ETV Bharat / state

দুষ্প্ৰাপ্য গিবনৰ মাজত প্ৰচলিত এক পৰম্পৰা; বংশ বিস্তাৰৰ সংকটত 'বন মানুহ' প্ৰজাতি - JORHAT GIBBON SANCTUARY

'গিবন', যাক আমি সহজভাৱে 'বন মানুহ' বুলি জানো । কিন্তু যোৰহাটৰ গিবন অভয়াৰণ্যত অস্তিত্বৰ সংকটত ভুগিছে এইবিধ পৃথিৱীৰ বিৰল প্ৰজাতিৰ প্ৰাণী । কিন্তু কিয় ?

Jorhat Gibbon Sanctuary
বংশ বিস্তাৰৰ সংকটত গিবন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 29, 2025, 12:34 PM IST

যোৰহাট : গিবন অভয়াৰণ্য- প্ৰকৃতিৰ এক অকৃপণ দান । যোৰহাট জিলাৰ মৰিয়নীৰ হোলোঙাপাৰত অৱস্থিত গিবন অভয়াৰণ্য দুষ্প্ৰাপ্য 'গিবন' প্ৰজাতিৰ বাসস্থান ।

হোলোঙাপাৰ গিবন অভয়াৰণ্যক ১৯৯৭ চনত চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হৈছিল । অৱশ্যে ১৮৮১ চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা পূৰ্বতে পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল যদিও বিভিন্ন কাৰণত ইয়াৰ পৰিসৰ হ্ৰাস পাইছে ।

বংশ বিস্তাৰৰ সংকটত গিবন (ETV Bharat Assam)

উল্লেখ্য যে এই 'গিবন' হৈছে পৃথিৱীৰ এক দুষ্প্ৰাপ্য প্ৰাণী প্ৰজাতি । কিন্তু বৰ্তমান গিবন অভয়াৰণ্যত হ্ৰাস পাইছে এই গিবন প্ৰজাতি । কিন্তু কিয় কমিছে গিবনৰ সংখ্যা ? এইক্ষেত্ৰত স্থানীয় লোক তথা প্ৰকৃতিপ্ৰেমীয়ে কি কয় ? ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

প্ৰকৃতিৰ অনুপম সৃষ্টি গিবন অভয়াৰণ্য বৰ্তমান সময়ত পৃথিৱীৰ সাত প্ৰজাতিৰ দুষ্প্ৰাপ্য বান্দৰৰ বসতিস্থল । ফলত দেশী-বিদেশী পৰ্যটক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে গিবন অভয়াৰণ্য । কিন্তু বৰ্তমান জলবায়ু পৰিৱৰ্তন আৰু আনুষংগিক কাৰণৰ বাবে অভায়ৰণ্যখনৰ এবিধ বিশেষ প্ৰাণীক লৈ উদ্বিগ্ন আৰু চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল ।

কাৰণ পৃথিৱীৰ ভিতৰতেই দুষ্প্ৰাপ্য বন মানুহ প্ৰজাতি গিবনৰ বসতিস্থল অভয়াৰণ্যখনত গিবনে প্ৰয়োজন অনুসৰি বংশ বৃদ্ধি কৰা নাই । কিন্তু এই বন মানুহ প্ৰজাতিৰ গিবনে কিয় বংশ বৃদ্ধি কৰিব পৰা নাই ? এই বিষয়ে বিৱৰি ক'লে প্ৰকৃতিপ্ৰেমীয়ে । লগতে বৰ্তমান অভয়াৰণ্যখনত কিমান গিবন পৰিয়াল আছে তাৰ বিষয়েও জনায় ।

গিবনৰ বংশ বৃদ্ধি নোহোৱাৰ কাৰণ কি

গিবনৰ বংশ বৃদ্ধি নোহোৱাৰ কাৰণ ব্যাখ্যা কৰি বনাঞ্চলখনৰ প্ৰাণীকুলৰ সৈতে নিবিড় সম্পৰ্ক থকা এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে কয়, "হোলোঙাপাৰৰ গিবন অভয়াৰণ্যলৈ দেশী-বিদেশী পৰ্যটক আহে । বিশেষকৈ পৃথিৱীৰ দুষ্প্ৰাপ্য বন মানুহ প্ৰজাতিৰ গিবনৰ লগতে অন্যান্য ছটা প্ৰজাতিৰ বান্দৰ চাবলৈ ইয়ালৈ আহে । আমি অতীতৰ পৰাই গম পাই আহিছোঁ যে অভয়াৰণ্যখনত ২৬ টা গিবন পৰিয়াল আছে । আৰু সৰ্বমুঠ ১০৬ টাৰ পৰা ১১০ টা গিবন পোৱা যায় বুলি জনা যায় ।"

Jorhat Gibbon Sanctuary
যোৰহাটৰ গিবন অভয়াৰণ্যত প্ৰত্যক্ষ কৰা গিবন (ETV Bharat Assam)

হ্ৰাস পাইছে গিবনৰ সংখ্যা

তেওঁ লগতে কয়, "শেহতীয়াকৈ ২০২২ চনত কৰা এক সমীক্ষাত বন মানুহ প্ৰজাতিৰ গিবনৰ সংখ্যা হ্ৰাস পোৱা দেখা গৈছে । অৰ্থাৎ বৰ্তমান ৪৫ ৰ পৰা ৫০ টা গিবনহে পোৱা গৈছে অভয়াৰণ্যখনত । গিবনৰ সংখ্যা কমি অহাৰ মূলতে হৈছে ফলমূলৰ পৰিমাণ হ্ৰাস হোৱা আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰে'ল লাইন আৰু পানীৰ পৰিমাণ কমি অহা ।"

গিবনৰ সংখ্যা হ্ৰাস পোৱাৰ এক অন্যতম কাৰণ হৈছে ৰে'ল বিভাগ

স্থানীয় প্ৰকৃতিপ্ৰেমীগৰাকীয়ে কয়, "উত্তৰ-পূব সীমান্ত ৰে'লৱেই গিবন অভয়াৰণ্যক দুটা ভাগত বিভক্ত কৰিছে । দুটা ভাগত বিভক্ত অৰণ্যখনলৈ অহা-যোৱাৰ বাবে থকা প্ৰাকৃতিকভাৱে গছৰে সজ্জিত দলংসমূহ কাটি দিয়াৰ বাবে এটা অংশৰ পৰা আন এটা অংশলৈ গিবন অহা-যোৱা কৰিব পৰা নাই । ফলত সিহঁতৰ মাজত কোনোধৰণৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰাটো সম্ভৱ হৈ উঠা নাই ।"

লগতে তেওঁ কয়, "গিবনে মানুহৰ দৰে একেটা বংশৰ মাজত শাৰীৰিক সম্পৰ্ক স্থাপন নকৰে আৰু গিবন তললৈ নামি নাহে । অৰ্থাৎ গিবনে সমগোত্ৰীয় সংগমত লিপ্ত নহয় । আনহাতে, গিবন গছৰ ওপৰে ওপৰে বগাই যায়, তললৈ নামি নাহে । কিন্তু ৰে'ল লাইনটোৱে অভয়াৰণ্যখনক দ্বিবিভক্ত কৰাত বেলেগ গোত্ৰৰ মাজত সংগম সম্ভৱ হোৱা নাই আৰু মাটিৰে খোজকাঢ়িও ইটো অংশৰ পৰা সিটো অংশলৈ গিবন নাযায় । এনেবোৰ কাৰণতেই গিবনৰ বংশ বৃদ্ধি হোৱা নাই । চৰকাৰে অন্য ৰাষ্ট্ৰীয় উদ্যানৰ বাবে যিসমূহ কাম কৰিছে তেনে কাম গিবনক লৈ কৰিব লাগে ।"

প্ৰকৃতিপ্ৰেমী সংগঠনে কি কয়

গিবনৰ বংশ বৃদ্ধি সন্দৰ্ভত হোলোঙাপাৰৰ নেচাৰ ছ’চাইটীৰ এগৰাকী সদস্যই কয়, ‘‘গিবন অভয়াৰণ্যক ৰে'ল লাইনে দুটা ভাগত বিভক্ত কৰিছে । ফলত এটা অংশৰ পৰা আন এটা অংশলৈ মতা আৰু মাইকী গিবন অহা-যোৱাত বাধা আহিছে । কাৰণ প্ৰাকৃতিকভাৱে অহা-যোৱা কৰা দলংসমূহ নিৰ্মাণ নোহোৱা বাবেই গিবনৰ বংশ বৃদ্ধি হোৱা নাই । সেয়েহে প্ৰাকৃতিকভাৱে দলং নিৰ্মাণ নোহোৱালৈকে গিবনৰ বংশ বৃদ্ধিৰ বাবে অপেক্ষা কৰিব লাগিব । কাৰণ গিবনৰ সমগোত্ৰীয়ভাৱে শাৰীৰিক মিলন নহয় । অৰ্থাৎ একেটা পৰিয়ালৰ মাজত ৷"

লগতে পঢ়ক :গিবন অভয়াৰণ্য গৌৰৱ আৰু আৱেগক ধ্বংস কৰিবলৈ দিয়া নহ’ব: অৰিন্দম গগৈ - KMSS PROTEST IN JORHAT
লগতে পঢ়ক :ৰে'লপথৰ বৈদ্যুতিকৰণ; গিবনৰ জীৱকুলৰ প্ৰতি ভাবুকি ! - GIBBON WILDLIFE SANCTUARY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.