ETV Bharat / state

বিশ্ব আলোকচিত্ৰ দিৱসত সৌৰভ দুৱৰাক 'ফটো সাংবাদিকতা বঁটা' প্ৰদান - World Photography Day

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 5:56 PM IST

World Photography Day Celebration: ৰাজ্য়ৰ বিভিন্ন ঠাইত সোমবাৰে উদযাপন কৰা হয় বিশ্ব আলোকচিত্ৰ দিৱস । এই দিৱসৰ উদ্দেশ্য- ফটোগ্ৰাফাৰ আৰু ইয়াৰ প্ৰতি উৎসাহীসকলক একত্ৰিত কৰা । অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগতো উদযাপন কৰা হয় এই দিৱস ।

World Photography Day
World Photography Day Celebration (ETV Bharat Assam)

গুৱাহাটী, ১৯ আগষ্ট: আজি বিশ্ব আলোকচিত্ৰ দিৱস । ১৯ আগষ্টৰ দিনটো বিশ্বজুৰি এই দিৱস উদযাপন কৰা হৈছে । সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰা হয় । সোমবাৰে অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত বিশ্ব আলোকচিত্ৰ দিৱসত ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰাক এই বৰ্ষৰ 'ফটো সাংবাদিকতা বঁটা' প্ৰদান কৰা হয় । এই বঁটাত আছে গামোচা,জাপি, স্মাৰক আৰু নগদ ধন ।

বিশ্ব আলোকচিত্ৰ দিৱসত সৌৰভ দুৱৰাক 'ফটো সাংবাদিকতা বঁটা' প্ৰদান (ETV Bharat Assam)

সকলো কামতে আত্মবিশ্বাস অত্যন্ত গুৰুত্বপূৰ্ণ :

বিশ্ব আলোকচিত্ৰ দিৱসত জ্যেষ্ঠ ফটো সাংবাদিক ৰিতুৰাজ কোঁৱৰে পেৰিছ অলিম্পিকৰ অভিজ্ঞতা বৰ্ণনা কৰি ই টিভি ভাৰতৰ আগত কয়," পেৰিছ অলিম্পিকত গৈ কাম কৰাৰ যি অভিজ্ঞতা সেয়া পাহৰিব নোৱৰা অভিজ্ঞতা । ভাল অভিজ্ঞতা হৈছে । অলিম্পিকত কাম কৰাটো কঠিন, কিয়নো বেলেগ বেলেগ স্থানত একেলগে খেল চলি থাকে । সেয়ে আমি ভাৰতীয় খেলুৱৈসকলৰ খেলবোৰক অধিক গুৰুত্ব দিছিলো । " ১৯৯৭ চনত স্নাতকোত্তৰ পৰীক্ষা সমাপ্ত কৰি ফটোগ্ৰাফীক পেছা হিচাপে লোৱা ৰিতুৰাজ কোঁৱৰে লগতে কয়,"প্ৰতিটো ক্ষেত্ৰত কাম কৰিবলৈ কষ্ট । কিন্তু সদায় কামটোৰ গুণগত মান ৰক্ষা কৰিব লাগে। আত্মবিশ্বাস অত্যন্ত গুৰুত্বপূৰ্ণ ।"

ফটোগ্ৰাফী সহজ হৈছে :

জ্যেষ্ঠ ফটো সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যই বিগত সময়ৰ অভিজ্ঞতা বৰ্ণনা কৰি কয়,"ফটোগ্ৰাফী একে আছে । টেকনল'জিৰ পৰিৱৰ্তন হৈছে । আমি আৰম্ভ কৰাৰ সময়ত ব্লেক এণ্ড হোৱাইটৰ পৰা ডিজিটেল হ'ল । আজিকালি ফটোগ্ৰাফী ধুনীয়া হৈছে, সহজ হৈছে । ম'বাইলতো বহুতে ভাল ফটোগ্ৰাফী কৰি আছে । নতুন নতুন পৰিৱৰ্তন আহি আছে । ১৯৯২ ৰ পৰা এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছো । এটা সময় আছিল আমি সন্ধিয়া ৬ বজাৰ লগে লগে সাজু হৈ থাকো । ক'ত বা বোমা ফুটে ? বৰ বেয়া সময়বোৰত আমি কাম কৰিছো । সেইদিনবোৰ যাতে ঘূৰি নাহক। "

এই উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত অসমৰ কেইবাগৰাকীও ফটো সাংবাদিকে তোলা ফটো প্ৰদৰ্শন কৰা হয় । উক্ত অনুষ্ঠানটোত সকলোৱে অতীতৰে পৰা বৰ্তমানলৈকে অসমত ফটো সাংবাদিকৰ গুৰুত্ব আৰু প্ৰভাৱৰ বিষয়ে আলোকপাত কৰে । তেওঁলোকে লগতে ফটো সাংবাদিকৰ ধৈৰ্য্য আৰু একাগ্ৰতাৰ শলাগ লয় । এই অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক ৰবি শংকৰ ৰবি , প্ৰকাশ মহন্ত, সঞ্জীৱ ফুকন, অচ্যুত পাটোৱাৰী, নৰেশ কলিতা আদি ।

লগতে পঢ়ক:বিশ্ব ফটোগ্ৰাফী দিৱস: ইয়াৰ ইতিহাস আৰু গুৰুত্ব - World Photography Day

World Photography day 2023: মাজুলীৰ প্ৰথমজন ফটোগ্ৰাফাৰ দিলু দাদা কেনে আছে !

বিশ্ব ফটোগ্ৰাফী দিৱস: ইয়াৰ ইতিহাস আৰু গুৰুত্ব - World Photography Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.