দুৰ্ঘটনাত পৰলোকপ্ৰাপ্তি ঘটা ই টিভি ভাৰতৰ সাংবাদিক ৰাতুল ডেকাক শনিবাৰে শ্ৰদ্ধাৰে সুঁৱৰে মৰিগাঁৱৰ সাংবাদিকসকলৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ।

শনিবাৰে মৰিগাঁও বিহুতলীত মৰিগাঁও জিলা সাংবাদিক সন্থা আৰু মিডিয়া ক্লাবৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰয়াত সাংবাদিক ৰাতুল ডেকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত দেবাশীষ শৰ্মাই সাংবাদিক ৰাতুল ডেকাৰ বিয়োগ মৰিগাঁৱৰ বাবে এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰে । লগতে ই টিভি ভাৰতৰ মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ কেৱল সংবাদ ক্ষেত্ৰতেই নহয়, মৰিগাঁৱৰ সামাজিক ক্ষেত্ৰতখনতো যথেষ্ট অৱদান আছে বুলিও উল্লেখ কৰে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই । ৰাইজে নখ জোকাৰিলে নৈ বয় বুলিও উল্লেখ কৰি প্ৰয়াত সাংবাদিক ৰাতুল ডেকাৰ দুই সন্তানৰ দায়িত্ব সমাজে কিছু পৰিমানে ল’ব লাগে বুলি মন্তব্য কৰে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ।

শনিবাৰে মৰিগাঁও বিহুতলীত সাংবাদিক সন্থা আৰু মিডিয়া ক্লাবৰ উদ্যোগত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মৈৰাবাৰী প্ৰেছ ক্লাব, লাহৰীঘাট প্ৰেছ ক্লাব, মৰিগাঁও সাংবাদিক সমাজ, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁও জিলা প্ৰশাসনৰ হৈ আয়ুক্ত দেবাশীষ শৰ্মা, গৰিয়া-মৰিয়া দেশীয় জাতীয় পৰিষদ, ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতি, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উপৰিও ই টিভি ভাৰত অসম পৰিয়ালৰ হৈ ধিঙৰ সংবাদদাতা ছাইফুল ইছলাম উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰয়াত সাংবাদিক ৰাতুল ডেকাৰ প্ৰতি ।

লগতে পঢ়ক : অনন্ত ধামলৈ যাত্ৰা সাংবাদিক ৰাতুল ডেকাৰ: ভগ্ন হৃদয়, অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় গুণমুগ্ধৰ

ইটিভি ভাৰতৰ মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.