ETV Bharat / state

লাইকা-দধীয়াবাসীক পাহাৰপুৰত পুনৰসংস্থাপন দিয়াৰ বিৰোধিতা, বন মন্ত্ৰীক সকীয়নি দহটাকৈ সংগঠনৰ - Laica Dadhia

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 9:50 PM IST

Protest in Tirap: অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদত নামিল পাহাৰপুৰৰ হাজাৰ হাজাৰ ৰাইজ ৷ বন মন্ত্ৰীক মিছলীয়া আখ্য়া ক্ষুব্ধ ৰাইজৰ । বহিৰাগতক পাহাৰপুৰত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ ।

Protest in Tirap
বনমন্ত্ৰীক সকীয়নি দহটাকৈ সংগঠনৰ (ETV Bharat Assam)

তিনিচুকীয়া, ৯ ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা বানাক্ৰান্ত লাইকা-দধীয়াৰ বাসিন্দাক মাঘেৰিটা মহকুমাৰ টিৰাপ মৌজাৰ পাহাৰপুৰত পূৰ্ণ সংস্থাপন দিয়াৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিবাদত নামি পৰিল পাহাৰপুৰৰ ৰাইজৰ লগতে দল-সংগঠন । সোমবাৰে পাহাৰপুৰত টিৰাপ অট’নমাছ কাউঞ্চিল দাবী সমিতিৰ লগতে দহটাকৈ সংগঠনৰ সংগঠনে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

বন মন্ত্ৰীক সকীয়নি দহটাকৈ সংগঠনৰ (ETV Bharat Assam)

এই প্ৰতিবাদৰ পাছতে প্ৰতিবাদ সাব্যস্ত কৰা দল-সংগঠনৰ নেতৃত্বই এক সংবাদমেল সম্বোধন কৰি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক মিছলীয়া মন্ত্ৰী হিচাপে আখ্যা দিয়ে ৷ দল-সংগঠনৰ নেতৃত্বই কয়," বনমন্ত্ৰীগৰাকীয়ে পাহাৰপুৰ অঞ্চলৰ ৰাইজৰ লগত আলোচলা কৰি লাইকা-দধীয়াবাসীয়ে বসবাস কৰাৰ সিদ্ধান্ত লোৱা বুলি কেবিনেটত মন্তব্য কৰে, কিন্তু পাহাৰপুৰৰ কোনো সংগঠন,চৰকাৰী গাঁওবুঢ়া,ৰাইজৰ লগত আলোচনাত মিলিত হোৱা নাই । "

  • অৰুণাচল সীমান্তত অতদ্ৰ প্ৰহৰী

তেওঁলোকে লগতে কয়,"তাহানিৰ অসম-অৰুণাচল সীমান্তৰ টিৰাপ ফ্রন্টিয়াৰ ট্ৰেক্টক নেফা অর্থাৎ নর্থ ইষ্ট ফ্রন্টিয়াৰ এজেঞ্চি বুলিও জনা যায়। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ এক মনোমোহা ঠাই । অসম চৰকাৰে ৰাজধানী শ্বিলঙত থাকোতেই ঘোষণা কৰা অধিসূচনাৰ যোগেদি ১৯৫১ চনৰ ১৩ মাৰ্চত এই বিশেষ জনজাতি অঞ্চলটোক 'টিৰাপ ট্রেইবেল বেল্ট' নামেৰে জনাজাত হয় । য'ত যুগ যুগান্তৰ ধৰি বসবাস কৰি আহিছে চিংফৌ, টাংছা, চেমা নগা, টাই খামতি, টাই ফাঁকে আৰু টাই খামিয়াং আদি খিলঞ্জীয়া জনজাতীয় লোকে । সম্প্রতি এই জনজাতীয় লোকসকল বহু প্রত্যাহ্বানৰ মাজেৰে নিজস্ব ভাষা, কলা সংস্কৃতি, পৰম্পৰা ৰক্ষা কৰি অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ অৰুণাচল সীমান্তত অতদ্ৰ প্ৰহৰী হিচাপে জীৱন নিৰ্বাহ কৰি আছে ।"

তেওঁলোকে পুনৰ কয়," মাৰ্ঘেৰিটাৰ টিৰাপ ট্ৰাইবেল বেল্টৰ অন্তৰ্গত টিৰাপ নদীৰ পাৰত অৱস্থিত পাহাৰপুৰ এখন চেমা নগা অধ্যুষিত গাঁও । ভাৰতত ব্ৰিটিছ ঔপনিবেশিক শাসন কালতেই 1945 চনত চেমা নগাসকলে পাহাৰপুৰত গাঁওখন প্রতিষ্ঠা কৰিছিল । তাৰ পাছত ভাৰতৰ প্ৰাক্‌স্বাধীনতা কালৰ 78 বছৰ অতিক্রম হ'লেও পাহাৰপুৰ গাঁওখনৰ লগতে বালিজান, ফানেং আদি বহু জনজাতি গাঁৱৰ মাটিৰ কোনো জৰীপ অসম চৰকাৰে নকৰিলে অর্থাৎ এই জনজাতি গাঁওসমূহ Non cadastral/NC হিচাপে থাকি গ’ল ।"

  • জনগোষ্ঠীৰ ভূমি অধিকাৰত গুৰুত্ব প্রদান নকৰিলে চৰকাৰে

প্ৰতিবাদকাৰী নেতাসকলে কয়," পাটকাইৰ পাদদেশৰ বনভূমিত বসবাস কৰা আদিম জনগোষ্ঠীসমূহৰ মাটিৰ অধিকাৰৰ ওপৰত কোনো গুৰুত্ব প্রদান নকৰিলে । ভাৰত চৰকাৰে সংসদত গৃহীত কৰা,'অনুসূচীত জনজাতি আৰু অন্যান্য পৰম্পৰাগত বনবাসী' নামেৰেও জনা যায় ৷ বন অধিকাৰ আইন,2006 ৰ স্বীকৃতি আইন অসম চৰকাৰে প্ৰৱৰ্তন কৰিবলৈ সময় ললে সুদীর্ঘ 15 বছৰ সময় । অসম চৰকাৰে মাৰ্ঘেৰিটাৰ টিৰাপ জনজাতি বেষ্টনীৰ খিলঞ্জীয়া জনজাতি চিংফৌ, টাংচা, চেমা নগা, টাই খামটি, টাই ফাঁকে, টাই খামিয়াংসকলৰ ওপৰত তীব্ৰভাৱে জনজাতি বিৰোধী নীতি গ্ৰহণ কৰি আহিছে। ইয়াৰ আটাইতকৈ ডাঙৰ ষড়যন্ত্র 1986 চনত অগপ চৰকাৰে মাৰ্ঘেৰিটাত থকা এ পি অ' পদটো কেন্দ্ৰীয় চৰকাৰৰ অনুমতি নোহোৱাকৈ বিলুপ্ত কৰিছিল ।"

তেওঁলোকে পুনৰ কয়,"সেই সময়ত এই টিৰাপ জনজাতি এলেকাত বাহিৰৰ পৰা কোনো মানুহ প্রৱেশ কৰি স্থায়ীভাৱে ঘৰ বনোৱা আৰু প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত হাবি কটাৰ অনুমতি এ পি অ'ই দিয়া নাছিল । এই কথা স্পষ্ট যে খিলঞ্জীয়া জনজাতিক তীব্রভাবে নির্যাতন, বৈষম্য কৰি বন বিভাগৰ পৰা সুৰক্ষা জাননী জাৰি অযথা হাৰাশাস্তি কৰি আহিছে ।" এইক্ষেত্ৰত 2022 চনৰ 26 মাৰ্চত মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূব কয়লাক্ষেত্র ক'ল ইণ্ডিয়া উদ্যোগটো মুকলি কৰাৰ নামত Tirap belt PRF_R/F হিচাপে ঘোষণা কৰা কাৰ্যক জনজাতি বিৰোধী বুলি আজিৰ সংবাদমেলত উপস্থিত থকা সংগঠনসমূহে তীব্র ভাষাৰে গৰিহণা দিয়ে । এনে সময়তে টিৰাপ জনজাতি বেষ্টনীৰ পাহাৰপুৰ গাঁৱত থকা বনাঞ্চলত লাইকা-দধিয়াৰ মানুহক পুনৰসংস্থাপন কৰিব বিচৰা কার্য অতি দুর্ভাগ্যজনক ।

  • ডাম্পিং গ্রাউণ্ড নকৰিবলৈ চৰকাৰক সকীয়নি

অসম চৰকাৰে কেবিনেটত লাইকা দধিয়াৰ মানুহক পাহাৰপূৰত সংস্থাপন কৰিবলৈ কৰা কাৰ্যক উপস্থিত সংগঠনসমূহে গৰিহনা দিয়ে । টিৰাপ ট্রাইবেল বেল্টৰ বনাঞ্চলত পুনৰ বাহিৰৰ পৰা বৃহৎসংখ্যক মানুহ আনি ডাম্পিং গ্রাউণ্ড নকৰিবলৈ অসম চৰকাৰক সকীয়াই দিয়ে । ইয়াৰ পৰিবৰ্তে অন্য ঠাইত সেই মানুহখিনিক সংস্থাপন কৰিবলৈ আজিৰ সংবাদমেলত দাবী জনাই প্ৰতিবাদকাৰী সংগঠনৰ নেতাসকলে ।

লগতে পঢ়ক:সৰ্বকালৰ অপদাৰ্থ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা : চি পি আই এম এল - CPIML protest in Guwahati

কেতিয়া হ'ব কোচ ৰাজবংশীৰ জনজাতিকৰণ ? ৰঙিয়া-লখিমপুৰ উত্তাল - Tribalisation of Koch Rajbanshi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.