ETV Bharat / state

ৰাজ্যত বিদ্যুতৰ সংকট : চাহিদা ২৫০০ মেগাৱাট আৰু উৎপাদন ৪২০ মেগাৱাট - Power crisis in Assam

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 2:33 PM IST

Assam electricity crisis : গুৱাহাটীকে ধৰি সমগ্ৰ অসমতে সঘন বিদ্যুৎ কর্তনত অতিষ্ঠ সাধাৰণ জনতা । এ পি ডি চি এলে অধিক মূল্যত বিদ্যুৎ ক্ৰয় কৰিও পূৰণ কৰিব পৰা নাই চাহিদা । অনিয়মীয়া বিদ্যুৎ সেৱাৰ পাচতো মাচুল বৃদ্ধিত অলপো কৃপনালি নকৰে শক্তি বিভাগে । অতি কৌশলপূর্ণভাৱে বিদ্যুৎ গ্ৰাহকৰ ওপৰত মাধমাৰ শোধালে ৰাজ্যৰ শক্তি বিভাগে ।

Power crisis in Assam
ৰাজ্যত বিদ্যুতৰ সংকট (ETV Bharat Assam)

গুৱাহাটী, ৪ জুলাই : অসমত পিক আৱাৰত ২৫০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হোৱাৰ বিপৰীতে উৎপাদন হয় মাত্ৰ ৪২০ মেগাৱাট । এই কথা আমি কোৱা নাই । এই কথা সদৰী কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অলপতে জনতা ভৱনত সৌৰশক্তিৰ প্ৰকল্প এটা উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই তথ্য সদৰী কৰে ।

বিদ্যুতৰ এই বিশাল চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰখনে সৌৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এনে প্ৰকল্প স্থাপনৰ বহুকেইখন আঁচনি গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰীয়ে সদৰী কৰা তথ্য অনুসৰি অসমত বিদ্যুতৰ ৬০ লাখ উপভোক্তা আছে । বৰ্তমান সময়ত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ বাহিৰা উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰা হয় ।

মুখ্যমন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি বৰ্তমান সময়ত পিক আৱাৰত প্ৰতি ইউনিট বিদ্যুৎ ১০ টকাত ক্ৰয় কৰা হয় আৰু উপভোক্তাক দিয়া হয় ৫.৮৫ টকাত । বাকীখিনি টকা বহন কৰে ৰাজ্য চৰকাৰে ।

'এ পি জি চি এল'-এ নিজস্বভাৱে উৎপাদন কৰে মাত্ৰ ৪২০ মেগাৱাট বিদ্যুৎ । লক্ষণীয় বিষয় যে বিভিন্ন উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰি ৰাজ্যৰ বিদ্যুতৰ চাহিদা পূৰণ কৰি আহিছে এ পি ডি চি এলে ।

  • চাহিদা পূৰণ কৰিব নোৱাৰি বিদ্যুৎ কৰ্তন :

সৰ্বাধিক ব্যৱহাৰৰ সময়ত ৰাজ্যত বিদ্যুতৰ চাহিদা ২২০০ মেগাৱাটৰ পৰা ২৫০০ মেগাৱাটলৈ বৃদ্ধি পায় । কিন্তু ইয়াৰ বিপৰীতে এ পি জি চি এলৰ নিজস্ব উৎপাদন হয় মাত্ৰ ৪২০ মেগাৱাট । অৱশ্যে সদায়ে উৎপাদন একে নাথাকে ।

প্ৰায়ে উৎপাদন ৩৫০ মেগাৱাটৰ তলতো হয় । যাৰ বাবে বিদ্যুতৰ বাবে আনৰ ওচৰত হাত পাতি অহা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে প্ৰয়োজনীয় বিদ্যুৎ যোগাৰ কৰিব নোৱৰাৰ পৰিণতিত ৰাজ্যজুৰি অভাৱনীয় হাৰত অব্যাহত আছে বিদ্যুৎ কর্তন ।

বিভিন্ন উৎসৰ পৰা চাহিদা অনুপাতে বিদ্যুৎ ক্ৰয় কৰাৰ পাচতো প্ৰায়ে বিদ্যুতৰ ঘাটি হয় । সেই ঘাটি পূৰণ কৰিবলৈ এ পি ডি চি এলে বিদ্যুৎ কৰ্তন কৰে । বৰষুণৰ সময়ত লোডশ্বেডিঙৰ ইমান প্ৰভাৱ নপৰে যদিও প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ সময়ত লোডশ্বেডিঙে সমস্যাত পেলায় সাধাৰণ জনতাক ।

লগতে পঢ়ক : সঘন লোডশ্বেডিঙত অতিষ্ঠ সাধাৰণ জনতা : ঠায়ে ঠায়ে বিদ্যুৎ আহে মাজে-সময়ে - Load Shedding in Assam

উল্লেখ্য যে, কেৱল গ্ৰামাঞ্চলেই নহয় গুৱাহাটীতো বিদ্যুতৰ সঘন লুকা-ভাকুৱে অতিষ্ঠ কৰি তুলিছে সাধাৰণ জনতাক । বিগত সময়ত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে বিদ্যুৎ কর্তন । কেৱল বিদ্যুৎ কর্তনেই নহয় গুৱাহাটীৰ ঠায়ে ঠায়ে বিদ্যুতৰ কম ভল্টেজৰ বাবেও সমস্যাৰ সন্মুখীন হৈছে উপভোক্তা ।

ইফালে বৰষুণ দিলেই বিদ্যুৎ সংযোগ কৰ্তন কৰাটো এটা নিয়মত পৰিণত হৈছে । এ পি ডি চি এলে চাহিদা অনুপাতে প্ৰায় সম্পূর্ণ বিদ্যুৎ যোগান ধৰা বুলি দাবী কৰি আহিলেও কিন্তু বাস্তৱত তেনে নহয় । কাৰণ তাৰ প্ৰমাণ সঘন লোডশ্বেডিং ।

উল্লেখ্য যে, বিগত বৰ্ষত ৰাজ্যত বিদ্যুৎ সংকটে অতি জটিল ৰূপ ধাৰণ কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে কেন্দ্ৰৰ পৰা অতিৰিক্তভাৱে প্ৰায় ৩৫০ মেগাৱাট বিদ্যুৎ অসমৰ বাবে আবন্টন কৰিবলৈ সক্ষম হৈছে ।

  • কৌশলেৰে নতুনকৈ বিদ্যুৎ মাচুল নিৰ্ধাৰণ শক্তি বিভাগৰ :

উপভোক্তাক প্ৰয়োজনীয় বিদ্যুতৰ যোগান ধৰিবলৈ সমৰ্থ ন'হলেও কিন্তু মাচুল বৃদ্ধিত অলপো কৃপনালি নকৰে সংশ্লিষ্ট কৰ্তৃপক্ষই । শেহতীয়াকৈ অতি কৌশলপূর্ণভাৱে বিদ্যুৎ গ্ৰাহকৰ ওপৰত মাধমাৰ শোধালে ৰাজ্যৰ শক্তি বিভাগে । ফুৱেল এণ্ড পাৱাৰ পাৰ্ছেচ প্ৰাইচ এডজাষ্টমেণ্টৰ (এফ পি পি পি এ) নামত প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে অস্থায়ীভাৱে প্ৰযোজ্য হৈ অহা ১.২৯ টকা স্থায়ীভাবে সংলগ্ন কৰা হ'ল বিদ্যুৎ বিলৰ সৈতে ।

ইন্ধনৰ দাম বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি তিনি মাহৰ বাবে সাময়িকভাৱে বৃদ্ধি কৰা এফ পি পি পি এ এতিয়াৰে পৰা নিয়মীয়াকৈ আদায় দিব লাগিব বিদ্যুৎ গ্ৰাহকে । এই সন্দৰ্ভত ইতিমধ্যে জাননী জাৰি কৰিছে অসম বিদ্যুৎ নিয়ামক আয়োগে । পহিলা জুলাইৰ পৰা কাৰ্যকৰী হৈছে এই নতুন ব্যৱস্থা ।

আনহাতে পহিলা জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ এল টি ইলেকট্ৰিক ভেহিকল চাৰ্জিং ষ্টেচনসমূহত প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে বিদ্যুৎ নিৰিখ বৃদ্ধি কৰা হৈছে ৩.৬৫ টকাকৈ । এল টি ইলেক্ট্ৰিক ভেহিকল চাৰ্জিং ষ্টেচনসমূহত প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে নিৰ্ধাৰিত নিৰিখ আছিল ৫.৯০ টকা । কিন্তু এতিয়াৰে পৰা এই নিৰিখ হৈছে ৯.৫৫ টকা ।

একেদৰে এইচ টি ইলেক্ট্ৰিক ভেহিকলছ চাৰ্জিং ষ্টেচনতো প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে নিৰিখ ১.২০ টকাকৈ বৃদ্ধি কৰা হৈছে । এইচ টি ইলেক্ট্ৰিক ভেহিকলছ চাৰ্জিং ষ্টেচনসমূহত বিদ্যুৎ নিৰিখ এতিয়া প্ৰতি ইউনিটত ৭.৪০ টকাৰ বিপৰীতে ৮.৬০ টকা হৈছে ।

উল্লেখ্য যে, এফালে শোচনীয় বিদ্যুৎ সেৱা আৰু আনফালে সঘন মাচুল বৃদ্ধিয়ে ৰাজ্যবাসীক জুৰুলা কৰি আহিছে । লক্ষণীয় বিষয় যে, খাৰুৱা তেল তথা ইন্ধনৰ মূল্যবৃদ্ধিৰ সৈতে সংগতি ৰাখি এফ পি পি পি এ প্ৰযোজ্য কৰা হয় বিদ্যুৎ গ্ৰাহকৰ ওপৰত । এফ পি পি পি এৰ নামত আৰোপ কৰা অতিৰিক্ত মাচুল স্থায়ী নহয় । তিনি মাহৰ বাবে প্ৰযোজ্য কৰা উক্ত মাচুল পাচত প্ৰত্যাহাৰ কৰা হয় ।

অলপতে এফ পি পি পি এৰ নামত প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে ১.২৯ টকাকৈ বৃদ্ধি কৰা হৈছিল । সাময়িকভাৱে আৰোপ কৰা এই ১.২৯ টকাকে বিদ্যুৎ নিৰিখৰ সৈতে স্থায়ীভাৱে সংলগ্ন কৰিবলৈ নিয়ামক আয়োগৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছিল অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এ পি ডি চি এল)।

নিয়ামক আয়োগে এ পি ডি চি এলৰ উক্ত প্ৰস্তাৱ অনুসৰি এফ পি পি পি এৰ নামত অস্থায়ীভাৱে প্ৰযোজ্য হোৱা নিৰিখক স্থায়ী মাচুলৰ সৈতে সংলগ্ন কৰাত অনুমোদন দিয়ে । অর্থাৎ অসমবাসীয়ে বিগত তিনি মাহ ধৰি প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে অতিৰিক্তভাৱে আদায় দি অহা ১.২৯ টকা প্ৰত্যাহাৰ হ'ব লাগিছিল যদিও সেয়া প্ৰত্যাহাৰ নকৰি নিয়মীয়া মাচুলৰ সৈতে সংলগ্ন কৰা হৈছে ।

এতিয়া দেখাত বিদ্যুৎ মাচুল বৃদ্ধি নাপালেও অস্থায়ী নিৰিখক স্থায়ী নিৰিখৰ সৈতে সংলগ্ন কৰাত বিদ্যুৎ গ্ৰাহকে তিনি মাহৰ বাবে অস্থায়ীভাৱে আদায় দিয়া ধন নিয়মীয়াকৈ আদায় দিয়াটো অৱধাৰিত হৈ পৰিল । কাৰ্যতঃ এইদৰে অতি কৌশলেৰে ৰাজ্যৰ শক্তি বিভাগে নতুনকৈ বিদ্যুৎ‍ নিৰিখ নিৰ্ধাৰণ কৰিছে ।

সঘন মাচুল বৃদ্ধিৰে ৰাজ্যবাসীক মাধমাৰ শোধাই অহা শক্তি বিভাগে এইবাৰ কৌশলপূৰ্ণভাৱে বৃদ্ধি কৰিলে বিদ্যুতৰ মাচুল ৷

লগতে পঢ়ক : লোডশ্বেডিঙত অতিষ্ঠ : নলবাৰীত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী ৰাইজৰ - Load Shedding in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.