ETV Bharat / state

শাকতোলাত ছিগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 7:34 PM IST

Assam Flood 2024: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে দৰং জিলাৰ আঠিয়াবাৰীৰ শাকতোলাত ছিগা মাথাউৰি পৰিদৰ্শন কৰে । মথাউৰিৰ মেৰামতিৰ কামত সন্তুষ্ট মন্ত্ৰীগৰাকী । দৰং জিলাৰ বান পৰিস্থিতিক লৈ শীঘ্ৰে প্ৰশাসনৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ আশ্বাস মন্ত্ৰীগৰাকীৰ ।

Assam Flood 2024
শাকতোলাত ছিগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ (ETV Bharat)

মঙলদৈ,২২ জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । শেহতীয়াকৈ ৰাজ্যৰ কেইবাটাও অঞ্চলত নৈৰ মথাউৰি ছিগিছে । তাৰ ভিতৰত মঙলদৈ বিধানসভা সমষ্টিৰ আঠিয়াবাৰীৰ শাকতোলাৰ মথাউৰিও অন্যতম । কিছুদিন পূৰ্বে শাকতোলাত মথাউৰি ছিগি যোৱাৰ ফলত দৰং জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত হৈছিল । হাজাৰ হাজাৰ লোক বানৰ কৱলত পৰে ।

অৱশেষত ছিগা মথাউৰি পৰিদৰ্শন কৰিবলৈ সেই স্থানত উপস্থিত হ'ল ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা । শনিবাৰে মন্ত্ৰীগৰাকীয়ে দৰঙৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ দিমীলা নৈৰ ভগ্ন মথাউৰি আৰু মঙলদৈ বিধানসভা সমষ্টিৰ আঠিয়াবাৰীৰ শাকতোলাত ছিগা মাথাউৰি পৰিদৰ্শন কৰে । প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই ছিপাঝাৰৰ দিমীলা আৰু কালপানী, মঙলদৈৰ শাকতোলা নদীৰ উন্মুক্ত মথাউৰি নিৰ্মাণ কৰাৰ লগতে দিমীলা নৈৰ ছিগা মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি ৰাইজক আশ্বাস দিয়ে ।

ইফালে ছিপাঝাৰৰ দিমীলা আৰু কালপানী নৈত বিকল হৈ থকা বোঁৱতী জলসিঞ্চন আঁচনি শ্লুইছ গেটসমূহো ৰাইজে উঠাই দিবলৈ মন্ত্ৰীগৰাকীক দাবী জনায় । ৰাইজৰ এই দাবী বিবেচনা কৰি পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে । তেওঁ বিভাগীয় মন্ত্রী অশোক সিংহলৰ সৈতে এই বিষয়টো আলোচনা কৰা হ'ব বুলি উল্লেখ কৰে । আনহাতে বানপীড়িতসকলক তৎকালীভাৱে বান সাহায্য প্ৰদান কৰিবলৈও তেওঁ প্ৰশাসনক আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে এইবাৰ ৰাজ্যত বানে ৭ টা স্থানত মথাউৰি ছিগিছে । তাৰে ব্ৰহ্মপুত্ৰ উপত্যকাত ১ টা আৰু বৰাক উপত্যকাত ৬ টা মথাউৰি ।

মন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে ছিগা মথাউৰিবোৰৰ মেৰামতিৰ কাম চলি আছে । আনহাতে দৰঙৰ ভগ্ন মথাউৰিটোৰ মেৰামতিৰ বাবে দেওবাৰে সেই স্থানত অভিযন্তা উপস্থিত হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে । ছিগা মথাউৰি পৰিদৰ্শনৰ সময়ত মন্ত্রী হাজৰীকাৰ সৈতে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দৰঙৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, দৰঙৰ জলসম্পদ বিষয়া কিশোৰ পাঠকসহ আন আন উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :ৰ'দ ওলোৱাৰ পাচতো আঁতৰা নাই পানী; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বন্যাৰ্তৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.