ETV Bharat / state

থাকিবলৈ এটা পকীগৃহ, জীৱন যাপনৰ সামান্য সুবিধা বিচাৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ - Tea Workers Protest

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 9:05 AM IST

Tea labour protest in Rangapara: ৰঙাপৰাৰ মইনাজুলি চাহ বাগিচাত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ধৰ্ণা । শীঘ্ৰে সমস্য়া সমাধানৰ দাবী ।

Tea labour protest in Rangapara
মইনাজুলি চাহ বাগিচাত ধৰ্ণা (ETV BHARAT ASSAM)

ৰঙাপৰা, ১০ জুলাই: শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ মইনাজুলি চাহ বাগিচাত মঙলবাৰে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই চাহ শ্রমিকে ভুগি অহা বিভিন্ন সমস্যা সমাধানৰ দাবীত ধৰ্ণা কার্যসূচী ৰূপায়ণ কৰে । চাহ বাগিচাখনৰ শ্রমিকসকলে কৰ্তব্যস্থলীলৈ যোৱাৰ পূৰ্বে ধূলাপাদুং চাহ বাগিচাৰ অধীনস্থ মইনাজুলি শাখা কার্যালয়ৰ সন্মুখত দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদকাৰীসকলে হাতে হাতে পতাকা আৰু বেনাৰ লৈ 'আমাৰ দাবী মানিবই লাগিব', 'কেঁচা পকী আৱাস গৃহবোৰ মেৰামতি কৰক' আদি শ্লগানেৰে কাৰ্যালয়ৰ চৌহদত উত্তাল কৰে । প্ৰতিবাদস্থলীত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰয়েল চৰেং, চি পি আই (এম)ৰ নেতা ভবানন্দ ৰায়কে ধৰি স্থানীয় কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক: চাহ শ্ৰমিকক উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ দাবী : অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদ - Protest in Tinsukia

শ্রমিক নেতা ৰয়েল চৰেঙে এই সন্দৰ্ভত কয়, ‘‘বিগত তিনি বছৰ ধৰি চাহ বাগিচাৰ কৰ্তৃপক্ষই শ্রমিকসকলে বসবাস কৰি থকা কেঁচা গৃহবোৰ মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই । যাৰ ফলত শ্ৰমিক ৰাইজে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চাহ বাগিচাৰ প্ৰত্যেক গৰাকী শ্রমিকক পকী গৃহ নিৰ্মাণ কৰা আৰু বাট-পথৰ উন্নয়ন কৰাৰ কথা কৈছিল যদিও সেয়া প্ৰকৃতাৰ্থ হৈ উঠা নাই ।’’

মইনাজুলি চাহ বাগিচাৰ কাৰ্যালয় আৰু মইনাজুলি প্রাথমিক বিদ্যালয়লৈ যোৱা পথচোৱা অতি বিধ্বস্ত হোৱা সন্দৰ্ভত শ্রমিক নেতাগৰাকীয়ে কয়, "অতি দুর্ভাগ্যজনক কথা এই যে উক্ত গুৰুত্বপূৰ্ণ পথচোৱা মেৰামতি কৰি লোৱাৰ ক্ষেত্ৰত বাগিচাখনৰ কৰ্তৃপক্ষ‍ই কাণসাৰ দিয়া নাই । শ্রমিক ৰাইজৰ লগতে ছাত্র-ছাত্রীসকলে বোকা-পানী গছকি যাতায়ত কৰিবলগীয়া হৈছে । এয়া হ'ল বিজেপি চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ ।"

লগতে পঢ়ক: আৰু কিমান ভূগিব লাগিব ৰাজ্যৰ চাহ শ্ৰমিকে ? - Tea Estate Labour Protest

মইনাজুলি বাগিচাত উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা, ভৱিষ্য নিধিৰ ধন অতি শীঘ্ৰেই মুকলি, খৰি যোগান ধৰা, বাগিচাৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত শিক্ষক নিযুক্তি প্রদান, ছাতি আদিকে ধৰি প্ৰয়োজনীয় সামগ্রী সমূহ সমাধান কৰাৰ দাবী উত্থাপন কৰে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই ।

অনাগত দিনত যদি শ্ৰমিকৰ সমস্যাসমূহ সমাধানত কোম্পানীৰ মালিকপক্ষই ব্যর্থ হয় তেতিয়াহ'লে অনাগত দিনত অখিল ভাৰতীয় চাহ মজদুৰ সংঘই পুনৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি শ্রমিক নেতাগৰাকীয়ে সকীয়াই দিয়ে । চাহ শ্ৰমিকৰ সমস্যাসমূহ সমাধানৰ দাবীত অহা ২৯ জুলাইত তেজপুৰস্থিত শ্রম বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ কথা শ্রমিক নেতাগৰাকীয়ে সদৰী কৰি ৰাইজৰ সহযোগিতা কামনা কৰে ।

প্রতিবাদস্থলীত এজন স্থায়ী শ্রমিকে পৰিচালক গৰাকীৰ আগত আক্ষেপ প্রকাশ কৰি কয় যে পূৰ্বৰ কোম্পানীৰ হাতত থকা মইনাজুলি চাহ বাগিচাখন অন্য এটা কোম্পানীয়ে ক্ৰয় কৰাৰ পাচত শ্ৰমিক ৰাইজে সমস্যাসমূহ সমাধান হ'ব বুলি আশা কৰিছিল । কিন্তু সেয়া আশা কৰা ধৰণে হৈ নুঠিল । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ প্ৰতিখন চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকৰ বাসগৃহবোৰ পকী হোৱাৰ কথা ঘোষণা কৰাৰ পাচতো গৃহবোৰ জৰাজীৰ্ণ অৱস্থাত পেলাই থ'লে । ইয়াৰ পিচতেই মইনাজুলি চাহবাগিচা শাখা কমিটীৰ সভাপতি আৰু সম্পাদক গৰাকীয়ে স্বাক্ষৰ প্ৰদান কৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ চাহ বাগিচাৰ পৰিচালকৰ হাতত অৰ্পন কৰে ।

লগতে পঢ়ক: প্ৰাপ্য বিচাৰি গহপুৰ হেলেম চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ - Tea workers protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.