ETV Bharat / state

চাৰিখনকৈ শান্তি চুক্তি সন্দৰ্ভত কইনাধৰাত কেন্দ্ৰীয় গৃহ সচিবৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক - PEACE ACCORD WITH REBEL GROUP

কেন্দ্ৰীয় গৃহ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত চুক্তি স্বাক্ষৰ কৰা সংগঠনৰ নেতাসকলে অংশগ্ৰহণ কৰে । চাৰিখনকৈ চুক্তি সন্দৰ্ভত পৃথকে পৃথকে বৈঠক অনুষ্ঠিত হয় ।

PEACE ACCORD WITH REBEL GROUP
আলফাৰ শান্তি চুক্তিৰ ছবি (Facebook)
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 5:30 PM IST

গুৱাহাটী: ৰাজ্যৰ বিভিন্ন উগ্ৰপন্থী সংগঠনৰে হোৱা শান্তি চুক্তি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে গুৱাহাটীলৈ আহিছে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন । ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে অসমৰ বহুকেইটা উগ্ৰপন্থী সংগঠনে শান্তি চুক্তিত স্বাক্ষৰ কৰিছে যদিও চুক্তিৰ বিষয়টো আগবঢ়া নাছিল । শান্তি চুক্তিক গতি প্ৰদান কৰাৰ লক্ষ্যৰে মঙলবাৰে গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে চাৰিখনকৈ শান্তি চুক্তি সন্দৰ্ভত গুৱাহাটীৰ কইনাধৰাত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয় ।

কেন্দ্ৰীয় গৃহ সচিবগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকত চুক্তি স্বাক্ষৰ কৰা সংগঠনৰ নেতাসকলে অংশগ্ৰহণ কৰে । চাৰিখনকৈ চুক্তি সন্দৰ্ভত পৃথকে পৃথকে বৈঠক অনুষ্ঠিত হয় । দুদিনীয়া ভ্ৰমণসূচী লৈ আজি গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে প্ৰথমতে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

বৈঠকত অসম চৰকাৰৰ মুখ্য সচিব ড৹ ৰবি কোটা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অংশগ্ৰহণ কৰে । বৈঠকত উপস্থিত থাকে অসম আৰক্ষীৰ বিশেষ শাখাৰ এ ডি জি পি হীৰেন নাথ । লগতে ৰাজ্য চৰকাৰৰ গৃহ সচিবকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে ।

কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে আদিবাসী চুক্তি, কাৰ্বি চুক্তি, ডি এন এল এ চুক্তি আৰু আলফা চুক্তি সন্দৰ্ভত চুক্তি স্বাক্ষৰকাৰীসকলৰ লগত পৃথকে পৃথকে পৰ্যালোচনা বৈঠকত মিলিত হয় । দিনজোৰা এই বৈঠকৰ পাছত আত্মসমৰ্পণকাৰী উগ্ৰপন্থী সংগঠনৰ সদস্যসকলৰ পুনৰ সংস্থাপনৰ প্ৰসংগতো বিশদ আলোচনাত মিলিত হয় কেন্দ্ৰীয় সচিবগৰাকী ।

উল্লেখ্য যে কাইলৈ পুৱাৰ ভাগত কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিব । ইয়াৰ পিছত দিনৰ ভাগত অসম-মেঘালয়ৰ সীমা চুক্তিক লৈ পৰ্যালোচনা বৈঠকত মিলিত হ'ব । সেইদৰে অসম আৰু অৰুণাচলৰ সীমা চুক্তিক লৈ আন এক পৰ্যালোচনা বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় সচিবগৰাকী । আনহাতে মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানীৰ গতি সলনি সন্দৰ্ভতো কেন্দ্ৰীয় গৃহ সচিবগৰাকীৰে আলোচনা কৰিব অসম চৰকাৰে ।

চাৰিখন শান্তি চুক্তিৰ চমু আভাস :

আদিবাসী চুক্তি :

২০২২ চনৰ ১৫ ছেপ্টেম্বৰত আদিবাসীসকলৰ বিভিন্ন সমস্যাক লৈ সংগ্ৰাম চলাই অহা পাঁচটাকৈ বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল কেন্দ্ৰীয় চৰকাৰে । নতুন দিল্লীত স্বাক্ষৰিত হৈছিল ৰাজ্যৰ পাঁচটাকৈ আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি চুক্তি । আদিবাসীৰ উন্নয়নৰ স্বাৰ্থত হাতত অস্ত্ৰ তুলি লোৱা পাঁচটাকৈ উগ্ৰপন্থী সংগঠনে স্বাক্ষৰ কৰিছিল এই শান্তি চুক্তিত ।

২০১২ চনত অস্ত্ৰ সম্বৰণ কৰি শান্তি আলোচনালৈ উভতি আহিছিল সংগঠনকেইটা । ২০১৩ চনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে প্ৰথমখন শান্তি আলোচনাত মিলিত হৈছিল পাঁচটা উগ্ৰপন্থী সংগঠন । ইয়াৰ পাছতে ২০২২ চনৰ ১৫ ছেপ্টেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ‌ঐতিহাসিক শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল পাঁচটাকৈ আদিবাসী উগ্ৰপন্থী সংগঠনে ।

নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ নৰ্থ ব্লকস্থিত কাৰ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে পাঁচটা আদিবাসী বিদ্ৰোহী সংগঠন আৰু আন তিনিটা উগ্ৰপন্থী গোটৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল । চুক্তি স্বাক্ষৰ কৰা আদিবাসী বিদ্ৰোহী সংগঠন কেইটা আছিল বীৰছা কমাণ্ডো ফ’ৰ্চ (বি চি এফ), আদিবাসী পিপ’লছ আর্মী (এ পি এ), অল আদিবাসী নেশ্বনেল লিবাৰেশ্যন আৰ্মী (এ এ এন এল এ), আদিবাসী কোব্ৰা মিলিটাৰী অৱ আছাম (এ চি এম এ) আৰু চাওঁতাল টাইগাৰ ফ'ৰ্ট (এছ টি এফ) ।

কাৰ্বি শান্তি চুক্তি :

২০‍২১ চনৰ ৪ ছেপ্টেম্বৰত কেইবা দশক পুৰণি সংকটৰ অৱসান ঘটাই অসমৰ প্ৰাদেশিক অখণ্ডতা সুনিশ্চিত কৰি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ঐতিহাসিক কাৰ্বি আংলং চুক্তি স্বাক্ষৰিত হৈছিল । উক্ত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গৃহ পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে কাৰ্বি লংৰী উত্তৰ কাছাৰ পাৰ্বত্য মুক্তি বাহিনী (KLNLF), পিপলছ ডেমক্ৰেটিক কাউন্সিল অৱ কাৰ্বি লংৰী (PDCK), ইউনাইটেড পিপলছ লিবাৰেশ্যন আৰ্মি (UPLA), কাৰ্বি পিপলছ লিবাৰেশ্যন টাইগাৰ্ছ (KPLT) গোটৰ প্ৰতিনিধিসকল তথা কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল ।

এই ঐতিহাসিক চুক্তিৰ জৰিয়তে এজাহাৰৰো অধিক সশস্ত্ৰ কেডাৰে হিংসাৰ পথ পৰিহাৰ কৰি সমাজৰ মূল সুঁতিৰে সংযুক্ত হৈ পৰিছিল । চুক্তিৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে পাঁচ বছৰত ১০০০ কোটি টকাৰ এটি বিশেষ উন্নয়ন অনুদান আগবঢ়োৱাৰ লগতে অসম চৰকাৰে কাৰ্বি অঞ্চলসমূহৰ উন্নয়নৰ অৰ্থে বিশেষ প্ৰকল্প ৰূপায়ণ কৰাৰ কথা আছিল ।

আনহাতে চুক্তিখনিৰ প্ৰধান বৈশিষ্ট্যসমূহ আছিল :

নিষ্পত্তিৰ চুক্তিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদখনৰ স্বশাসনৰ বৃহত্তৰ হস্তান্তৰণ, কাৰ্বি জনসাধাৰণৰ স্বকীয়তা, ভাষা, সংস্কৃতি ইত্যাদিৰ সুৰক্ষা নিশ্চিত কৰিব আৰু অসমৰ প্ৰাদেশিক আৰু প্ৰশাসনিক অখণ্ডতাত প্ৰভাৱ বিস্তাৰ নকৰাকৈ পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহৰ উন্নয়নত গুৰুত্ব আৰোপ কৰিব । সশস্ত্ৰ গোটসমূহে হিংসাৰ পথ পৰিহাৰ কৰি এই দেশৰ আইন অনুসৰি প্ৰতিষ্ঠিত শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সন্মত হৈছে । চুক্তিখনে সশস্ত্ৰ গোটসমূহৰ কেডাৰসকলৰ পুনৰ্বাসনৰ পোষকতা কৰে ।

অসম চৰকাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত এলেকাৰ বাহিৰত বসবাস কৰা কাৰ্বি লোকসকলৰ সমনোযোগী উন্নয়নৰ অৰ্থে কাৰ্বি কল্যাণ পৰিষদ স্থাপন কৰিব । ৰাজ্যখনৰ সঞ্চিত নিধি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সম্পদৰাজিত পৰিপূৰণৰ অৰ্থে বৃদ্ধি কৰা হ’ব । এই নিষ্পত্তিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ লৈ অধিক বিধায়িনী, কার্যনিৰ্বাহক, প্ৰশাসনিক আৰু বিত্তীয় ক্ষমতা আগবঢ়োৱাৰ পোষকতা কৰিছিল ।

ডি এন এল এ চুক্তি:

২০২৩ চনৰ ২৭ এপ্ৰিলত নতুন দিল্লীত উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি চমুকৈ ডি এন এল এৰ সৈতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল । এই শান্তি চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰণালয় আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে ডি এন এল এৰ নেতৃত্ব ।

উল্লেখ্য যে ২০২৩ চনৰ এপ্ৰিল মাহৰ আৰম্ভণিতে ডি এন এল এই একপক্ষীয়ভাৱে ঘোষণা কৰা যুদ্ধবিৰতি আৰু ৬ মাহলৈ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছিল । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছিল । ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সংগঠনটোৱে ২০২১ চনৰ ছেপ্টেম্বৰত ৬ মাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছিল । মাত্ৰ কিছু বছৰ পূৰ্বে ভূমিস্থ হোৱা এই সংগঠনটোৱে ডিমা হাছাওত ইতিপূৰ্বে ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সূচনা কৰিছিল ।

একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘোষণা কৰাৰ মাত্ৰ কেইটামান দিন পূৰ্বে এই সংগঠনটোৱে সৃষ্টি কৰিছিল ৰক্তাক্ত, অগ্নিগৰ্ভা পৰিস্থিতি । সংগঠনটোৱে ২০২১ চনৰ ২৬ আগষ্টত এটা চিমেণ্ট কোম্পানীৰ ৭ খনকৈ ট্ৰাকলৈ গুলীচালনা কৰি অগ্নিসংযোগ কৰিছিল । এই ঘটনাত নিহত হৈছিল ৫ জনকৈ লোক ।

আলফা চুক্তি :

২০২৩ চনৰ ২৯ ডিচেম্বৰত প্ৰায় ১২ বছৰীয়া এক প্ৰক্ৰিয়াৰ অন্তত নতুন দিল্লীৰ নৰ্থ ব্লকত স্বাক্ষৰিত হৈছিল আলফা চৰকাৰৰ শান্তি চুক্তি । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আলফাৰ শীৰ্ষ নেতাসকলৰ সৈতে এই চুক্তি স্বাক্ষৰিত হৈছিল । আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা অবিহনেই স্বাক্ষৰিত হৈছিল চুক্তি । অসম চৰকাৰৰ ফালৰ পৰা স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিত স্বাক্ষৰ কৰিছিল ।

আলফাৰ তৰফৰ পৰা চুক্তিখনত স্বাক্ষৰ কৰিছিল সভাপতি অৰবিন্দ ৰাজখোৱা, উপ-সভাপতি প্ৰদীপ গগৈ, সাধাৰণ সম্পাদক অনুপ চেতিয়া, উপ-মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, বিত্ত সম্পাদক চিত্ৰবন হাজৰিকা, প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰী, সাংস্কৃতিক সম্পাদক প্ৰণতি ডেকা আৰু বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে ।

কি আছিল চুক্তিখনত :

  1. সমষ্টি পুনৰ গঠনৰ ফলত খিলঞ্জীয়া জনগোষ্ঠী লাভান্বিত ৯৪ খন আসনত ভৱিষ্যতে শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ নীতি অনুসৰণ ।
  2. নগৰ স্থানীয় নিকায়-পঞ্চায়তত অ'বিচিৰ বাবে সংৰক্ষণৰ বিষয়টো পৰীক্ষাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিব কমিটী ।
  3. বিদেশী-অনুপ্ৰৱেশকাৰীৰ নাম যাতে ভোটাৰ তালিকাত অন্তর্ভুক্ত হ'ব নোৱাৰে তাৰ বাবে ভোটাৰ পঞ্জীয়ন প্ৰক্ৰিয়াত শক্তিশালী নিৰীক্ষণ ব্যৱস্থা ।
  4. এজন নাগৰিকে তেওঁ বসবাস কৰা বিধানসভা সমষ্টিটোৰ ভোটাৰ তালিকাতহে নাম পঞ্জীয়ন কৰিব পাৰি । কোনো ব্যক্তিৰে এটাতকৈ অধিক সমষ্টিৰ ভোটাৰ তালিকাত নাম থাকিব নোৱাৰে ।
  5. এন আৰ চিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে দিবলগীয়া নিৰ্দেশনা কেন্দ্ৰ-ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব ।
  6. শান্তি চুক্তি স্বাক্ষৰৰ পিছত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ বাবে কেন্দ্ৰ-ৰাজ্য চৰকাৰে পদক্ষেপ ল'ব ।
  7. অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ সীমান্ত নিৰাপত্তা আৰু ছেকেণ্ড লাইন অৱ ডিফেন্স হিচাপে সীমান্ত আৰক্ষীক শক্তিশালী কৰাৰ ব্যৱস্থা ।
  8. শান্তি চুক্তি স্বাক্ষৰৰ তিনি বছৰৰ ভিতৰত ভূমি তথ্যৰ ডিজিটাইজেচন । নতুন নদী চৰসমূহক চৰকাৰী ভূমি হিচাপে গণ্য কৰা ।
  9. নির্ণায়ক ভূমিৰ বাবে আইন প্ৰণয়ন ।
  10. কৃষি ভূমিৰ সুৰক্ষা ।
  11. চৰকাৰী-বনভূমিত বেদখল প্ৰতিহত কৰা ।
  12. বেদখলমুক্ত কৰা ভূমিক লৈ ‘লেণ্ড বেংক’ স্থাপন আৰু তেনে মাটি ভূমিহীন খিলঞ্জীয়া জনগোষ্ঠীৰ লোকক আৱণ্টন ।
  13. ৰুগ্ন চাহ বাগিচাসমূহৰ সমস্যা অধ্যয়ন কৰিবলৈ কমিটী গঠন আৰু চাহ শ্ৰমিকৰ কল্যাণৰ হকে পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ ।
  14. আইকনিক/ঐতিহ্যপূৰ্ণ স্থানসমূহৰ ভূমি কেৱল স্থানীয় লোকৰ মাজতহে ক্ৰয়-বিক্ৰয়ৰ ব্যৱস্থা কৰা । তেনে স্থানসমূহত যাতে বেদখল হ'ব নোৱাৰে, তাৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ ।
  15. দিল্লীত ভূমি অধিগ্ৰহণ কৰি তাত এটা কমিউনিটী চেণ্টাৰ নিৰ্মাণৰ বাবে ধনৰ আৱণ্টন দিয়া য'ত শ্ৰীমন্ত শংকৰদেৱ আৰু লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিব পাৰি ।
  16. অসমত এখন ভিজুৱেল আর্ট ইউনিভাৰ্ছিটী স্থাপন কৰা ।
  17. উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অসমত ললিত কলা একাডেমীৰ এটা কেন্দ্ৰ স্থাপন, তেজপুৰত আৰ্কি’লজী ৰিছাৰ্চ চেণ্টাৰ স্থাপন ।
  18. ধেমাজিত থলুৱা সংগ্ৰহালয় স্থাপন ।
  19. ভাওনা সংস্কৃতিৰ সংৰক্ষণৰ হকে জামুগুৰিহাটত এটা হেৰিটেজ চেণ্টাৰ স্থাপন ।
  20. আলফা সদস্যসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব ।
  21. দুই দশক ধৰি নিৰুদ্দেশ হৈ থকা আলফাৰ ৩১ নেতা-কেডাৰৰ নিকটাত্মীয়ক বিষয়টো আৰক্ষীৰ দ্বাৰা সত্যাপন কৰাৰ অন্তত ১০ লাখকৈ বিত্তীয় সাহায্য । তদুপৰি নিৰুদ্দিষ্টৰ ৮ পত্নীক যোগ্যতা অনুসৰি স্থায়ী জীৱিকাৰ ব্যৱস্থা ।
  22. পৰৱৰ্তী ৫ বছৰত অসমৰ সামগ্ৰিক উন্নয়নৰ হকে আলফাই শিক্ষা, ৰে'লৱে, বান-খহনীয়া, উদ্যোগ, পর্যটন, ক্ৰীড়া, কৃষি, এক্ট ইষ্ট পলিচী, দক্ষতা বিকাশ, জলাশয়, পথ আৰু দলঙৰ বিশেষ প্ৰকল্প দাঙি ধৰিছে ।
  23. কেন্দ্ৰীয় চৰকাৰে অসমত মূল আন্তঃগাঁথনি খণ্ডত পৰৱৰ্তী ৫ বছৰত ১ লাখ কোটি টকা বিনিয়োগ হ'বলগীয়া ৬০টাতকৈও অধিক প্ৰকল্প ৰূপায়ণ কৰিব ।
  24. অসম চৰকাৰেও বিভিন্ন খণ্ডত ৰূপায়ণ কৰিব কেইবাটাও উন্নয়নমূলক প্ৰকল্প ।
  25. পাঁচ বছৰৰ বাবে অসমলৈ ৫,০০০ কোটিৰ বিশেষ উন্নয়ন পেকেজ। ইয়াৰে ৩,০০০ কোটি কেন্দ্ৰই আৰু ২,০০০ কোটি ৰাজ্য চৰকাৰে আদায় দিব ।
  26. গুৱাহাটীত স্থাপন হ'ব আই আই এম । স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰ আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড ৰিছাৰ্চো হ'ব স্থাপন ।
  27. চৰাইদেউ জিলাত চ্যুকাফাৰ নামেৰে বিশ্ববিদ্যালয় । গুৱাহাটীত এডুকেচন পার্ক ।
  28. ৰে'লৱে একুইপমেণ্ট মেনুফেকচাৰিং প্লেণ্ট আৰু তেল-গেছ বিষয়ক ট্ৰেইনিং স্কুল স্থাপনৰ ব্যৱস্থা ।
  29. অসমৰ বান-খহনীয়াক ‘ৰাষ্ট্ৰীয় প্ৰাধান্য' হিচাপে গণ্য কৰা হ'ব ।
  30. শান্তি চুক্তি ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ-ৰাজ্য চৰকাৰ-আলফাৰ প্ৰতিনিধিক লৈ গঠন কৰা হ'ব এখন যুটীয়া পর্যবক্ষেণকাৰী কমিটী ।

লগতে পঢ়ক: ৪৪ বছৰীয়া সংগ্ৰামৰ অন্তত ভংগ আলফা : জাতীয় বিকাশ পৰিষদ গঠনৰ ঘোষণা অনুপ চেতিয়াৰ

DNLA Surrender news : মুখ্যমন্ত্ৰীৰ হাতত অস্ত্ৰ-শস্ত্ৰ তুলি দিলে ডি এন এল এৰ 179 সদস্যই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.