ETV Bharat / state

পেট্ৰ’ল ভৰোৱাৰ পূৰ্বে সাৱধান হওঁক; পেট্ৰ’লৰ নামত আপুনিও ভৰাইছে নেকি পানী ? - tense situation in petrol pump

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 1:19 PM IST

Adulterated petrol : আপুনি মই সকলোৱে প্ৰতিদিনে বাহনত ব্যৱহাৰ কৰিবলগীয়া হয় পেট্ৰ’ল ৷ বাহনখন সঠিকভাৱে চলিবলৈ প্ৰয়োজন পেট্ৰ’লৰ ৷ কিন্তু এতিয়াৰে পৰা পেট্ৰ’ল ভৰোৱাৰ পূৰ্বে আপুনি সাৱধান হওঁক ৷ কিয়নো ভেজাল পেট্ৰ’লক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ গেলাপুখুৰীত উত্তপ্ত পৰিস্থিতি ৷

tense situation in Gelapukhuri bharat petrol depot regarding adulteration of petrol
পেট্ৰ’ল ভৰোৱাৰ পূৰ্বে সাৱধান হওঁক (ETV BHARAT ASSAM)

তিনিচুকীয়া, 1 জুন: তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত ভাৰত পেট্ৰ’লিয়াম তেল ডিপোৰ বিৰুদ্ধে উঠিছে ভেজাল তেল যোগানৰ গুৰুতৰ অভিযোগ ৷ ডিপোটোত তেল ভৰোৱাৰ কিছু সময়ৰ পাছতে ইঞ্জিন বিকল হোৱাৰ অভিযোগ তুলিছে বহু দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ গৰাকীয়ে ৷ স্থানীয় গেলাপুখুৰীৰ লগতে বিভিন্ন প্ৰান্তৰ দুচকীয়া আৰু চাৰিচকীয়া বাহনত পেট্ৰ’ল ভৰাই কিছুদূৰ যোৱাৰ পাছতে ইঞ্জিন বন্ধ হৈ যোৱাৰ অভিযোগ তুলিছে কুৰিৰো অধিক গ্ৰাহকে ৷

সমগ্ৰ ঘটনা সন্দৰ্ভত মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গগৈৰ নেতৃত্বত এটা সজাতি দল ঘটনাস্থলীত উপস্থিত হৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে প্ৰশাসনক এইক্ষেত্ৰত উচিত ব্যৱস্থা ল’বলৈ আহ্বান জনায় ৷ ইফালে, ডিপোটোৰগৰাকীয়ে সমগ্ৰ ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি চৰকাৰী আদেশ অনুসৰি ইথানল সংমিশ্ৰণ কৰাৰ বাবেই এনে হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক ভুক্তভোগী লোকে ডিপোটোত উপস্থিত হৈ মালিকপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি পেট্ৰল’ৰ বিপৰীতে আইৰণ পানী যোগান ধৰা বুলি অভিযোগ তোলে ৷ লগতে যদিহে তেওঁলোকৰ বাহনবোৰত কোনো সমস্যাই দেখা দিয়ে তেন্তে ডিপোটোৰ স্বত্বাধিকাৰীয়ে সকলো খৰচ বহণ কৰিব লাগিব বুলি দাবী তোলে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ কৰা প্ৰয়োজন যে, শনিবাৰৰ দিনটোতো উক্ত তেল ডিপোটোৰ পৰা পেট্ৰ’ল ভৰোৱা অধিকাংশ বাহনতেই এনে সমস্যাই দেখা দিয়া বুলি গ্ৰাহকে জনায় ৷ আনকি ডিপোটোৰগৰাকীৰ স্কুটিখনতো তেল ডিপোটোৰ পৰা পেট্ৰ’ল ভৰোৱাৰ পাচত একে সমস্যাই দেখা দিয়া বুলি নিজ মুখে স্বীকাৰ কৰে সংবাদ মাধ্যমৰ আগত ।

লগতে পঢ়ক: পেট্ৰ'ল পাম্পত প্ৰৱঞ্চনা : কম পৰিমাণে ডিজেল দিয়াক লৈ উত্তপ্ত পৰিস্থিতি - Petrol pump cheating

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.