ETV Bharat / state

পৰীক্ষা কেনেকুৱা হ’ল সুধিবলৈ নাথাকিল মা, দুই ভাতৃ-ভগ্নীৰ জীয়া কাহিনীয়ে কন্দুৱাব আপোনাকো - Tragic incident in Barpeta

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 10:41 PM IST

Updated : Sep 15, 2024, 10:52 PM IST

Heartbreaking story in Barpeta : সন্তান দুটিৰ পৰীক্ষানো কেনেকুৱা হ’ল, সেয়া শুনিবলৈও জীয়াই নাথাকিল মাকগৰাকী ৷ সন্তান দুটিয়ে নিযুক্তি পৰীক্ষা দি থাকোতেই সংসাৰৰ মায়া এৰি গ’লগৈ ৷ পৰীক্ষা বেয়া নহওক বুলি খবৰো দিয়া নহ’ল ককায়েক-ভনীয়েকহালক ৷ ঘৰলৈ আহিহে বগা কাপোৰেৰে ঢাকি থোৱা অৱস্থাত মাকক পালে চোতালত ৷

Heartbreaking story in Barpeta
পৰীক্ষা কেনেকুৱা হ’ল সুধিবলৈ মা জীয়াই নাথাকিল, (ETV Bharat Assam)

বৰপেটা, ১৫ ছেপ্টেম্বৰ : ‘‘মা মই যাওঁ...’’৷ সেই যে ‘মা’ৰ আশীৰ্বাদ লৈ পুৱাই সপোন এটাক বিচাৰি ককায়েক-ভনীয়েক ওলাই গ’ল, ঘূৰি আহি আৰু জীৱিত অৱস্থাত নাপালে ৷ সন্তান দুটিয়ে পৰীক্ষা দি থকা সময়তে নিয়তিৰ পৰীক্ষাত অনুত্তীৰ্ণ হ’ল বৰপেটাৰ মাতৃগৰাকী ৷ ‘‘সোণজনী-সোণটো পৰীক্ষা কেনেকুৱা হ’ল?’’ বুলি সুধিবলৈ নাপাওতেই এৰিবলগীয়া হ’ল এই ধৰা ৷

পৰীক্ষা কেনেকুৱা হ’ল সুধিবলৈ মা জীয়াই নাথাকিল (ETV Bharat Assam)

চাকৰি এটা কৰি জীৱনটোক থানথিত লগোৱাৰ সপোন দেখিছিল বৰপেটাৰ বিশ্বজিৎআৰু বৰ্ণালীয়ে ৷ সেয়ে দেওবাৰে ৰাজ্যৰ 11 লক্ষাধিক পৰীক্ষাৰ মাজৰ দুগৰাকী হৈ পাঠশালাত নিযুক্তি পৰীক্ষা দিবলৈ গৈছিল দুয়ো ৷ যোৱাৰ আগত দীৰ্ঘদিনে অসুস্থ হৈ থকা মাতৃক কৈ থৈ গ’ল- ‘‘মা আমি যাওঁ’’, দুয়োকে আশীৰ্বাদ দি থোকাথুকি মাতেৰে ‘মা’য়েও ক’লে- যোৱা ৷ সেই অনুসৰিয়ে পৰীক্ষাত বহিলগৈ বিশ্বজিৎ দাস আৰু বৰ্ণালী দাস ৷

পিচে তাৰ পিচতে ৰোগটোৱে বৰ বেছিকৈ হেঁচা মাৰি ধৰিলে বৃক্ক ৰোগত আক্ৰান্ত বিৰজা দাসক ৷ লগে লগে স্বামীয়ে বিৰজা দাসক লৈ গ’ল চিকিৎসালয়লৈ ৷ কিন্তু তেতিয়ালৈকে জীয়াই নাথাকিল বিৰজা দাস ৷ চিকিৎসকে আনুষ্ঠানিকভাৱে দিলে অসহনীয় খবৰটো ৷ তথাপি পিতৃয়ে খবৰটো নিদিলে পৰীক্ষাত বহি থকা ভাতৃ-ভগ্নীহালক ৷ কাৰণ এটাই- ‘‘মানুহগৰাকীকতো হেৰুৱালোৱেই, এই খবৰৰ বাবেই সিহঁত দুটাই যাতে চাকৰিটো নেহেৰুৱায় !’’

পৰীক্ষা শেষ কৰি অসুস্থ হৈ থকা মাকলৈ কাষলৈ ঢপলিয়াই আহিল বিশ্বজিৎআৰু বৰ্ণালী ৷ আহি দেখিলে মাতৃক ঢাকি থোৱা আছে এখন বগা কাপোৰেৰে, চোতালত ৷ পৰীক্ষা কেনেকুৱা হ’ল শুনিবলৈ ‘মা’ যে আৰু নাই, সেই কথা জানিবলৈ দুয়োৰে বাকী নাথাকিল ৷ কেউফালে কেৱল উচুপনি, কান্দোনৰ ৰোল ৷ বৰপেটাৰ ১ নং গলিয়াহাটীৰ এই ঘটনাই এতিয়া কন্দুৱাইছে খবৰটো পোৱা সকলোকে ৷

লগতে পঢ়ক : বহু চৰ্চিত নিবনুৱা সমস্যাৰ মাজতে অসমত সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা; এটা পদৰ বিপৰীতে অৱতীৰ্ণ গড়ে ৩৬০ গৰাকী প্ৰাৰ্থী

Last Updated : Sep 15, 2024, 10:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.