ETV Bharat / state

অনা-অসমীয়া বিৰোধী প্ৰতিবাদৰ মাজতে আটক কৰা ৬ গৰাকী নেতাক মুকলি: টাস্ক ফ’ৰ্চ গঠন জিলা আয়ুক্তৰ - Protest in Tinsukia

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 12:24 PM IST

Tinsukia Protest: এগৰাকী অসমীয়া যুৱকক প্ৰহাৰ কৰাক লৈ তিনিচুকীয়াত অনা-অসমীয়া বিৰোধী প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰতিবাদৰ সময়ত বিভিন্ন সংগঠনৰ ৬ গৰাকী নেতাক আৰক্ষীয়ে আটক কৰিছিল । অৱশ্যে সংগঠনসমূহৰ দাবীত আৰক্ষীয়ে নেতাকেইজনক মুকলি কৰি দিয়ে ।

Protest in Tinsukia
অনা-অসমীয়া বিৰোধী প্ৰতিবাদ;টাস্ক ফ'ৰ্চ গঠন প্ৰশাসনৰ (ETV Bharat)

তিনিচুকীয়া, ২৩ আগষ্ট : এগৰাকী অসমীয়া যুৱকক আক্ৰমণ কৰা ঘটনাৰ ন্যায় বিচাৰি তিনিচুকীয়া চহৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল । সেই প্ৰতিবাদৰ সময়তে বিভিন্ন দল-সংগঠনৰ ৬ গৰাকীকৈ নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰিছিল । নেতাকেইজন হৈছে ক্ৰমে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি উমানন্দ মুদৈ মৰাণ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি কেশৱ দহোতীয়া, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সহকাৰী সম্পাদক কল্যাণ চেতিয়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মাকুম আঞ্চলিক সমিতিৰ সম্পাদক অখিল বৰুৱা, খিলঞ্জীয়া যুৱ মঞ্চ তিনিচুকীয়াৰ সভাপতি প্ৰিন্স দাস আৰু বাৰেকুৰিৰ ৰীমান্ত দুৱৰা ৷

আটকাধীন নেতাৰ মুক্তিৰ দাবীত প্ৰতিবাদ

পৰৱৰ্তী সময়ত আটকাধীন নেতা-কৰ্মীকেইজনক মুকলি কৰি দিয়াৰ দাবীত তিনিচুকীয়া জিলাৰ চৌদিশে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ তিনিচুকীয়া জিলাৰ মাকুমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, মাকুম বাইপাছ পথ, ডুমডুমাৰ ৰূপাইৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, ডুমডুমাৰ ৰাজপথ, কাকপথাৰ আৰক্ষী থানাৰ সন্মুখৰ কাকপথাৰ-অৰুণাচল সংযোগী মূল পথ, ডিৰাক গেটৰ সমীপত, পেঙেৰীত, ফিল'বাৰীত পথ অৱৰোধ কৰি আৰু পানীতোলা চহৰত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি আটকাধীনসকলক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন সংগঠন । সমান্তৰালকৈ আলফা স্বাধীনেও এক বিবৃতিৰ জৰিয়তে বিনাচৰ্তে নেতাকেইজনক মুকলি কৰি দিয়াৰ দাবী জনাইছিল ৷

মুকলি আকাশৰ তললৈ আটকাধীন নেতা

এনেবোৰ প্ৰতিবাদৰ অন্তত তিনিচুকীয়া আৰক্ষীয়ে নিশা নেতাকেইজনক মুকলি কৰি দিবলৈ বাধ্য হয় । তেওঁলোকক মুকলি কৰি দিয়াৰ পিচতে প্ৰতিবাদী কাৰ্যসূচীসমূহ প্ৰত্যাহাৰ কৰা হয় । ইফালে আটকাধীন নেতা-কৰ্মীসকলক মুকলি কৰি দিয়াৰ পিচতে বিভিন্ন সংগঠনৰ শতাধিক সদস্যই তিনিচুকীয়া সদৰ আৰক্ষী থানাত ভিৰ কৰে আৰু তেওঁলোকে থানাৰ পৰা লৈ যায় ।

অব্যাহত থাকিব প্ৰতিবাদ

অৱশ্যে অসমীয়া যুৱকজনক আক্ৰমণ কৰা অনা-অসমীয়া যুৱকসকলক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰো হুংকাৰ দিয়ে সংগঠনসমূহে । এই ক্ষেত্ৰত প্ৰশাসনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ২৭ আগষ্টৰ পিচত তীব্ৰ আন্দোলন কৰাৰো হুংকাৰ দিয়ে সংগঠনসমূহে ।

টাস্ক ফ'ৰ্চ গঠন

আনহাতে তিনিচুকীয়া জিলাৰ আইন শৃংখলা পৰিস্থিতিক লৈ তৎপৰ হৈ পৰিছে তিনিচুকীয়া জিলা প্ৰশাসন ৷ যিকোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ তিনিচুকীয়া জিলা আয়ুক্তই গঠন কৰি দিছে এক টাস্ক ফ'ৰ্চ ৷ সমগ্ৰ জিলাখনতে মহকুমা ভিত্তিত ক্ৰমে তিনিচুকীয়া ৰাজহ চক্ৰ, ডুমডুমা ৰাজহ চক্ৰ, মাৰ্ঘেৰিটা ৰাজহ চক্ৰ আৰু শদিয়া ৰাজহ চক্ৰত পৃথকে পৃথকে গঠন কৰা হৈছে এই টাস্ক ফ'ৰ্চ ৷ সাম্প্ৰদায়িক সংঘৰ্ষত লিপ্ত হোৱা লোকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও এক নিৰ্দেশনাযোগে সকীয়াই দিছে জিলা আয়ুক্তই ।

লগতে পঢ়ক :তিনিচুকীয়াত আৰক্ষীয়ে আটক কৰা ছয় প্ৰতিবাদকাৰীক মুকলিৰ দাবী আলফা স্বাধীনৰ - Tinsukia Protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.