ETV Bharat / state

ৰাজ্যত বৃদ্ধি নাৰী নিগ্ৰহৰ ঘটনা : নিৰাপত্তা-ন্যায় বিচাৰি তিতাবৰৰ ৰাজপথত মহিলা - Molestation in Jorhat

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 8:35 PM IST

Protest by women in Jorhat : অসমীয়াৰ ওপৰত বহিৰাগতৰ আক্ৰমণৰ ইটোৰ পিচত সিটো ঘটনাই জোঁকাৰি গৈছে ৰাজ্য ৷ শেহতীয়াকৈ যোৰহাটত সংঘটিত হ’ল অনা-অসমীয়াৰ দ্বাৰা দুটাকৈ যৌন উৎপীড়নৰ ঘটনা ৷ অভিযুক্তক শাস্তি প্ৰদান কৰি নাৰীক সুৰক্ষা প্ৰদানৰ দাবীত ৰাজপথলৈ ওলাই আহিল নাৰীশক্তি ৷

Protest by women in Jorhat
নিৰাপত্তা-ন্যায় বিচাৰি তিতাবৰৰ ৰাজপথত মহিলা (ETV Bharat Assam)

যোৰহাট, ২২ আগষ্ট : ‘‘তিনিমাহ জে’ল খাটি ওলাই অহাটোৱেই লক্ষ্য নহয়, ওলাই আহি আকৌ সমাজখন কলুষিত কৰিব ৷ সমাজৰ আৱৰ্জনা আঁতৰাই পঠিয়াবলৈ সৃষ্টি আৰু ধ্বংসৰ প্ৰতীক নাৰী জাগ্ৰত হ’ব লাগিব ৷’’ বৃহস্পতিবাৰে যোৰহাটৰ দুটাকৈ যৌন উৎপীড়নৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি এইদৰে ক’লে এগৰাকী প্ৰতিবাদকাৰীয়ে ৷

উল্লেখ্য যে ১২ আগষ্ট আৰু ১৯ আগষ্টত যোৰহাটত সংঘটিত হৈছিল দুটাকৈ যৌন উৎপীড়নৰ ঘটনা ৷ দুয়োটাৰ ঘটনাৰে অভিযুক্ত অনা-অসমীয়া ৷ ১২ আগষ্টত দিল্লীৰ আকবৰ আলীৰ বিৰুদ্ধে এগৰাকী কিশোৰী খেলুৱৈক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ এগৰাকী কিশোৰী খেলুৱৈক টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ দিয়াৰ বাবে প্ৰলোভিত কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে আকবৰ আলীৰ বিৰুদ্ধে ৷ আনহাতে তিতাবৰ তিনিআলিত ১৯ আগষ্টত মহাবিদ্যালয়ৰ ছাত্ৰীক অভব্য আচৰণ, অশ্লীল ইংগিত দিয়াৰ অভিযোগ অনা-অসমীয়া অংকুৰ শ্বাহৰ বিৰুদ্ধে উত্থাপিত হৈছে ৷

দ্ৰুত হাৰত বৃদ্ধি পোৱা এনে নাৰী নিগ্ৰহ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি নাৰীৰ নিৰাপত্তা আৰু ন্যায় বিচাৰি বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই আহিল তিতাবৰৰ নাৰীসমাজ ৷ অসমত থাকি খিলঞ্জীয়াক অনা-অসমীয়াই অত্যাচাৰ কৰাটো কেতিয়াও সহ্য কৰা নহ’ব বুলি প্ৰতিবাদী মহিলাসকলে সকীয়নি দিয়ে ৷ তদুপৰি অসমীয়া বা অনা-অসমীয়া যিয়েই নাৰীৰ লগত অপকৰ্মত লিপ্ত হৈছে, সেইসকল দোষীক দৃষ্টান্তমূলক শাস্তি তথা মৃত্যুদণ্ডৰ দাবী তোলে প্ৰতিবাদকাৰী মহিলাসকলে ৷

তিতাবৰৰ মহিলাশক্তি একগোট হৈ নাৰীক নিৰাপত্তা প্ৰদানৰ লগতে শাৰীৰিক-মানসিকভাৱে নাৰীৰ ওপৰত অত্যাচাৰ চলোৱাসকলক কঠোৰ শাস্তিৰ দাবীত তিতাবৰ ষ্টেচন তিনিআলিত প্ৰচণ্ড ৰ'দকো নেওচি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদৰ জৰিয়তে তিতাবৰ মহকুমা প্ৰশাসনক স্মাৰকপত্ৰও প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : পশ্চিমবংগৰ ধৰ্ষণ-হত্যাৰ ঘটনাৰ ন্যায়ৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ

নাবালিকা ধৰ্ষণকাৰীক 20 বছৰৰ কাৰাদণ্ড আদালতৰ

অভয়াকাণ্ডৰ পাছতে ১০ জনীয়া ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.