ETV Bharat / state

এখন ভৰিৰেই কৃষিকৰ্মৰে আদৰ্শ দেখুৱাইছে খোৱাঙৰ এজন কৃষকে - SPECIALLY ABLE FARMER OF KHOWANG

হাতত পেং লৈয়ে একেডোখৰ মাটিত দুটাকৈ খেতি কৰি দেখুৱাইছে তেওঁ । কোনো দিনেই হতাশ নোহোৱা কৰ্ণজিৎ বৰা এতিয়া প্ৰেৰণাৰ উৎস ।

specially able farmer of Khowang
এখন ভৰিৰেই কৃষিকৰ্মৰে আদৰ্শ দেখুৱাইছে খোৱাঙৰ এজন কৃষকে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 5, 2024, 1:28 PM IST

ডিব্ৰুগড় : আধুনিক আৰু ভোগবাদী সমাজ জীৱনত এতিয়া সকলো ব্যস্ত নিজক লৈ । আনতকৈ নিজক বেছি ধনৱন্ত কৰি সুখী জীৱন কটোৱাৰ বাবে প্ৰতিদিনে চলিছে প্ৰতিযোগিতা । এক অঘোষিত প্ৰতিযোগিতা প্ৰতিদিনেই চলিছে সমাজত । সুস্থ-সবল প্ৰতিজনে চৰকাৰী চাকৰি, ধন-সম্পত্তিৰ বাবে নিজক ব্যস্ত কৰি ৰাখিছে । যদি ভবা মতে সকলো হৈ নুঠে তেতিয়া হতাশাত ভুগি বহুতেই কয় মূল্যহীন এই জীৱন, জীয়াই থাকিবলৈ মন নোযোৱা হ'ল ।

কিন্তু আমি ভাবি চাওঁনে আমাৰ সমাজত থকা বিশেষভাৱে সক্ষমসকলে কেনেকৈ জীৱন আগবঢ়াই নিছে । যাৰ এখন ভৰি নাই তেওঁ বাৰু কেনেকৈ জীৱনৰ সৈতে সংগ্ৰাম কৰিছে । যদি তেওঁ দৰিদ্ৰ হয়, তেতিযা তেওঁ নিজৰ বাবে, পৰিয়ালটোৰ বাবে কেনেকৈ কৰিব জীৱন সংগ্ৰাম ?

তেনে এক জীৱন সংগ্ৰামৰ বাস্তৱ ছবি আজি আমি দেখুৱাম । আনে দুৰ্বল বুলি ভাবিলেও নিজৰ দৃঢ় মনোবলৰ বাবেই কঠোৰ জীৱনশৈলীক কৰি তুলিছে সহজ । হয়, হাতত পেং লৈ জীৱন সংগ্ৰামৰ বাট বুলিছে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এজন ব্যক্তিয়ে ।

এখন ভৰিৰেই কৃষিকৰ্মৰে আদৰ্শ দেখুৱাইছে খোৱাঙৰ এজন কৃষকে (ETV Bharat Assam)

মনৰ ইচ্ছাশক্তি যদি প্ৰবল হয়, তেন্তে কোনো শাৰীৰিক প্ৰতিবন্ধকতাই জীৱন বাটত হেঙাৰ সৃষ্টি কৰিব নোৱাৰে । তাৰেই নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এজন ব্যক্তিয়ে । খোৱাং কটকীপুখুৰীৰ কৰ্ণজিৎ বৰা (অকন) নামৰ ব্যক্তিজন আজিৰে পৰা ১০ বছৰৰ পূৰ্বে গছৰ পৰা পৰি এখন ভৰি ভাগি পংগু হৈ পৰিছিল । কিন্তু ব্যক্তিজনে পংগুত্বৰ মাজেৰে কৃষিকৰ্ম কৰি জীৱন সংগ্ৰাম চলাই গৈছে ।

কৰ্ণজিৎ বৰাৰ পৰিয়ালত আছে পত্নী আৰু কন্যা । কন্যাগৰাকী বৰ্তমান বিদ্যালয়ত অধ্যয়নৰত । পূৰ্বতে বিভিন্ন ব্যৱসায় কৰি ব্যক্তিজনে পৰিয়াল চলাইছিল যদিও এতিয়া পংগু হৈ পৰাৰ পিছত পৰিয়াল চলাই নিয়াৰ ক্ষেত্ৰত সমস্যাই দেখা দিলে ।

হাতত পেং লৈ একেডোখৰ মাটিত দুটাকৈ খেতি কৰি দেখুৱাইছে আদৰ্শ

এখন ভৰি হেৰুৱাই অসহায় হৈ পৰা কৰ্ণজিৎ বৰা কিন্তু হতাশ হোৱা নাছিল । পত্নী-কন্যাৰ সৈতে থকা দৰিদ্ৰ পৰিয়ালটো চলাই নিবলৈ মনত অদম্য সাহস বান্ধি খেতি কৰাৰ বাবে সিদ্ধান্ত লৈ আগবাঢ়ে কৰ্ণজিৎ বৰা । শাৰিৰীক অক্ষমতাক আওকাণ কৰি ব্যক্তিজনে বুঢ়ীদিহিং মথাউৰিৰ নিচেই কাষতে থকা নিজা ১২ বিঘা মাটিত খেতি কৰিবলৈ আৰম্ভ কৰে । ধানখেতি কৰাৰ পিছত বৰ্তমান ৰঙালাও, জাতিলাও, লাই, সৰিয়হ, মাটিমাহ আদি ৰবিশস্যৰ খেতি কৰিছে ব্যক্তিজনে । এখন ভৰিৰেই হাতত পেং লৈ কৰিছে পাচলিৰ খেতিসমূহ ।

ইয়াৰ পৰা যি দুই-এপইচা উপাৰ্জন হয় তাৰে কন্যাৰ পঢ়া খৰচৰ লগতে পৰিয়াল চলাই নিছে । চৰকাৰৰ কৃষি বিভাগৰ কোনো আঁ‌চনিয়ে ঢুকি নোপোৱা ব্যক্তিজনৰ কৰ্মৰাজি সামাজিক মাধ্যমতো চৰ্চিত হৈছে ।

চৰকাৰৰ দৃষ্টিৰ পৰা আজিও উপেক্ষিত কৰ্ণজিৎ বৰা

চৰকাৰে এখনৰ পাছত আন এখন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে যদিও চৰকাৰৰ দৃষ্টিৰ পৰা আজিও উপেক্ষিত কৰ্ণজিৎ বৰাৰ দৰে বিশেষভাৱে সক্ষম ব্যক্তিসকল । এখন ভৰিৰে গৈ জনপ্ৰতিনিধিক আবেদন কৰিও নাপালে চৰকাৰী এটা আবাস । খৰাং বতৰে আহুকাল সৃষ্টি কৰা ব্যক্তিজনৰ কৃষিকৰ্মত পানীৰ বাবে নাই কোনো উন্নত প্ৰযুক্তি । চৰকাৰৰ কৃষক নিধিৰ ধনো নাপায় ব্যক্তিজনে ।

চৰকাৰে যদি ব্যক্তিজনক অলপ সহায় কৰে, তেন্তে তেওঁ এই সংগ্ৰামত বাট বুলিবলৈ সহজ হ'ব বুলি ৰাইজে আশা কৰিছে ।

কোনো দিনেই হতাশ নোহোৱা কৰ্ণজিৎ বৰা এতিয়া প্ৰেৰণাৰ উৎস

কৰ্ণজিৎ বৰাই নিজৰ মনৰ প্ৰবল ইচ্ছাৰ শক্তিৰে জটিল জীৱনক কৰি তুলিছে সহজ । কোনো দিনেই হতাশ নোহোৱা কৰ্ণজিৎ বৰা এতিয়া প্ৰেৰণাৰ উৎস । স্থানীয় ৰাইজৰ মতে কৰ্ণজিৎ বৰাৰ কষ্টকৰ জীৱন সংগ্ৰাম দেখি আমি অনুপ্ৰাণিত হওঁ । চৰকাৰে ব্যক্তিজনক যাতে কিছু সহায় কৰে তাৰ বাবে স্থানীয় ৰাইজে আহ্বান জনাইছে ।

লগতে পঢ়ক :চাহ খেতিৰে ২ লাখ টকা উপাৰ্জন কৰা এখন মহাবিদ্যালয়
লগতে পঢ়ক :বিদ্যালয়ৰ সাজেৰে আঘোণৰ পথাৰত দাৱনীৰ ৰূপত এজাক শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.