ETV Bharat / state

১০ বছৰে মেৰামতি নকৰা বাঘজান শ্লুইছ গেট ভাঙিল বানত - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 8:21 PM IST

Flood situation in Assam : ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে । টীয়কৰ বিভিন্ন প্ৰান্তৰ বহু পৰিয়াল বানৰ কবলত । অসহায় জনতা ।

Flood in Assam
বানে ধাৰণ কৰিছে ভয়াবহ ৰূপ (ETV BHARAT ASSAM)

টীয়ক, ৩০ জুন : ৰাজ্য়ৰ বিভিন্ন অঞ্চলত বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে । আন ঠাইৰ লগতে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে টীয়কৰ জাঁজীমুখৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে । সমান্তৰালকৈ মেলেং বালিচাপৰিৰ ৰঙাজান বাঘজান শ্লুইছ গেটৰ এটা অংশ দেওবাৰে বাঢ়নী পানীয়ে ভাঙি নিয়াত আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । ভগা শ্লুইছ গেটেৰে সোমোৱা বাঢ়নী পানীয়ে বিস্তৃত কৃষিভূমি প্লাৱিত কৰাৰ লগতে আৱাসসমূহ পানীত বুৰ যোৱাৰ আশংকা কৰা হৈছে ।

উল্লেখ্য় যে ভূমি সংৰক্ষণ বিভাগে ২০১৪ চনত নিৰ্মাণ কৰিছিল এই শ্লুইছ গেটখন । দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ বাবেই এইদৰে বাঢ়নি পানীয়ে শ্লুইছ গেটখন ভাগি পেলালে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । ৰাইজে জনপ্ৰতিনিধি আৰু সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে এই শ্লুইছ গেটখনৰ দীৰ্ঘদিনেই কোনোধৰণৰ মেৰামতিৰ কাম কৰা হোৱা নাই । সেইবাবে আজি ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে ।

লগতে পঢ়ক:ক’ৰবাত ফেৰীসেৱা বাতিল, ক’ৰবাত সকলো ডুবিছে পানীত - ASSAM FLOOD 2024

অৱশ্যে টীয়কৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ প্ৰতিনিধি বিকাশ শইকীয়াসহ জলসম্পদ বিভাগ, ভূমি সংৰক্ষণ বিভাগৰ এটা দল উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে । জলসম্পদ বিভাগৰ জিলা মুৰব্বী বিষয়াই জনোৱা মতে, ভূমি সংৰক্ষণ বিভাগে নিৰ্মাণ কৰা এই গেটখন বাঢ়নি পানীৰ মাজতে মেৰামতি কৰা হ'ব । গেটৰ অৱশিষ্ট অংশত জি অ' বেগেৰে ৰাইজক সকাহ দিয়া হ'ব । ফলত মাথাউৰিত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি মন্তব্য় কৰিছে বিভাগীয় বিষয়াগৰাকীয়ে । কিন্তু বিভাগীয় বিষয়াৰ আশ্বাসৰ পিচতো আস্বস্ত হোৱা নাই স্থানীয় ৰাইজ ।

লগতে পঢ়ক:আহাৰৰ বলিয়া বানত জুৰুলা ৰাজ্যৰ জনতা - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.