ETV Bharat / state

বাসুগাঁৱত সন্দেহজনক তিনি কে এল অ’ সদস্য আটক; বোমা উদ্ধাৰ - THREE KLO DETAINED WITH BOMB - THREE KLO DETAINED WITH BOMB

Bomb recovered in Basugaon : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে আহিছে এক ডাঙৰ খবৰ ৷ চিৰাং জিলাৰ বাসুগাঁৱত আটক হৈছে তিনিগৰাকীকৈ কে এল অ’ সদস্য ৷ সদস্য কেইগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে চম্পাৱতী নৈৰ সমীপৰ পৰা বালিত পুতি থোৱা এটা বোমাও কৰিছে উদ্ধাৰ ৷ পঢ়ক সবিশেষ...

Bomb recovered in Basugaon
কে এল অ’ সদস্য আটক
author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 12:39 PM IST

কে এল অ’ সদস্য আটক

চিৰাং, 2 মে’: নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা চিৰাং জিলাৰ বাসুগাঁও চহৰ ৷ জিলাখনৰ বাসুগাঁৱত বুধবাৰে নিশা গ্ৰেপ্তাৰ তিনিজনকৈ কে এল অ’ সদস্য ৷ সমাগত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অহা এই খবৰে স্বাভাৱিকতে চাঞ্চল্য সৃষ্টি কৰিছে জিলাখনত ৷

প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত চহৰখনত চলাইছিল এক অভিযান ৷ এই অভিযান চলাই আটক কৰে তিনিজনকৈ কে এল অ’ সদস্য ৷ আটকাধীন তিনি সদস্য ক্ৰমে বাসুগাঁও চহৰৰ হেকইপাৰাৰ ৰবীন বৰ্মন ওৰফে লংকেশ্বৰ কোঁচ ওৰফে লম্বু, কোকৰাঝাৰৰ গোঁসাইগাঁৱৰ উৎপল ৰায় ওৰফে পংকজ কোঁচ আৰু বঙাইগাঁও জিলাৰ নয়টামাৰা প্ৰথম খণ্ডৰ ধনঞ্জয় বৰ্মন ৷

আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি, সংগঠনটোৰ সদস্যসকলে কিছুদিনৰ পৰা বাসুগাঁও চহৰৰ বিভিন্ন ব্যক্তিক ধন দাবী কৰি আহিছিল ৷ চহৰখনৰ ষ্টেচনৰোডৰ এখন হোটেলত বাহৰ পাতি থকা অৱস্থাত আৰক্ষীয়ে এই কে এল অ’ সদস্য কেইজনক আটক কৰে ৷ আটকাধীন সদস্য কেইজনক লগত লৈ আৰক্ষীয়ে বুধবাৰে ওৰে নিশা চলায় অভিযান ৷

এই অভিযানৰ অন্তত বৃহস্পতিবাৰে পুৱতি নিশা বাসুগাঁও চহৰৰ কচুদোলা গাঁৱৰ সমীপেৰে বৈ যোৱা চম্পাৱতী নৈৰ পাৰত বালিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা বোমা ৷ কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যে সংগঠনটোৰ সদস্য কেইজনে বোমাটো নৈৰ পাৰত লুকুৱাই ৰখা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে ৷

কিছুদিন পূৰ্বে কোকৰাঝাৰৰ দোতমাত গ্ৰেণেড নিক্ষেপ কৰা ঘটনাৰ সৈতে জড়িত চাৰি কে এল অ' সদস্যক আটক কৰিছিল আৰক্ষীয়ে ৷ বাংলাদেশত আশ্ৰয় লৈ থকা কে এল অ’ নেতা হৰিপ্ৰসাদ ৰায়ৰ নিৰ্দেশমৰ্মে ধন দাবী কৰাৰ দৰে কাৰ্যত জড়িত আছিল আটকাধীন সদস্য কেইগৰাকী ৷

লগতে পঢ়ক: গ্ৰেনেড নিক্ষেপ কৰা ঘটনাৰ সতে জড়িত চাৰি কে এল অ' সদস্যক আটক - Four KLO Members Arrested

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.