ETV Bharat / state

ৰুদ্ৰসিংহই কাক পৰাজিত কৰি বুঢ়ী গোঁসানী দেৱালয় স্থাপন কৰিছিল ? - Burhi Gosani Devalaya in Jorhat

King Rudra Singh : ৰুদ্ৰ সিংহই কোন দেৱীক আগত লৈ যুদ্ধলৈ গ’লে জয়ী হৈছিল ? সেই দেৱালয়খন ক'ত আছে ?

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Burhi Gosani Devalaya
জাগ্ৰত শক্তিপীঠ বুঢ়ী গোঁসানী দেৱালয় (ETV Bharat Assam)

যোৰহাট, ৭ অক্টোবৰ : যোৰহাট নগৰৰ মাজমজিয়াৰ গড়আলিৰ পূৱ প্ৰান্তত আছে জাগ্ৰত শক্তিপীঠ বুঢ়ী গোঁসানী দেৱালয় । ৰাজ্যৰ লগতে দেশ-বিদেশৰ ভক্তপ্ৰাণ ৰাইজ আহি জাগ্ৰত শক্তিপীঠ বুঢ়ী গোঁসানী দেৱালয়ত এগছি বন্তি প্ৰজ্বলন কৰিবলৈ উদগ্ৰীৱ হৈ থাকে । কাৰণ মাৰ ওচৰত সেৱা আগবঢ়ালে ভক্তৰ নিজৰ মনোকামনা পূৰণ হয় বুলি এক জনবিশ্বাস আছে ।

বুঢ়ী গোঁসানী দেৱালয়ত শাৰদীয় দুৰ্গা পূজাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে আৰু যুদ্ধংদেহি তৎপৰতাৰে সকলো সাজু হৈছে । এই দেৱালয়খনত ২৩০ তম পূজা-অৰ্চনাৰ বাবে সকলো সাজু হৈছে । পূৰ্বতে এই দেৱালয়ত ম'হ বলি দিয়া হৈছিল যদিও এতিয়া এই প্ৰথা নাই । অৱশ্য়ে হাঁহ, ছাগলী বলি দিয়া হয় । উল্লেখ্য় যে সম্প্ৰতি ম'হ বলি দিয়া নহয় যদিও উৰ্চগা কৰিব পাৰে ভক্তই ।

বুঢ়ীগোঁসানী মূৰ্তি কি দৰে অনা হৈছিল ?

আহোম ৰজা ৰুদ্ৰসিংহই জয়ন্তীয়া ৰজাক পৰাস্ত কৰি জয়ন্তীয়া ৰাজ্যত থকা মূৰ্তি ভাগৰ লগতে পূজাত ব্যৱহৃত অন্যান্য সামগ্ৰী লৈ আনিছিল । প্ৰথমতে মূৰ্তি ভাগ আনি বুঢ়ী নদীৰ কাষত থোৱা বাবে মূৰ্তি ভাগৰ নাম বুঢ়ী গোঁসানী বুলি পৰিচিত হ'ল বুলি এক লোক বিশ্বাস আছে । আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিব লগা হোৱাৰ লগে লগে মা বুঢ়ী গোসাঁনীকো লৈ অনা হয় ।

১৭৯৪ চনত যোৰহাটৰ মাজমজিয়াৰ গড়আলিৰ পূৱ প্ৰান্তৰ এই স্থানত বঢ়ী গোঁসানীক প্ৰতিষ্ঠা কৰা হৈছিল আৰু সনাতন বৰুৱা নামৰ এজন পূজাৰীক পূজা-অৰ্চনা কৰা দায়িত্ব দিয়া হৈছিল । এই মন্দিৰ ভাগ দল আকাৰে প্ৰতিষ্ঠা কৰাৰ কথা আছিল যদিও মান, মোৱামৰীয়া বিদ্ৰোহ আৰু ইংৰাজৰ শাসন আদিৰ বাবে হৈ নুঠিল । বিগত ২৩০ বছৰ ধৰি নিৰবিচ্ছিন্নভাৱে এই দেৱালয়ত পূজা-পাতল চলি আহিছে । বিশেষত দুৰ্গা পূজাত মাৰ ওচৰত ধূপ, চাকি, নৈবদ্য দিহে ভক্তপ্ৰাণ ৰাইজ অন্য পূজা মণ্ডপলৈ যায় ।

উল্লেখ্য যে অসমৰ ভিতৰতে এখন অন্যতম ঐতিহ্যমণ্ডিত শক্তিপীঠ হৈছে যোৰহাটৰ গড়আলিৰ সমীপৰ বুঢ়ী গোঁসানী দেৱালয় । ১৭৯৪ চনত আহোমৰ শেষ ৰাজধানী যোৰহাটত স্থাপন কৰাৰ সময়তে যোৰহাটত প্ৰতিষ্ঠা কৰা হৈছিল এই দেৱালয় । আহোম ৰজা ৰুদ্ৰ সিংহই জয়ন্তীয়া ৰজাক যুদ্ধত হৰুৱাই দেৱীক গড়গাঁওস্থিত ৰাজধানীত প্ৰতিষ্ঠা কৰিছিল । বিশ্বাস আছিল যে এই দেৱীক আগত লৈ যুদ্ধলৈ গ’লে যুদ্ধ জয়ী হয় ।

লগতে পঢ়ক:মহালয়া কোনদিনা পালন কৰা হ’ব ? এইবাৰ কিহত আগমন আৰু গমন কৰিব মা দুৰ্গাই ? - Mahalaya 2024

দুৰ্গা প্ৰতিমা দান কৰি মজিব আলীয়ে দেখুৱাইছে সম্প্ৰীতিৰ নিদৰ্শন - Communal harmony in Durga Puja

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.