ETV Bharat / state

কিয় বাঢ়িছে খাদ্য সামগ্ৰীৰ মূল্য ? ধেমাজিত প্ৰশাসনে দিলে বিশেষ নিৰ্দেশনা - PRICE HIKE OF FOOD ITEMS - PRICE HIKE OF FOOD ITEMS

পবিত্ৰ ভাদ মাহৰ সুযোগ লৈছে নেকি ব্যৱসায়ীয়ে । হোৰাহোৰে বাঢ়িছে বুট-মগুকে আদি কৰি অন্যান্য খাদ্য সামগ্ৰীৰ মূল্য । ধেমাজিত বুটমাহত বিষক্ৰিয়া হৈ বহুলোক চিকিৎসাধীন হ’বলগীয়া হোৱাক লৈয়ো নিৰ্দেশনা প্ৰশাসনৰ ।

Reaction to price rise in food items, food poisoning in Dhemaji
কিয় বাঢ়িছে খাদ্য সামগ্ৰীৰ মূল্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 6:02 PM IST

ধেমাজি,১৩ ছেপ্টেম্বৰ: বিশাল, চুমী, তাৰ্কিকৰ কাণ্ডক লৈ এপষেক ধৰি ৰাজ্যৰ সংবাদমহল, সামাজিক মাধ্যম সকলো ব্যস্ত হৈ থকাৰ সময়তে ৰাজ্যত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম । বিশেষকৈ পবিত্ৰ ভাদ মাহত বিভিন্ন মাংগলিক অনুষ্ঠানত ব্যৱহাৰ কৰা বুট-মগুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে খুচুৰা ব্যৱসায়ীৰ লগতে সাধাৰণ গ্ৰাহক আৰু ভকত-বৈষ্ণৱক বিপদত পেলাইছে ।

কিয় বাঢ়িছে খাদ্য সামগ্ৰীৰ মূল্য (ETV Bharat Assam)

আনহাতে সমাগত বিশ্বকৰ্মা পূজালৈকে বুট-মগুৰ চৰা দামে জনসাধাৰণক জুৰুলা কৰাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে । ধেমাজি সদৰৰ দৈনিক বজাৰৰ কেইগৰাকীমান ব্যৱসায়ী আৰু গ্ৰাহকে ক’লে কেনেকৈ হঠাতে দাম বাঢ়িছে খাদ্যসামগ্ৰীৰ । বুট মাহৰ প্ৰতি কিলোত ১০০-১১০ টকা, মগু ১২০-১৩০টকা, কাবুলী বুট ১৪২-১৪৫টকা । সেইদৰে আলু প্ৰতি কিলোত ৩০-৩৬ টকা, পিয়াঁজ ৫৫-৬০টকা । এনেদৰে প্ৰতিটো খাদ্য সামগ্ৰীৰ মূল্য বাঢ়িয়ে আছে অথচ ৰাজ্য চৰকাৰ ব্যস্ত আন আন কেতবোৰ বিষয়ক লৈ ।

সেইদৰে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমবোৰো ধাৰাবাহিকভাৱে বিশাল, চুমীক লৈ একঘেয়ামী বা-বাতৰিক লৈ ব্যস্ত থকাৰ মাজতেই এতিয়া অসাধু ব্যৱসায়ীয়ে বস্তুৰ কৃত্ৰিম নাটনি দেখুৱাই দাম বৃদ্ধি কৰি সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন সোধাইছে । কিন্তু এইবোৰলৈ যেন কাৰো খবৰ নাই ।

ধেমাজিত বুট মাহত বিষক্ৰিয়াক লৈ প্ৰশাসনৰ নিৰ্দেশনাৰ প্ৰভাৱ নাই ব্যৱসায়ীৰ মাজত:

ধেমাজিত ভাদ মাহত অনুষ্ঠিত কৰা মাংগলিক অনুষ্ঠানত আগবঢ়োৱা বুটমাহ খাই ধেমাজি চিমেন চাপৰি, ধেমাজি মাছখোৱাৰ দক্ষিণ চিচিমুখ ডোমকটা গাঁৱৰ ৰাইজ আৰু গোগামুখ অঞ্চলত বহুসংখ্যক লোক অসুস্থ হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল । সেয়ে ধেমাজি জিলা প্ৰশাসনে যোৱা ১০ ছেপ্টেম্বৰত এক নিৰ্দেশনাযোগে সাধাৰণ বুটৰ পৰিৱৰ্তে কাবুলী বুট প্ৰসাদ হিচাপে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছিল ।

পিছে আচৰিত কথা যে এই নিৰ্দেশনাৰ বিষয়ে সাধাৰণ নাগৰিক অথবা খুচুৰা ব্যৱসায়ীও বিদিত নহয় । উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ ব্যৱসায়ীসকলেও এই নিৰ্দেশনাৰ বিষয়ে কোনো ধৰণৰ সঁহাৰি নিদি সাধাৰণ বুট-মগুৱেই বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে । ইপিনে একাংশ ব্যৱসায়ীৰ মতে ভাদ মাহত পূজাৰ বতৰত প্ৰসাদৰ চাহিদাৰ প্ৰতি লক্ষ ৰাখি নিম্নমানৰ বুট-মগু বিক্ৰী কৰি আহিছে । যাৰ ফলত নিম্নতম দামৰ বুটৰ পৰা বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা অধিক ।

মুঠৰ ওপৰত পবিত্ৰ ভাদ মাহটোৱেই একাংশ অসাধু ব্যৱসায়ীৰ বাবে ধন ঘটা মাহ হিচাপে পৰিগণিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে । বিপৰীতে সাধাৰণ ৰাইজে সৰ্তকতা অৱলম্বন নকৰা বাবেই বাৰে বাৰে বিপদত পৰাটো স্পষ্ট হৈ পৰিছে ৷ আনফালে চৰকাৰে এইক্ষেত্ৰত ন ন বিষয়ক লৈ ব্যস্ত থাকি জনসাধাৰণৰ সমস্যাৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰা দেখা গৈছে । যাৰ ফলস্বৰূপে যোগান বিভাগে অসাধু ব্যৱসায়ীক নাকী লগাই সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে ।

লগতে পঢ়ক: বুটমাহৰ বিষক্ৰিয়া, আক্ৰান্ত শিশু, মহিলাসহ শতাধিক - Food poisoning

খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ১৩ গৰাকী শিক্ষাৰ্থী - Food poisoning

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.