ETV Bharat / state

ৰাহুল গান্ধীৰ বডী ডাবলে‌ মাজুলীত ক্ৰিকেট খেলিছিল:মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 11:00 PM IST

Updated : Mar 16, 2024, 11:30 AM IST

Rahul Gandhi body double: গুৱাহাটীৰ বাজপেয়ী‌ ভৱনত সংবাদমেল সম্বোধন কৰি বডী ডাবল প্ৰসংগত পুনৰ এবাৰ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক লক্ষ্য কৰি ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ নগাঁও লোকসভা আসনৰ পৰা টিকট নোপোৱাৰ বাবে গৌৰৱ গগৈয়ে তেওঁক ৰাহুল গান্ধীৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ ৷

rahul-gandhi-uses-a-body-double-in-his-assam-bharat-jodo-nyay-yatra-says-assam-cm-himanta-biswa-sarma
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ১৫ মাৰ্চ : বডী ডাবল প্ৰসংগত পুনৰ এবাৰ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক লক্ষ্য কৰি ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ এই বছৰৰ আৰম্ভণিতে ১৮ জানুৱাৰীৰ পৰা অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত কথিত বডী ডাবল ব্যৱহাৰ কৰাৰ ৰাহুল গান্ধীক আক্ৰমণ মুখ্যমন্ত্ৰীগৰাকীয়ে। সমগ্ৰ যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ ৰূপত বিভিন্ন স্থানত বডী ডাবল আছিল বুলি দাবী কৰি ড০ শৰ্মাই ৰাহুল গান্ধী আৰু কংগ্ৰেছলৈ এটা প্ৰশ্ন উত্থাপন কৰে যে যদি দেশৰ এটা প্ৰখ্যাত মিডিয়া হাউছে প্ৰকৃততে যি দাবী পোহৰলৈ আনিছিল সেয়া সঁচা নহয় তেন্তে কংগ্ৰেছ নেতাজনে কিয় সেই অভিযোগ ভিত্তিহীন বুলি প্ৰমাণ নকৰিলে।

শুকুৰবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন কৰি ড০ শৰ্মাই কয় , কুৰুক্ষেত্ৰ নামৰ বডী ডাবলজনক এটা সংবাদ প্ৰতিষ্ঠানে উদঙাই দিছিল ৷ এই প্ৰসংগত মুখ্যমন্ত্ৰীজনে প্ৰশ্ন উত্থাপন কৰে যে মানুহজন যদি কেৱল ৰাহুল গান্ধীৰ সাইলাখ বা অবিকলহে আছিল, যদিহে বডী ডাবল নাছিল তেন্তে অভিযোগ উঠাৰ পিচতো সংবাদ মাধ্যমৰ সৈতে কিয় মুখামুখি কৰোৱা নহ’ল তেওঁক ?

তেওঁ কয় ৰাহুল গান্ধীৰ বডী ডাবলে‌ মাজুলীত ক্ৰিকেট খেলিছিল। কংগ্ৰেছে কৈছিল সেয়া ৰাহুল গান্ধী আছিল । কিন্তু আচলতে সেয়া‌ ৰাহুল গান্ধীৰ বডী ডাবলহে ‌। যোৱা ২২ জানুৱাৰীত ৰাহুল গান্ধীৰ বডী ডাবলে গুৱাহাটীত প্ৰৱেশ কৰিছিল । কিন্তু বডী ডাবলজন গুৱাহাটীত থকা নাছিল । যদি ৰাহুল গান্ধীৰ বডী ডাবল নাছিল তেওঁ থাকিব‌ লাগিছিল গুৱাহাটীত ।‌ কিন্তু কংগ্ৰেছে ২৩ জানুৱাৰীত গুৱাহাটীৰ পৰা দিল্লীলৈ পঠাই দিলে বডী ডাবলক । তাৰ পিছত নিশা তেওঁক ভূপাল‌লৈ পঠাই দিছিল ।‌

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত বডী ডাবল ব্যৱহাৰ কৰা হৈছিল বুলি তেওঁ দাবী কৰি কয় যে ১৮ আৰু ১৯ জানুৱাৰীত মাজুলী আৰু ঢকুৱাখনাত ১৯ জানুৱাৰীত মাজুলী আৰু ঢকুৱাখনাত ২০ জানুৱাৰীত নগাঁওত ২১ তাৰিখে খানাপাৰা (গুৱাহাটী)ত ২২ তাৰিখে ৰাহুল গান্ধীৰ ঠাইত বডী ডাবল আছিল ।

শৰ্মাই প্ৰমাণ হিচাপে কিছুমান আলোকচিত্ৰ দেখুৱাই আৰু সেইবোৰ ২২ জানুৱাৰীত তোলা বুলি দাবী কৰি কয় যে এদিন পিছত গুৱাহাটীৰ পৰা বডী ডাবলক বিমানেৰে দিল্লীলৈ ঘূৰাই পঠোৱা হৈছিল। ডাঃ শৰ্মাৰ মতে, মানুহজনে তাৰ পিছত দিল্লীৰ পৰা ৰেলযোগে ভূপাললৈ যাত্ৰা কৰিছিল।

  • " class="align-text-top noRightClick twitterSection" data="">

তাৎপৰ্যপূৰ্ণভাৱে ড০ শৰ্মাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক এই প্ৰসংগত সাঙুৰি কয় যে নগাঁও লোকসভা আসনৰ পৰা টিকট নোপোৱাৰ বাবে গৌৰৱ গগৈয়ে তেওঁক ৰাহুল গান্ধীৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে যেন লাগিছে ৷ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বডী ডাবল প্ৰসংগত সকলোবোৰ তথ্য জনা স্বত্বেও তেওঁৰ ৰাহুল গান্ধীক বদনাম কৰাৰ কোনো উদ্দেশ্য নাছিল, কিন্তু সাংসদজনে উত্তৰ বিচৰাত তেওঁ ইমানখিনি ক’ব লগা হ’ল । মুখ্যমন্ত্ৰীয়ে কয় যে এই তথ্যবোৰ কেৱল এটা মিডিয়া হাউচে আনিছে আৰু কংগ্ৰেছৰ সাংসদে তেওঁক সেই গোপন ৰহস্যবোৰ খুলিবলৈ প্ৰৰোচিত কৰিছে। কিন্তু এক কৌশলগত ধৰণে তেওঁ কয় যে তেওঁক কংগ্ৰেছৰ আভ্যন্তৰীণ ৰাজনীতিত এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু কথাখিনি জানিও তেওঁ এদিনৰ বাবে অস্ত্ৰ হিচাপে ব্যৱহাৰ হোৱাত আপত্তি কৰা নাই ।

উল্লেখ্য যে, শৰ্মাই ২৫ জানুৱাৰীত অভিযোগ কৰিছিল যে ৰাহুল গান্ধীয়ে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাত ‘বডী ডাবল’ ব্যৱহাৰ কৰিছিল । সেই অভিযোগৰ আধাৰতে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধী বুলি ভবা মানুহজন যে প্ৰকৃততে ৰাহুল গান্ধী নাছিল সেই দাবী মুখ্যমন্ত্ৰীয়ে কৰিছিল ৷ আনকি আজি সন্ধিয়া তেওঁ সেই বডী ডাবলৰ সবিশেষ তথ্য প্ৰকাশ কৰাৰ কথা কৈছিল ৷ গুৱাহাটীত যোৱা বুধবাৰে সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ ‘বডী ডাবল’জনৰ নাম কুৰুক্ষেত্ৰ বুলি দাবী কৰিছিল । বডী ডাবলজন মধ্যপ্ৰদেশৰ বুলি লগতে উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । বডী ডাবল প্ৰসংগত ৰাহুল গান্ধীৰ বিৰুদ্ধে নিজৰ স্থিতিত অটল থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ দাবী কৰে যে ৰাহুল গান্ধীৰ সৈতে মণিপুৰৰ পৰা অসমৰ নগাঁৱলৈকে মধ্যপ্ৰদেশৰ বডী ডাবলজনে যাত্ৰা কৰিছিল ।

লগতে পঢ়ক : ন্যায় যাত্ৰাত কোন আছিল ৰাহুল গান্ধীৰ বডী ডাবল ? নাম ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Last Updated : Mar 16, 2024, 11:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.