ETV Bharat / state

ইটোতকৈ সিটোৰ দামহে চৰা; মূল্যবৃদ্ধিত কোঙা সাধাৰণ জনতা - Price hike in Assam

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 9:52 AM IST

Protest against Price hike : বৰ্তমান ৰাজ্যৰ বজাৰলৈ ওলাই যাব নোৱাৰা অৱস্থা ৷ কিয়নো ইটোতকৈ সিটোৰ দামহে চৰা ৷ কিয়নো মূল্যবৃদ্ধিৰ ফলত জুৰুলা হৈছে ৰাজ্যৰ জনতা । খাদ্য সামগ্ৰীৰ পৰা জীৱনদায়িনী ঔষধলৈকে অবাধ হাৰত বৃদ্ধি পাইছে মূল্যবৃদ্ধি৷ বিপাঙত পৰিছে সাধাৰণ ৰাইজ । উপায়ন্তৰ হৈ ৰাজপতলৈ ওলাই আহিছে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন ৷

Protest against Price hike
ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

নিউজ ডেস্ক, 16 মে’ : ‘‘বজাৰত লাগিছে জুই, যোগানমন্ত্ৰী আছে শুই ৷’’ ঔষধকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দামে এতিয়া বজাৰত লগাইছে জুই । নিৰ্বাচন শেষ হোৱাৰ পাচতে ৰাইজৰ কথা ভাবিবলৈ যেন আহৰি নোহোৱা হ’ল ৰজাঘৰীয়াৰ । সকলো ব্যস্ত নিৰ্বাচনী অংকত ।

নিৰ্বাচনৰ পূৰ্বে সাধাৰণ জনতাৰ কাষত জোকে লগা দি লাগি থকা বৰমূৰীয়াসকল এতিয়া নিমাত ৷ কাণসাৰ নাই জনতাৰ দুৰ্ভোগৰ প্ৰতি । যাৰ বাবে উপায়হীন হৈ ৰাজপথলৈ আহিবলৈ বাধ্য হৈছে ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠন । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তত বুধবাৰে ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

নলবাৰী :

ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নলবাৰীৰ নাট্য মন্দিৰৰ সম্মুখত জিলা ছাত্ৰ সন্থায়ো প্ৰদৰ্শন কৰে বিক্ষোভ কাৰ্যসূচীৰ । বজাৰৰ ক’লা বেপাৰী হুচিয়াৰ, ক’লা দালাল হুচিয়াৰ, অকৰ্মন্য যোগান বিভাগ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হায় হায় আদি শ্ল’গান দি প্ৰতিবাদকাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ।

শিৱসাগৰ-তিনিচুকীয়া :

লখিমপুৰ, নলবাৰীৰ লগতে শিৱসাগৰ আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থায়ো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, তৈলজাত সামগ্ৰী, ঔষধসহ বিভিন্ন সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

আনকি অতি সোনকালে যদি মূল্যবৃদ্ধি ৰোধ নকৰে, তেন্তে অনাগত দিন তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী ছাত্ৰ সন্থাৰ নেতৃবৰ্গই ৷

লখিমপুৰ :

ইফালে লখিমপুৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ প্ৰতিকৃতি জ্বলালে অসমীয়া যুৱ মঞ্চই । যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক গেঞ্জী মন্ত্ৰী আখ্যা দিয়ে লখিমপুৰত অসমীয়া যুৱ মঞ্চই । লগতে অত্যাৱশ্যকীয় সামগ্ৰী, জীৱন দায়িনী ঔষধৰ মূল্যবৃদ্ধি শীঘ্ৰে ৰোধ নকৰিলে, জনপ্ৰতিনিধিক গেলা কণী আৰু গেলা বিলাহী আদিৰে আদৰিবলৈ প্ৰস্তুত হৈ থকা বুলিও সকীয়নি প্ৰদান কৰে প্ৰতিবাদী অসমীয়া যুৱ মঞ্চই ।

লগতে পঢ়ক : বজাৰত মূল্যবৃদ্ধিৰ জুই; যোগান বিভাগত তলা লগাবলৈ চৰকাৰক আহ্বান আছুৰ সভাপতিৰ - Price hike in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.