ETV Bharat / state

এই বাজেট প্ৰসংগত নেতিবাচক দিশত ক’বলগীয়া নাই : শম্ভুনাথ সিং - INDIA BUDGET 2024 - INDIA BUDGET 2024

Prof Shambhu Nath Singh on union budget: কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেট সন্দৰ্ভত ভিন্নজনৰ প্ৰতিক্ৰিয়া অব্যাহত ৷ এই বাজেট উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অসমৰ বাবে বিশেষভাৱে লাভজনক বুলি মন্তব্য কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ শম্ভুনাথ সিঙে ৷

INDIA BUDGET 2024
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ শম্ভুনাথ সিং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 5:23 PM IST

Updated : Jul 24, 2024, 5:43 PM IST

তেজপুৰ, ২৪ জুলাই: দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে দাখিল কৰা বাজেটখন সম্পূৰ্ণ মনোগ্ৰাহী ৷ বাজেটখন সকলোৰে বাবে উপযোগী বুলি মন্তব্য কৰিছে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ শম্ভুনাথ সিঙে ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সিঙে বাজেট সন্দৰ্ভত কয় যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কেন্দ্ৰীয় বাজেটখনত ইতিবাচক সম্ভাৱনা আছে ৷ বাজেটত বিভিন্ন দিশ আছে, যিবোৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতি সাধন কৰিব পাৰে ৷

এইবাৰৰ বাজেটখন ভাল বাজেট বুলি উপাচাৰ্যৰ মন্তব্য (ETV Bharat Assam)

লগতে পঢ়ক: কেন্দ্ৰৰ বাজেটত অসমৰ বাবে আছে কি ? বিৰোধীৰ সৰৱ প্ৰতিক্ৰিয়া - INDIA BUDGET 2024

সিঙে লগতে কয় যে, এই বাজেটত অসম আৰু উত্তৰ-পূবৰ বাবে আৱণ্টন দিয়া হৈছে 1,00,893.23 কোটি টকা ৷ ৰাজ্যৰ উন্নয়নৰ বাবদ অধিক সংখ্যক ধনৰ আবণ্টন দিয়াৰ বাবেই কেন্দ্ৰীয় চৰকাৰ ধন্যবাদৰ পাত্ৰ ৷

কৰৰ প্ৰসংগত উপাচাৰ্যগৰাকীয়ে কৰ এক পৃথক বস্তু বুলি কয় ৷ পূৰ্বৰ চৰকাৰেও কৰৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও বিশ্লেষণ কৰিলে দেখা যায় যে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত বিশেষকৈ অসমৰ বাবে এইবাৰৰ বাজেটখন ভাল বাজেট বুলি মন্তব্য কৰে ৷ বাজেটখনৰ সন্দৰ্ভত নকৰাত্মক দিশত কোনো মন্তব্য দিবলগীয়া নাই বুলি সিঙে কয় ৷

লগতে পঢ়ক: বিষয় বাজেট: প্ৰধানমন্ত্ৰী-বিত্তমন্ত্ৰীক ধন্যবাদ জনাই ড৹ শৰ্মাই ক’লে- দ্ৰুতগতিত বিকাশ হ’ব ভাৰতৰ - INDIA BUDGET 2024

বাজেট সন্দৰ্ভত দিয়া ভাষণত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে, বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিশেষকৈ অসমৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব ৷ লগতে বান সমস্যা নিৰ্মূলকৰণ আৰু ইয়াৰ লগত জড়িত বিষয়সমূহৰ বাবে অসমক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বেংকিং ব্যৱস্থাৰ উন্নয়ন সাধন কৰিবলৈ ভাৰতীয় ডাক বেংকৰ 1,000 টা নতুন শাখা স্থাপন কৰিব ৷

আনহাতে, লোকসভা নিৰ্বাচনৰ পূৰ্বে দাখিল কৰা অন্তৱৰ্তীকালীন বাজেটতকৈ এইবাৰ 4 হাজাৰ কোটি টকাৰ অতিৰিক্ত আৱণ্টন বাজেটত উল্লেখ কৰা হৈছে ৷ যাৰ পৰিমাণ অন্তৱৰ্তীকালীন বাজেটত আছিল 94,679.53 কোটি টকা ৷ এনে কেতবোৰ কাৰণতে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ সিঙে এই বাজেট উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অসমৰ বাবে বহুগুণে ভাল বুলি সদৰী কৰে ৷

লগতে পঢ়ক: বিত্তমন্ত্ৰীৰ এই বাজেট সম্পূৰ্ণ নিৰাশাজনক: গৌৰৱ গগৈ - India Budget 2024

Last Updated : Jul 24, 2024, 5:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.