মৰাণ: ঠিক হিন্দী চিনেমাৰ দৰেই দৃশ্য়টো । শিহৰণকাৰী । শ্বাসৰুদ্ধকৰ ৷ খলনায়কক ছবিৰ নায়কে মাৰপিট কৰি বন্দী কৰাৰ কাহিনীৰ দৰেই বুলি ক'ব পাৰি । সন্ধিয়া সময়তেই এটা অট্টালিকাৰ চৌহদৰ মূল দুৱাৰ খুলি ডকাইতি কৰাৰ উদ্দেশ্য়ে প্ৰৱেশ কৰিছিল ছয়জনীয়া দল এটাই । সেই সময়তেই চৌহদত প্ৰৱেশ ঘটিল গৃহস্থৰ । তাৰ পিছতেই আৰম্ভ হ'ল মাৰপিট ।
এফালে গৃহস্থ আৰু আনফালে ডকাইতৰ দলটোৰ টনা-আঁজোৰা । গৃহস্থৰ ৰুদ্ৰৰূপ দেখি ডকাইতৰ দলটোৱে পলায়ন কৰে যদিও এটা অপৰাধীক গৃহস্থই ধৰিলে গবামাৰি । ডকাইতৰ দলটোৰ আক্ৰমণত সামান্য় আঘাত পালেও এৰি নিদিলে অপৰাধীটোক । এই সকলো দৃশ্য় বন্দী হ'ল চিচি টিভি কেমেৰাত ।
অপৰাধীৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱাৰ সময়তে মৰাণত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ডকাইতি কৰাৰ চেষ্টা চলোৱাৰ ঘটনা । মৰাণৰ ৰাণীপথত মঙলবাৰে সন্ধিয়া 'মনভৰি' নামৰ ৰেষ্টুৰেন্টখনৰ গৰাকী মধুকৰ মাৰোডিয়াৰ বাসগৃহত ছয়জনীয়া ডকাইতৰ দল এটাই প্ৰৱেশ কৰি ডকাইতি কৰিবলৈ চেষ্টা কৰে ৷ ফুটগধুলিতে মধুকৰ মাৰোদিয়াৰ ঘৰত প্ৰৱেশ কৰিছিল ডকাইতৰ দলটোৱে । সেই সময়ত ব্যৱসায়ীজনৰ বাসগৃহত আছিল কেৱল পিতৃ-মাতৃ ।
মধুকৰ মাৰোডিয়াই কৰ্মস্থলীৰ পৰা নিজৰ ঘৰলৈ অহাৰ সময়ত চৌহদত ছয়জনীয়া অচিনাকী যুৱকৰ দল এটাক প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰে । তৎমুহূৰ্ততে ব্যৱসায়ীজনে আগচি ধৰে এই দলটোক । সেই সময়তে দলটোৰ সৈতে ব্যৱসায়ীজনৰ হতাহতি হোৱাত তেওঁ কিছু পৰিমানে আঘাতপ্ৰাপ্তও হয় । দলটোৱে পলায়নৰ চেষ্টা কৰে যদিও ব্যৱসায়ীজনে কৰায়ত্ত কৰে এটা ডকাইতক ৷ ধৃত ডকাইতটো গোলাঘাটৰ গৰঙাৰ পাপু পাত্ৰ বুলি জানিব পৰা গৈছে । মৰাণ আৰক্ষীয়ে ডকাইতটোক নিজৰ জিম্মাত লৈ সোধাপোছা অব্যাহত ৰাখিছে ৷
মাৰোডিয়াই এই ঘটনাৰ বিষয়ে উল্লেখ কৰি কয়, "আটাইকেইটা ডকাইতে মুখত পৰিধান কৰি আছিল মাস্ক ৷ ডকাইতিৰ উদ্দেশ্যৰে বাসগৃহত প্ৰৱেশ কৰাটো স্বীকাৰ কৰিছে আটক হোৱা ডকাইতটোৱে ।" ব্যৱসায়ীজনৰ বয়োজ্যেষ্ঠ পিতৃ-মাতৃ ঘৰত থকাৰ সুযোগ বুজি ডকাইতি কৰিবলৈ আহিছিল দলটোৱে । সেই সময়তেই ব্যৱসায়ীজন আহি পোৱা বাবেহে পৰিয়ালটো ৰক্ষা পৰিল ভয়ংকৰ বিপদৰ পৰা ।
কি কয় মধুকৰ মাৰোডিয়াই:
শিহৰণকাৰী ঘটনাটো পোহৰলৈ অহাৰ পাছতে ব্যৱসায়ীজনে সমগ্ৰ ঘটনা সম্পৰ্কত কয়, "দোকানৰ পৰা ঘৰলৈ চাহ খাবলৈ আহোতে মোৰ মটৰ চাইকেলৰ হৰ্ণ শুনি ৫ৰ পৰা ৬জন ল'ৰা ঘৰৰ পৰা ওলাই আহে আৰু মোক আক্ৰমণ কৰে । মই প্ৰত্যুত্তৰ দি এজনক ধৰিবলৈ সক্ষম হওঁ আৰু বাকী কেইজন পলাই যায় । যুৱককেইটাই মুখত মাস্ক পৰিধান কৰি আহিছিল । যিজন যুৱকক কৰায়ত্ত কৰিছো তেওঁৰ পৰা এটা টেপ পাইছো । এটা মোবাইল ফোন ডকাইতৰ দলটোৰ পৰা পৰি গৈছে, সেইটো ইতিমধ্যে আৰক্ষীক দিয়া হৈছে। "
পিষ্টল উদ্ধাৰ :
ইপিনে এই ঘটনাৰ পিছতেই মৰাণৰ ৰাণীপথত হস্তনিৰ্মিত এটা পিষ্টল উদ্ধাৰ হয় ৷ ব্যৱসায়ী মধুকৰ মাৰোডিয়াৰ বাসগৃহৰ নাতিদূৰৈত পথৰ কাষত উদ্ধাৰ হৈছে গুলীভৰ্তি পিষ্টলটো ৷ পলায়ন কৰা ডকাইত কেইটাই পিষ্টলটো পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক: নগাঁও আৰক্ষীৰ জালত পৰিল চাৰি চাইবাৰ অপৰাধী