ETV Bharat / state

পুত্তলিকা দাহ কৰাৰ পূৰ্বেই আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতি - Protests in Tinsukia

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 10:12 PM IST

Protests in Tinsukia: ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সমগ্ৰ ৰাজ্যত উত্তাল প্ৰতিবাদ । ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত বছৰৰ পাছত বছৰ ধৰি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ । পুত্তলিকা দাহ কৰাৰ পূৰ্বেই তিনিচুকীয়াত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত হতাহতি ।

Protests in Tinsukia demanding tribalisation of six tribes
পুত্তলিকা দাহ কৰাৰ পূৰ্বেই আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতি (ETV Bharat Assam)

তিনিচুকীয়া,৪ ছেপ্টেম্বৰ: নিৰ্বাচন আহিলেই যেন প্ৰাসংগিক হৈ পৰে ৰাজ্যখনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো । সমাগত পঞ্চায়ত নিৰ্বাচন । লগতে আহি আছে ২০২৬ চনত বিধানসভাৰ নিৰ্বাচন । গতিকে এইবাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত যাতে কোনো শাসকীয় চৰকাৰখনে জনজাতিকৰণৰ সন্দৰ্ভত ৰাজনীতি কৰিব নোৱাৰে তাৰ পূৰ্বেই কঁকালত টঙালি বান্ধিছে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ দল-সংগঠনে ।

তেনে সময়তে বুধবাৰে তিনিচুকীয়াৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীয় যৌথ মঞ্চই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । মটক যুৱ-ছাত্ৰ পৰিষদ, মটক ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, কোচ ৰাজবংশী ছাত্ৰ সন্থাকে আদি কৰি ছয় জনগোষ্ঠীয় যৌথ মঞ্চই তিনিচুকীয়াত দেশৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

প্ৰতিবাদৰ সময়ত পুত্তলিকা দাহ কৰাৰ পূৰ্বেই আৰক্ষীয়ে বাধা দিয়াত প্ৰতিবাদকাৰীসকলৰ সৈতে সৃষ্টি হয় হতাহতি, উত্তপ্ত পৰিস্থিতিৰ । আৰক্ষীয়ে পুত্তলিকাকেইটা কাঢ়ি লৈ যাবলৈ চেষ্টা কৰে যদিও প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাধাকো নেওচি দাহ কৰে পুত্তলিকা । পুত্তলিকা দাহ কৰাৰ সময়ত বিজেপি হায় হায়, নৰেন্দ্ৰ মোদী গ’বেক, হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, ছয় জনগোষ্ঠীক জনজাতি কৰক, সৰ্বানন্দ সোণোৱালৰ কাম নাই, ছয় জনগোষ্ঠীয় যৌথ মঞ্চ জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদস্থলীৰ পৰাই অতিশীঘ্ৰে যদি ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে তেন্তে ৰাজ্যজুৰি ছয় জনগোষ্ঠীয় যৌথ মঞ্চই বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনকেইটাৰ নেতৃত্বই ৷

লগতে পঢ়ক: ৰাজ্যিক কেবিনেটৰ পূৰ্বেই জনজাতিকৰণৰ দাবীত উত্তাল উজনি অসম - Tribalisation of Six Tribes

লখিমপুৰত এফালে কেবিনেট বৈঠক আনফালে উত্তাল প্ৰতিবাদ - Tribalisation of Six Tribes

আমাক এছ টি লাগিবই: মুছলপুৰত আছাৰ হুংকাৰ - AASAA protest at Musalpur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.