ETV Bharat / state

নেপালী সাহিত্যিক বিদ্যাপতি দাহালক প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা-২০২৪ প্ৰদান - PRAGJYOTISHPUR LITERATURE AWARD

ভাষাৰ বৰ্ষীয়ান সাহিত্যিক বিদ্যাপতি দাহালক প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা-২০২৪ প্ৰদান ৷ সাহিত্যৰ স্ববোধ-স্বাভিমানক লৈ মনোজ্ঞ আলোচনা ৷

PRAGJYOTISHPUR LITFEST 2024
প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা-২০২৪ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 16, 2024, 11:05 AM IST

গুৱাহাটী : গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ৰ দেওবাৰে সামৰণি পৰিল । অন্তিম দিনা প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা-২০২৪ প্ৰদান কৰা হয় নেপালী ভাষাৰ বৰ্ষীয়ান সাহিত্যিক বিদ্যাপতি দাহালক । সাহিত্য উৎসৱৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰে শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসে ৷

বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড৹ অমৰজ্যোতি চৌধুৰীয়ে মুখ্য অতিথিৰ আসন অলংকৃত কৰা এই অনুষ্ঠানত প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা-২০২৪ বিদ্যাপতি দাহালক প্ৰদান কৰা হয় ৷ সংস্কৃত পণ্ডিত, ব্যাকৰণ-বেদান্ত-সাহিত্য শাস্ত্ৰী দাহালে নেপালী ভাষাৰ লগতে ৰাষ্ট্ৰভাষা হিন্দীতো মননশীল সাহিত্য সৃষ্টি কৰি সুনাম অৰ্জন কৰিছে ৷ ভাষা-ব্যাকৰণৰ পাণ্ডিত্যৰে উজলি উঠা দাহালে সাহিত্যৰ মাজেৰে লোক-জীৱনকো প্ৰতিফলিত কৰিছে ৷

PRAGJYOTISHPUR LITFEST 2024
প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা-২০২৪ (ETV Bharat)

বঁটা গ্ৰহণ কৰি দাহালে কয়, "প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱে ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ বঁটা প্ৰাপ্তিয়ে উৎসাহ আৰু আনন্দ প্ৰদান কৰিছে ৷" আনহাতে প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা-২০২৪ গ্ৰহণ কৰে শিৱসাগৰ জিলাৰ দিখৌমুখৰ গুৱাল গাঁৱৰ যুৱ সাহিত্যিক সুপ্ৰকাশ ভূঞাই ৷ ১৯৯০ চনত জন্মলাভ কৰা সুপ্ৰকাশ ভূঞাই ৰচনা কৰা গল্প প্ৰকাশ, প্ৰান্তিক, গৰীয়সী, সাতসৰী আদি আগশাৰীৰ সাহিত্য আলোচনীত প্ৰকাশ পাই আহিছে ৷

অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড৹ অমৰজ্যোতি চৌধুৰীয়ে ভাষণ প্ৰসংগত কয়,"শিপাৰ সন্ধানত আয়োজন কৰা এই সাহিত্য উৎসৱে নতুন চিন্তাৰ দুৱাৰ মুকলি কৰিছে ৷ বিশেষকৈ তৰুণ প্ৰজন্মৰ বাবে এয়া অতি প্ৰয়োজনীয় ৷ ইয়াৰ আলোচনাৰ বিষয়বোৰে ঐতিহ্য-পৰম্পৰা, সমাজ-সভ্যতাক, স্ববোধ-স্বাভিমানক সামৰি লৈছে ৷ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সমগ্ৰ সৃষ্টিকৰ্মত জাতীয় দায়ৱদ্ধতা, সম্প্ৰীতি, বিশ্বজনীন দৰ্শন বিচাৰি পোৱা যায় ৷ এয়া দৰাচলতে আমাৰ সমাজ-সংস্কৃতিৰ দৰ্শন ৷ নতুন প্ৰজন্মই এই কথাবোৰ অনুধাৱন কৰিবলৈ উদ্বুদ্ধ হ'ব লাগিব ৷" অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ স্মৃতি কুমাৰ সিন্হা, বিশিষ্ট সাহিত্যিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, প্ৰাগজ্যোতিষপুৰ সহিত্য উৎসৱ-২০২৪ৰ কাৰ্যকৰী সভাপতি সৌম্যদ্বীপ দত্তই ৷

ইফালে, শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এই সাহিত্য উৎসৱ দেওবাৰে অন্তিম দিনাও ৪ খনকৈ আলোচনা চক্ৰ আৰু বহুভাষিক কবি সন্মিলনেৰে আকৰ্ষণীয় হৈ পৰে ৷ "স্ববোধ আৰু স্বাভিমান: প্ৰাগজ্যোতিষপুৰৰ সময়ৰ পৰা সাম্প্ৰতিক অসমলৈ" শীৰ্ষক আলোচনা চক্ৰখন সঞ্চালনা কৰি বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে কয়, "এয়া এক বিশাল বিষয় ৷ এনেধৰণৰ বিষয় আগতে আলোচনা হোৱা নাই ৷ স্ববোধ আৰু স্বাভিমান নাথাকিলে সেই জাতিও জীয়াই নাথাকে ৷ স্ববোধ, স্বাভিমানে দেশপ্ৰেমকো প্ৰতিনিধিত্ব ৷ উদাহৰণস্বৰপে "ৰোমান ৱাৰিয়'ৰ" বুলিলে দেশপ্ৰেমক বুজায় ৷ এয়া স্ববোধ আৰু স্বাভিমানৰ নিদৰ্শন ৷ ভাৰতীয় সভ্যতাই দেশক আই বুলিবলৈ শিকাইছে ৷ সেইদৰে অসমো আই ৷ আমাৰ বাবে ভাৰতী আই, অসমী আই ৷ অৰ্থাৎ আমাৰ মাতৃ আৰু দেশ একাকাৰ হৈ আছে ৷ এয়াই স্ববোধ, স্বাভিমান ৷"

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উত্তৰ পূৰ্ৱাঞ্চল অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী অধ্যাপক ড৹ গজেন্দ্ৰ অধিকাৰী, কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ সহযোগী অধ্যাপক ড৹ প্ৰশান্ত চক্ৰৱৰ্তী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ব বিষয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ যোগেন্দ্ৰ নাথ শৰ্মা, সাহিত্যিক ড৹ পৰী হিলৈদাৰী আদিয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ।

ত্ৰিপুৰাত আছে ১৯ টা ভাষা, ১০ কিলোমিটাৰৰ অন্তৰে অন্তৰে আছে ভাষাৰ পৰিৱৰ্তন :

সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ত্ৰিপুৰাৰ কবি, বিশিষ্ট লেখক অশোক দেৱে কয়,"সকলো মানুহ লোক-জীৱনৰে প্ৰতিনিধি ৷ সেয়ে লোক সংস্কৃতিত মানুহৰ জীৱনশৈলী প্ৰতিফলিত হয় ৷ ত্ৰিপুৰাত ১৯ টা ভাষা আছে ৷ ১০ কিলোমিটাৰৰ অন্তৰে অন্তৰে ভাষাসমূহৰ পৰিৱৰ্তন লক্ষ্য কৰিব পাৰি ৷ এই প্ৰতিটো ভাষাৰ লোককথা, লোক সংস্কৃতিয়ে ত্ৰিপুৰাৰ সংস্কৃতি গঢ়ি তুলিছে ৷ মই নিজে বাংলা ভাষাত লিখো কিন্তু ত্ৰিপুৰাৰ লোকজীৱনৰ কথাই লিখোঁ ৷"

অৰুণাচল আৰু মণিপুৰৰ সাহিত্যিকৰো অংশগ্ৰহণ :

আন এগৰাকী সমল ব্যক্তি অৰুণাচল প্ৰদেশৰ বিশিষ্ট লেখক, ৱাংচা চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক গণখু চুমনয়নে কয়, "দেশৰ অন্যান্য প্ৰান্তৰ দৰে অৰুণাচলৰ সাহিত্য-সংস্কৃতিৰ নিজস্ব ৰূপ আছে ৷ এইবোৰ সামগ্ৰিকভাৱে দেশীয় সংস্কৃতিৰে অংশ ৷" মণিপুৰৰ কবি-গীতিকাৰ, নিবন্ধকাৰ দিলীপ মায়েংবামে এই সন্দৰ্ভত এনেদৰে কয়, "মণিপুৰ সংস্কৃতিৰ এক বিশাল আৰু চহকী ভাণ্ডাৰ ৷ মণিপুৰৰ সংস্কৃতিয়ে ভাৰতীয় সংস্কৃতিক সুকীয়া পৰিচয় প্ৰদান কৰিছে ৷ সংকীৰ্তনৰ পৰা আৰম্ভ কৰি মণিপুৰৰ সাংস্কৃতিক ঐতিহ্য বিশ্বমাত্ৰিক পৰিচয়েৰে সমৃদ্ধ ৷"

অৰুণাচলৰ ৰাজীৱ গান্ধী ক্ষেত্ৰিয় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড৹ বম্পি ৰিবাই কয়, "লোক সংস্কৃতিয়ে অৰুণাচলক সমৃদ্ধ কৰিছে ৷ লোকসংগীত, সাধুকথা, লোক নৃত্যৰে অৰুণাচলৰ জনজীৱন পৰিপূৰ্ণ ৷ জনগোষ্ঠীয় বিভিন্নতাৰ সমানে বৰ্ণিল কৃষ্টি-সংস্কৃতিও গঢ়ি উঠিছে ৷ ইয়াত পুৰুষ আৰু মহিলাৰ সুকীয়া লোকগীত আছে ৷ এয়া আমাৰ সাংস্কৃতিক ঐশ্বৰ্যৰ চিনাকি ৷"

উল্লেখ্য যে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱক আকৰ্ষণীয় কৰি তোলে ভিন্নভাষী কবি সন্মিলনে ৷ বড়ো ভাষাৰ বিশিষ্ট কবি ৰত্নেশ্বৰ বসুমতাৰীৰ সঞ্চালনাত অনুষ্ঠিত এই কবি সন্মিলনত অংশগ্ৰহণ কৰে মৃদুল হালৈ (অসমীয়া ভাষা), অভিজিৎ গগৈ (অসমীয়া ভাষা), ৰবি শংকৰ ৰবি (হিন্দী ভাষা), ৱেলচিং হান্সে (কাৰ্বি ভাষা), দেবেন চাপকাটাই (নেপালী ভাষা)।

লগতে পঢ়ক :কলাক্ষেত্ৰত মননশীল আলোচনা চক্ৰত প্ৰতিফলিত ঐতিহ্য-সমাজ জীৱনৰ ছবি - PRAGJYOTISHPUR LITFEST 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.