ETV Bharat / state

ৰূপজ্যোতি কুৰ্মীৰ মন্তব্যৰ কোনো গুৰুত্ব নাই : সাংসদ গৌৰৱ গগৈ - MP Gaurav gogoi

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 1:36 PM IST

Jorhat Lok Sabha constituency: যোৰহাট লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈক সম্বৰ্ধনা জনালে টীয়ক কলিয়াপানী ব্লক কংগ্ৰেছে ৷ প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰাৰ লগতে বান সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত কয় ৷

party workers felicitate newly elected mp of jorhat lok sabha Gaurav gogoi in teok
নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈক সম্বৰ্ধনা (ETV Bharat)

টীয়ক, 1 জুন: টীয়ক কলিয়াপানী ব্লক কংগ্ৰেছৰ উদ্যোগত দেওবাৰে টীয়কৰ শ্বহীদ ভৱনত যোৰহাট লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ, জনপ্ৰিয় যুৱনেতা গৌৰৱ গগৈক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে এক ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷

উক্ত অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত সাংসদগৰাকীয়ে কয়, "নিৰ্বাচনৰ পূৰ্বে ৰাইজে মোক সাংসদ হিচাপে নিৰ্বাচিত কৰিলে ৰাইজক স্বাস্থ্য, উচ্চ শিক্ষা আৰু যাতায়তৰ ক্ষেত্ৰত উন্নতি সাধিম বুলি প্ৰতিশ্ৰুতি আগবঢ়াইছিলো আৰু এই প্ৰতিশ্ৰুতি পূৰণৰ বাবে মই অহৰহ প্ৰচেষ্টা চলাম ।’’

‘‘বিশেষকৈ টীয়কৰ একমাত্ৰ চিকিৎসাস্থলী টীয়ক এফ আৰ ইউৰ উন্নয়ন, যোৰহাটৰ পৰা শিৱসাগৰ পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ তথা ছাত্ৰ-ছাত্ৰীৰ উন্নত শিক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰা হ’ব । লগতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে আলোচনা কৰাৰ লগতে সংসদতো বিষয়টো উত্থাপন কৰা হ’ব ।" তেওঁ কয় ৷

লগতে পঢ়ক: ৰূপজ্যোতি কুৰ্মী-ৰাণা গোস্বামীৰ ৰাজনৈতিক জীৱনলৈ অশনি সংকেত মাতিছে গৌৰৱ গগৈয়ে ! - Jorhat LS seat results 2024

ইপিনে 8500/- টকাৰ লোভত গৌৰৱ গগৈক যোৰহাটৰ ৰাইজে ভোট প্ৰদান কৰিছে বুলি বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি সাংসদগৰাকীয়ে কয়, "বিজেপি দলৰ বহুকেইজন জ্যেষ্ঠ নেতা, প্ৰাক্তন সভাপতিয়ে মই জয়ী হোৱাৰ পাচত শুভেচ্ছা জ্ঞাপন কৰিছে ৷ ৰূপজ্যোতি কুৰ্মীৰ এনেবোৰ মন্তব্যৰ কোনো গুৰুত্ব নাই আৰু সেইবোৰ কথা ভাবিবলৈও মোৰ সময় নাই ।"

লগতে পঢ়ক: যোৰহাট লোকসভা সমষ্টিত চক্ৰবেহু ৰচনাত কি ভুল কৰিলে বিজেপিয়ে ? - LS polls 2024 results

উল্লেখযোগ্য যে, সভাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে সাংসদগৰাকীয়ে টীয়কৰ জাঁজীমুখত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় আৰু অতি শীঘ্ৰেই এই বান সমস্যা সমাধানৰ ব্যৱস্থা কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হ’ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে ।

টীয়ক কলিয়াপানী ব্লক কংগ্ৰেছৰ সভাপতি দেবেন শইকীয়াৰ সভাপতিত্বত আয়োজিত এই সভাত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পল্লৱী গগৈ, জিলা কংগ্ৰেছৰ সভাপতিকে প্ৰমুখ্য কৰি জিলা কংগ্ৰেছৰ কেইবাগৰাকীও ব্লক পৰ্যায়ৰ বিষয়ববীয়া, টীয়কৰ বিভিন্ন দল-সংগঠনৰ মুৰব্বী তথা স্থানীয় প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত থাকি জনপ্ৰিয় সাংসদগৰাকীক ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰে ।

লগতে পঢ়ক: গৌৰৱ গগৈৰ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে কৰা মন্তব্য ভুল: পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA VISITS GUWAHATI

যোৰহাটত গৌৰৱ গগৈ জয়ী হোৱাৰ কাৰণ কি ? ভাঙি পাতি ক'লে ৰূপজ্যোতি কুৰ্মীয়ে - MLA Rupjyoti Kurmi Vs Gaurav Gogoi

দেশৰ নিৰ্বাচনত ই ভি এমত কিমান ত্ৰুটি পোৱা গ’ল ? নিৰ্বাচন আয়োগক তথ্য বিচাৰিছে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi on EVM Errors

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.