ETV Bharat / state

স্বামী পৰিয়ালৰ অকথ্য নিৰ্যাতনত ন-বোৱাৰীৰ মৃত্য়ু, আৰক্ষী চকী ঘেৰাও - Sensational Murder

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 9:07 PM IST

Murder in Dibrugarh: মাহ-হালধিৰ গোন্ধ নৌযাওতেই প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই । বিয়াৰ কিছুদিনৰ পাচৰে পৰাই স্বামী পৰিয়ালে চলাইছিল অকথ্য় নিৰ্যাতন ।

Murder in Dibrugarh
নাৰী নিৰ্যাতনক লৈ উত্তাল ডিব্ৰুগড় (ETV Bharat Assam)

মৰাণ, ৩ আগষ্ট : নাৰী নিৰ্যাতনক লৈ আৰক্ষী কঠোৰ হৈছে যদিও আজিও একাংশই শিক্ষা লোৱা নাই । ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাৰ মাজতে ডিব্ৰুগড়ত সংঘটিত হ'ল এক জঘন্য ঘটনা । স্বামী পৰিয়ালৰ অকথ্য নিৰ্যাতনত বিবাহৰ ৫ মাহৰ পাচতে প্ৰাণ‌ হেৰুৱালে এগৰাকী বোৱাৰীয়ে । এই অভিযোগ উত্থাপন কৰিছে মৃত ন-বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালে । ইয়াকে কেন্দ্ৰ কৰি ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকী শনিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

উল্লেখ্য যে ঘটনা অনুসৰি ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ চেংধৰা গাঁৱৰ নিকুমণি সেনাপতি (২৫) নামৰ যুৱতীগৰাকী ৫ মাহ পূৰ্বে ডিব্ৰুগড়ৰ মিলন নগৰৰ জনচ গোহাঁই নামৰ যুৱকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । নিকুমণিৰ পিতৃ-মাতৃৰ অভিযোগ অনুসৰি বিয়াৰ কিছুদিনৰ পাচৰে পৰা তেওঁক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল স্বামী পৰিয়ালে । এইদৰে নিৰ্যাতনৰ চূড়ান্ত পৰ্যায় পাই অৱশেষত নিকুমণিয়ে মৃত্যুক সাৱতি লয় ।

শাৰীৰিক নিৰ্যাতনৰ অভিযোগ পিতৃ পৰিয়ালৰ :

নিকুমণিৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰি কয়," শুকুৰবাৰে অত্যাধিক মদ্যপান কৰি স্বামীয়ে ওৰে নিশা ন-বোৱাৰী গৰাকীক শাৰীৰিক নিৰ্যাতন চলায় । এই সমগ্ৰ কথা নিজৰ বায়েকক ফোনযোগে অৱগত কৰি পিতৃগৃহলৈ গুচি অহাৰ কথা জনাইছিল নিকুমণিয়ে । ভয়ংকৰ শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হৈ স্বাস্থ্যৰ অৱনতি ঘটাত পিতৃ পৰিয়ালে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে যদিও শনিবাৰে চিকিৎসা মহাবিদ্যালয়তে মৃত্যুক আঁকোৱালি লয় নিকুমণিয়ে ।"

আৰক্ষী চকী ঘেৰাও ক্ষুব্ধ ৰাইজৰ :

ইয়াৰ পিচতেই এই ঘটনাক লৈ‌ নিকুমণিৰ পিতৃ পৰিয়ালে ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত আৰক্ষী চকী ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ইতিমধ্যে আৰক্ষীয়ে স্বামী জনচ গোঁহাই, জ্যেষ্ঠ ভাতৃ জোন গোহাঁই আৰু শাহুয়েকক গ্ৰেপ্তাৰ কৰিছে। এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাচতে এতিয়া ডিব্ৰুগড়ত চাঞ্চল্য সৃষ্টি হৈছে ।

লগতে পঢ়ক:বোৱাৰীয়েকক মৰিয়াই মৰিয়াই মাৰি পেলালে আদিত্য চেতিয়াই - Murder in Dibrugarh

মুকলি আকাশৰ তলত হত্যাৰ অভিযুক্ত; কাণসাৰ নাই বগীনদী আৰক্ষীৰ ! - women protest in lakhimpur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.