ETV Bharat / state

অধ্যক্ষলৈ ভাবুকিভৰা ফোন: পাঁচ লাখৰ ছুপাৰি পাইছো, দুই লাখ দিয়ক, আপোনাক নামাৰো - Death threats to school principal

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 9:24 PM IST

DEATH THREATS: অধ্যক্ষক হত্যাৰ মুকলি ভাবুকি, ধিঙত অব্যাহত চাঞ্চল্য । আৰক্ষীৰ জালত পৰা আশ্ৰাফুলে অধ্যক্ষক কিয় দিছিল হত্যাৰ ভাবুকি ? অধ্যক্ষক হত্যা কৰিবলৈ কাৰ পৰা ছুপাৰি লৈছিল ধৃত আশ্ৰাফুলে ? ই টিভি ভাৰতৰ হাতত অধ্যক্ষক হত্যাৰ ভাবুকি দিয়া Exclusive ফোন ৰেকৰ্ডিং । কি আছে এই ফোন ৰেকৰ্ডিঙত ?

SUPARI KILLING
DEATH THREATS TO SCHOOL PRINCIPAL (ETV Bharat Assam)

নগাঁও, 24 মে’: এগৰাকী অধ্যক্ষক ফোনযোগে হত্যাৰ মুকলি ভাবুকি প্ৰদান কৰি এজন যুৱক আৰক্ষীৰ জালত পৰা ঘটনাক কেন্দ্ৰ কৰি আজিও চাঞ্চল্য অব্যাহত আছে ধিঙৰ লগতে মৈৰাবাৰী অঞ্চলত । মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল কদ্দুছক হত্যাৰ ভাবুকি ৷

অধ্যক্ষক হত্যাৰ মুকলি ভাবুকি (ETV Bharat Assam)

ফোনযোগে দিছিল হত্যাৰ ভাবুকি: চলিত মাহৰ 9 তাৰিখেই আব্দুল কদ্দুছক হত্যাৰ ভাবুকি দিয়া হৈছিল এটা ফোনকলত । 9 তাৰিখে ফোনযোগে দিয়া ভাবুকিৰ সম্পূৰ্ণ কল ৰেকৰ্ড কৰি ৰাখিছিল অধ্যক্ষ আব্দুল কদ্দুছে । সেই সময়ত বিদ্যালয়ৰ কাৰ্যালয়তে আছিল অধ্যক্ষ আব্দুল কদ্দুছ । হঠাৎ এটা অচিনাকী নম্বৰৰ ফোনটো আহিছিল অধ্যক্ষ আব্দুল কদ্দুছৰ মোবাইললৈ । লগে মানুহৰ কাষৰ পৰা কিছু আঁতৰি যাবলৈ কৈছিল অধ্যক্ষগৰাকীক ।

ছুপাৰি কিলাৰে কি কৈছিল ফোনত: ব্যক্তিজনে অধ্যক্ষগৰাকীক কৈছিল “আপোনাক পাঁচদিনৰ ভিতৰতে হত্যা কৰা হ’ব, আপোনাক অথবা আপোনাৰ পত্নী নহ’লে কণিষ্ঠ সন্তানক ক্ষতি কৰা হ’ব । আপোনাক হত্যা কৰিবলৈ মোক এজনে পাঁচ লাখ টকা দিছে ৷” কিন্তু প্ৰত্যুত্তৰত অধ্যক্ষগৰাকীয়ে কি অন্যায় কৰিলে আৰু কোনে পাঁচ লাখ টকা দিলে, সেই বিষয়ে জানিব বিচাৰে ৷ তেতিয়া অচিনাকি ব্যক্তিজনে পুনৰ কয়, “আপুনি ভাল মানুহ কাৰণেই আপোনাক হত্যা নকৰো ৷ আপুনি এদিনৰ ভিতৰত দুই লাখ টকা দিয়ক । এদিনৰ ভিতৰত দুই লাখ টকা নিদিলে পাঁচ দিনৰ ভিতৰতে আপোনাক নহ’লে আপোনাৰ পত্নী অথবা সন্তান যিকোনো এজনক ক্ষতি কৰা হ’ব ।” এদিনৰ ভিতৰত টকা নিদিলে পিছদিনৰ পৰাই গেইম ষ্টাৰ্ট হৈ যাব বুলিও ফোন ৰেকৰ্ডিংটোত স্পষ্ট কৈছে যুৱকজনে ।

শেহতীয়াকৈ ই টিভি ভাৰতৰ হাতত পৰিছে এই ফোন ৰেকৰ্ডিংটো । যিটো ফোন ফোনকলে অধ্যক্ষগৰাকীৰ লগতে পৰিয়ালৰ লোককো বিগত কিছুদিন ধৰি আতংকিত কৰি ৰাখিছে । অধ্যক্ষ আব্দুল কদ্দুছে স্থানীয় ধিং আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত অৱশেষত বুধবাৰে নিশা ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অধ্যক্ষক ভাবুকি প্ৰদান কৰা ধিং কান্দুলিমাৰীৰ যুৱক আশ্ৰাফুল ইছলামক ।

আশ্ৰাফুলে অধ্যক্ষক কিয় দিছিল হত্যাৰ ভাবুকি: নগাঁৱৰ ধিং আৰক্ষী থানাৰ এলেকাধীন ধিং কান্দুলিমাৰীৰ যুৱক আশ্ৰাফুল ইছলামে দুই লাখ টকা দাবী কৰি হত্যাৰ ভাবুকি প্ৰদান কৰিছিল বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল কদ্দুছক । তেওঁক হত্যা কৰিবলৈ কোনো বিশেষ ব্যক্তিৰ পৰা পাঁচ লাখ টকাৰ ছুপাৰি লোৱা বুলিও স্পষ্টকৈ উল্লেখ কৰিছে অধ্যক্ষলৈ কৰা ফোন কলত ।

অধ্যক্ষক হত্যা কৰিবলৈ কোনে দিছিল পাঁচ লাখ টকা: বুধবাৰে ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধিং কান্দুলিমাৰীৰ আশ্ৰাফুল ইছলামক কোনে পাঁচ লাখ টকা ছুপাৰি দিছিল অধ্যক্ষ আব্দুল কদ্দুছক হত্যা কৰিবলৈ ? এই তথ্য লাভ কৰিবলৈ ধিং আৰক্ষীয়ে মাৰাথন জেৰা চলাইছিল ধৃত আশ্ৰাফুল ইছলামক । কিন্তু আৰক্ষীৰ জেৰাত নিজকে ছুপাৰি কিলাৰ বুলি পৰিচয় দিয়া আশ্ৰাফুলে আৰক্ষীক কি স্বীকাৰোক্তি প্ৰদান কৰিছে তদন্তৰ খাতিৰত এই কথা জানিবলৈ দিয়া নাই আৰক্ষীয়ে ।

ইপিনে, ধৃত আশ্ৰাফুলক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰি বিষয়টো অনুসন্ধানৰ লগতে অভিযান অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.