ETV Bharat / state

মানাহ ৰাষ্ট্ৰীয় উদ্যানত আয়োজিত পৰ্যটন দিৱসৰ সফল সমাপ্তি - World Tourism Day 2024 - WORLD TOURISM DAY 2024

Manas National Park: দিনজোৰা কাৰ্যসূচীৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানত আয়োজিত বিশ্ব পৰ্যটন দিৱসৰ সফল সমাপ্তি । ৰাষ্ট্ৰীয় উদ্যানক লৈ পৰ্যটন বিভাগে কৰি থকা নতুন পৰিকল্পনাৰ কথা উল্লেখ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ । ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান ।

Manas National Park
মানাহ ৰাষ্ট্ৰীয় উদ্যানত আয়োজিত পৰ্যটন দিৱসৰ সফল সমাপ্তি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2024, 12:49 PM IST

বাক্সা, ২৮ ছেপ্টেম্বৰ : অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ যুটীয়া উদ্যোগত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বাঁহবাৰীত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰ্যটন দিৱস ২০২৪ উদযাপন কৰা হয় । এই উপলক্ষে সন্ধিয়া ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বন্তি প্ৰজ্বলন কৰি মুকলি সভাৰ শুভাৰম্ভ কৰে । বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা মুকলি সভাত মন্ত্রী জয়ন্ত মল্লবৰুৱাই মানাহ ৰাষ্ট্ৰীয় উদ্যানক ইয়াৰ স্থানীয় ৰাইজৰ সহযোগত বছৰটোৰ ১২ মাহেই পৰ্যটকৰ বাবে খোলা ৰখাৰ চিন্তা-চৰ্চা কৰা হৈছে বুলি উল্লেখ কৰে ।

পৰ্যটন দিৱসৰ কাৰ্যসূচী

মন্ত্ৰীগৰাকীয়ে কয়, "এইবাৰ পৰ্যটন দিৱসৰ মূল থীম হৈছে পৰ্যটন আৰু শান্তি । অৰ্থাৎ পৰ্যটন আৰু শান্তি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । বিটিআৰৰ প্ৰতিটো স্থানেই পৰ্যটকৰ বাবে আকৰ্ষণীয় কিন্তু ইয়াত কিছু বছৰৰ আগলৈ শান্তিৰ অভাৱে আমাৰ পৰ্যটন ক্ষেত্ৰখনক আগুৱাই লৈ যোৱাত বাধাৰ সৃষ্টি কৰিছিল । কিন্তু এই অঞ্চলৰ যিসকল প্ৰকৃতিপ্ৰেমী তেওঁলোকৰ অশেষ চেষ্টাৰ ফলত এতিয়া শান্তি ঘূৰি আহিছে ।"

মানাহ ৰাষ্ট্ৰীয় উদ্যানত আয়োজিত পৰ্যটন দিৱসৰ সফল সমাপ্তি (ETV Bharat)

দক্ষতা শিক্ষাক লৈ চৰকাৰৰ পৰিকল্পনা

প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যান দীঘলীয়া সময়ৰ বাবে খোলা ৰাখি পৰ্যটন উদ্যোগটো আগবঢ়াই নিয়াৰ চিন্তা-চৰ্চা কৰি থকা হৈছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । জয়ন্ত মল্লবৰুৱাই কয়, "উচ্চ শিক্ষা সঞ্চালকালয়ৰ সৈতে দক্ষতা শিক্ষা সন্দৰ্ভত আলোচনা কৰি থকা হৈছে । বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত দক্ষতা শিক্ষা কেনেদৰে অন্তৰ্ভুক্ত কৰিব পাৰি তাৰো চিন্তা-চৰ্চা কৰি থকা হৈছে । মহাবিদ্যালয়সমূহত পৰ্যটন বিষয়টো বৃত্তিমূখী বিষয় হিচাপে আছে । ইয়াক কেনেকৈ নিয়মীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব পৰা যাব এই ধৰণৰ এক পৰিকল্পনা কৰি থকা হৈছে ।"

বেদখল সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি চৰকাৰে কোনো কাৰণতে বন্যভূমিৰ বেদখল মানি নলয় । পৰ্যটন দিৱসৰ অনুষ্ঠানত বিধায়ক ফণীধৰ তালুকদাৰ, বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, বিটিআৰৰ পাৰিষদ মন্টু বড়োকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই সভাতে ৰাজ্যৰ পৰ্যটন বিভাগে অনুষ্ঠিত কৰা ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয় । লগতে বছৰটোৰ শ্ৰেষ্ঠ ট্যুৰিষ্ট গাইডগৰাকীকো বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক :বিশ্ব পৰ্যটন দিৱসৰ দিনাই পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যান - Manas National Park

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.