ETV Bharat / state

'২৩-'২৪ বিত্তীয় বৰ্ষত অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ - Revenue collection

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 8:00 PM IST

Revenue collection: ৰাজপথত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখ ৰচিছে কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ । বিগত বৰ্ষতকৈ প্ৰায় ১০৬ কোটি টকাৰ অধিক ৰাজহ সংগ্ৰহ ।

Revenue collection
Kamrup Metro D T O

গুৱাহাটী, ১ এপ্ৰিল: কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ে অভিলেখ গঢ়িছে সৰ্বাধিক ৰাজহ সংগ্ৰহৰ । উল্লেখ্য যে গুৱাহাটীত যোৱা‌ সময়ছোৱাত যান-বাহনৰ সংখ্যা বৃদ্ধি পাইছে ।‌ তাৰ লগে লগে আইন‌ভংগ কৰা যান‌-বাহনৰ‌ সংখ্যাও পূৰ্বতকৈ বৃদ্ধি পাইছে ।‌ তাতকৈ বিশেষ মন কৰিবলগীয়া কথা যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিদেৰ্শত ৰাজ্য চৰকাৰে যান-বাহনৰ বিভিন্ন কৰৰ পৰিমাণ বৃদ্ধি কৰিছে ।

Kamrup Metro D T O
অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ

উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত কৰা‌ বাহন এখনৰ প্ৰতি ঘন্টাত বেগ সৰ্বাধিক ৮০ কিলোমিটাৰৰ বেছি‌ হ'ব নোৱাৰে । এই নিয়ম‌ ভংগ এবাৰ কৰিলে বাহন এখনে ২০০০ টকা জৰিমনা দিব লাগে । এইক্ষেত্ৰত নিয়ম ভংগ কৰা বাহনক জৰিমনা বিহাৰ‌ বাবে পৰিবহন বিভাগে ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়ে এখনকৈ ইন্টাৰচেপ্টৰ বাহন ৰখায় থয় ।

ৰাজ্যৰ পৰিবহন বিভাগে সোমবাৰে সদৰী কৰা তথ্য মতে, ২৩-২৪ বিত্তীয় বৰ্ষত কামৰূপ মহানগৰ জিলা পৰিবহন কাৰ্যালয়ে সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰিছে । অসম পৰিবহন বিভাগে সদৰী কৰা তথ্য মতে, কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ে ২৩-২৪ বিত্তীয় বৰ্ষত সৰ্বাধিক ৪৭০কোটি ১০লাখ ০৬ হাজাৰ ৪৩ টকা সংগ্ৰহ কৰিছে ।

উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ে ইয়াৰ পূৰ্বে ২২-২৩ বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহ কৰিছিল ৩৬৪ কোটি ৯৪ লাখ ৫০ হাজাৰ ৮৬৯ টকা । কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে বিগত বৰ্ষতকৈ প্ৰায় ১০৬ কোটি টকাৰ অধিক ৰাজহ সংগ্ৰহ কৰিছে বুলি পৰিবহণ বিভাগৰ তথ্যত প্ৰকাশ পাইছে ।

ইপিনে পৰিবহণ বিভাগৰ উপ-পৰিবহন আয়ুক্ত গৌতম দাসে সংবাদ মাধ্যমৰ আগত ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিৰ বাবে জিলাখনত অভিলেখ হাৰত কৰ সংগ্ৰহ হোৱা বুলি মন্তব্য কৰিছে ।‌ লগতে তেওঁ প্ৰতিজন যান-বাহনৰ মালিকক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক: ৰাজ্যত আজিৰে পৰা পুনৰ বৃদ্ধি পালে বিলাতী সুৰাৰ মূল্য - Assam Liquor Price Hike

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.