ETV Bharat / state

কলকাতাকাণ্ডৰ উচিত বিচাৰৰ দাবীত ওলাই আহিল অসমৰ অজশ্ৰজন - RG Kar Rape Murder

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 10:44 PM IST

Protest over Kolkata rape murder case : পশ্চিমবংগৰ ধৰ্ষণ-হত্যাৰ ঘটনাক লৈ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিবাদ ৷ দোষীক শাস্তি প্ৰদানৰ দাবীত ওলাই আহিছে অজশ্ৰজন ৷ ৰৈ নাথাকিল ছাত্ৰ-ছাত্ৰীও ৷

Protest over Kolkata rape murder case
কলকতাকাণ্ডৰ উচিত বিচাৰৰ দাবীত সৰ্বত্ৰে প্ৰতিবাদ (ETV Bharat Assam)

নিউজ ডেস্ক, ১৭ আগষ্ট : কলকাতাৰ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ পিছতে প্ৰতিবাদত উত্তাল সমগ্ৰ দেশ ৷ নাৰীসুৰক্ষা, চিকিৎসকক নিৰাপত্তা আদি কেবাটাও বিষয়ত প্ৰতিবাদ সাব্যস্ত দেশজুৰি ৷ শনিবাৰৰ সমগ্ৰ দেশতে চিকিৎসক-চিকিৎসাকৰ্মীয়ে পালন কৰিছে 24 ঘণ্টীয়া কৰ্মবিৰতি ৷

বিলাসীপাৰাত মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ :

কলকাতাৰ জঘন্য ঘটাৰ উচিত বিচাৰৰ দাবীত বিলাসীপাৰা চহৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিলাসীপাৰাৰ শাখাই ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ হাতে হাতে প্লে’ কাৰ্ড লৈ চহৰখনত শ শ মহিলা আৰু শিক্ষাৰ্থীয়ে উলিয়ালে বিশাল ৰেলী ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ কৰি গণধৰ্ষণৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰীসকলে গণধৰ্ষণৰ বলি হোৱা চিকিৎসকগৰাকীক ন্যায় প্ৰদান কৰক, ধৰ্ষণকাৰীক শাস্তি দিয়ক, মহিলাসকলক সুৰক্ষা দিয়ক আদি বিভিন্ন শ্ব’গ্লানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

মৰিগাঁৱত ৫ সংগঠনৰ প্ৰতিবাদ :

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় যুৱতী চিকিৎসকক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত মৰিগাঁৱত পাঁচ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী । শনিবাৰে সন্ধিয়া হাতে হাতে মমবাতি জ্বলাই জঘন্য হত্যাকাণ্ডৰ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলি বিভিন্ন শ্ল’গানৰে মুখৰিত কৰা হয় মৰিগাঁও চহৰ । মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত অসম লেখিকা সংস্থা, লেখিকা সমাৰোহ সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সন্মিলিত নাৰীমঞ্চ, সহায় অসম এই পাঁচ সংগঠনৰ নেতৃত্বত মমবাতি জ্বলাই হত্যাকাৰীক ফাষ্টটেক আদালতত শাস্তিৰ দাবী তোলা হয় ।

জোনাইত ন্যায় বিচাৰি ওলাই আহিল ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী :

ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে জোনাইতো কলকাতাত জঘন্য কাণ্ডৰ বলি হোৱা চিকিৎসকগৰাকীক ন্যায় প্ৰদানৰ দাবী জনোৱা হয় ৷ শনিবাৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে চিকিৎসকগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিসকলৰ উচিত শাস্তিৰ দাবীত বন্তি প্ৰজ্বলনেৰে প্ৰতিবাদী কাৰ্যসূচী ও মৌন প্ৰাৰ্থনা কৰে ।

ডুমডুমাত জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ মৌন সমদল :

“বেটি বছাও বেটি পঢ়াও বিজ্ঞাপন দিলেই নহ’ব, প্ৰকৃততে কৰি দেখুৱাওক নৰেন্দ্ৰ মোদী চৰকাৰে’’- ডুমডুমাত এই মন্তব্য কৰে বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃত্বই । কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ এগৰাকী চিকিৎসকক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ বিৰুদ্ধে শনিবাৰে সন্ধিয়া ডুমডুমা অঞ্চলৰ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃত্বত বাহিৰ কৰা হয় মৌন সমদল ৷

ডুমডুমা ৰাজহুৱা খেলপথাৰৰ পৰা চহৰখনৰ ৰাজপথত হাতত মমবাতি লৈ বহু যুৱক-যু্ৱতী ওলাই আহি মৌন সমদল কৰি মহাত্মা গান্ধী উদ্যানৰ সমীপত উক্ত চিকিৎসকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি আত্মাৰ সদগতি কামনা কৰে ৷

উক্ত সমদলৰ জৰিয়তে আছু, যুৱ-ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থাকে বিভিন্ন সংগঠনৰ নেতৃত্বই পশ্চিমবংগ চৰকাৰ আৰু ভাৰত চৰকাৰক অতি সোনকালে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰাৰ লগতে অনাগত দিনত যাতে পুনৰ এনে ঘটনা সংঘটিত নহয় তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷ তেওঁলোকে নাৰীৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷ তদুপৰি উক্ত ঘটনাৰ সন্দৰ্ভত চিকিৎসকলে সাব্যস্ত কৰা প্ৰতিবাদত প্ৰতিটো দল-সংগঠনৰ সহযোগিতা আছে আৰু থাকিব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : কলকাতাত চিকিৎসক ধৰ্ষণ-হত্যা : অপৰাধত জড়িত কেইবাজনো ইন্টাৰ্ণ, চিকিৎসকৰ নাম CBI ক জনায় অভিভাৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.