বুটমাহৰ বিষক্ৰিয়া, আক্ৰান্ত শিশু, মহিলাসহ শতাধিক - Food poisoning

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 12:07 PM IST

thumbnail
বুটমাহৰ বিষক্ৰিয়া (ETV Bharat Assam)

ধেমাজি, ৮ ছেপ্টেম্বৰ: পবিত্ৰ ভাদ মাহত নামঘৰত অনুষ্ঠিত নাম কীৰ্তনৰ মাংগলিক অনুষ্ঠানত প্ৰসাদ খাই অসুস্থ ধেমাজিৰ চিচিমুখৰ দক্ষিণ ডোমকটা গাঁৱৰ প্ৰায় ১৫০ জনকৈ লোক । ৬ ছেপ্টেম্বৰত গাঁওখনৰ নামঘৰত অনুষ্ঠিত হোৱা এক মাংগলিক অনুষ্ঠানত বিতৰণ কৰা প্ৰসাদত থকা বুটমাহ খাই লোকসকল নামঘৰৰ পৰা ঘৰলৈ যোৱাৰ পিচতে বিষক্ৰিয়াত আক্ৰান্ত হয় গাঁওখনৰ শিশু, মহিলাসহ শতাধিক লোক ।

মূৰৰ বিষ, অত্যধিক বমি, শৌচৰ লগতে উশাহ লোৱাত কষ্ট অনুভৱ হোৱাত গাঁওখনৰ আক্ৰান্ত লোকসকলক ততালিকে প্ৰথমাৱস্থাত মাছখোৱা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় । আনহাতে উন্নত চিকিৎসাৰ বাবে শনিবাৰে দুপৰীয়া পৰা ধেমাজি অসামৰিক চিকিৎসালয়লৈ অনা হয় অৰ্ধশতাধিক লোকক ।

বৰ্তমান ধেমাজি অসামৰিক চিকিৎসালয়ত গুৰুতৰভাৱে আক্ৰান্তসকলক উন্নত চিকিৎসা প্ৰদান কৰাৰ লগতে চিকিৎসকৰ এটা দলে অহৰহ নজৰত ৰাখিছে । ইপিনে শনিবাৰে নিশায়েই দুগৰাকী ৰোগীক ধেমাজি অসামৰিক চিকিৎসালয়ৰ আই চিউ কক্ষত ভৰ্তি কৰোৱা হয় । দেওবাৰে পুৱাৰ ভাগলৈকে মুঠ ৪৭ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক: খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ১৩ গৰাকী শিক্ষাৰ্থী - Food poisoning

খাদ্যত বিষক্ৰিয়া: দৰঙৰ পাথৰিঘাটত প্ৰায় ২৬ গৰাকী লোক অসুস্থ - Food poisoning

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.