হোজাই, 20 মাৰ্চ : দেশজুৰি চৰ্চা লাভ কৰিছে অযোধ্যাৰ ৰাম মন্দিৰে ৷ ৰাম মন্দিৰ ভক্তৰ বাবে মুকলি কৰাৰ পিচতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে তীৰ্থযাত্ৰাৰ বাবে অযোধ্যালৈ গমন কৰাৰ খবৰ সততে আমি পঢ়ি আহিছো ৷ এইবাৰ তীৰ্থ যাত্ৰাই চকুৰ পানীৰে বাট নেদেখা কৰিছে এটা পৰিয়ালক ৷ অযোধ্যালৈ বুলি যাত্ৰা কৰা 50 জনীয়া এটি তীৰ্থযাত্ৰী দলৰ পৰা নিৰুদ্দিষ্ট হৈ পৰিছে এগৰাকী ৮০ বছৰীয়া এগৰাকী বৃদ্ধ । ইয়াৰ পিচতে বৃদ্ধগৰাকীৰ পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
নিৰুদ্দিষ্ট বৃদ্ধগৰাকীৰ নাম হৈছে নৰেন কাকতি । তেওঁৰ ঘৰ 2/3 নম্বৰ কাকীৰ পাথৰিত বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, যোৱা 16 মাৰ্চত পুৱা লংকাৰ কাকী টিলাবজাৰৰ পৰা 50 জনীয়া তীৰ্থযাত্ৰীৰ দল এটা অযোধ্যালৈ বুলি "ভোলানাথ" নামৰ নৈশ বাছখনেৰে ৰাওনা হৈছিল ।
সেইমতে, 18 মাৰ্চৰ পুৱা তীৰ্থ যাত্ৰীৰ দলটো গন্তব্যস্থান অযোধ্যাত উপস্থিত হৈছিলগৈ যদিও নৰেন কাকতি নামৰ লোকজন হঠাতে আদবাটতে নিৰুদ্দিষ্ট হৈ পৰে ৷
পৰিয়ালটোৰ লোকে অৱগত কৰা মতে, বিহাৰ পোৱালৈকে লোকজনৰ সম্ভেদ আছিল যদিও ইয়াৰ পিচৰ পৰা লোকজনৰ সৈতে পৰিয়ালৰ লোকৰ কোনো যোগাযোগ নাইকিয়া হৈ পৰে । তাৰ পিচতে পৰিয়ালটোৱে বৃদ্ধজনৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷
পৰিয়ালৰ লোকে কোৱা মতে টিলাবজাৰৰ নিবাসী ৰঞ্জিত বৰা নামৰ এজন লোকৰ নেতৃত্বত দলটো লৈ যোৱা হৈছিল ৷ বৃদ্ধজনক ঘৰৰ পৰা পঠিয়াবলৈ নিবিচৰাৰ স্বত্বেও ৰঞ্জিত বৰাই বহু প্ৰলোভন দি লৈ যায় বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে ৷
এই ঘটনাৰ পিচতে পৰিয়ালৰ লোকে বৃদ্ধজনৰ সন্দৰ্ভত ৰঞ্জিত বৰাৰ সৈতে কথা পাতে যদিও তেওঁ এই কথা গুৰুত্ব নিদিয়ে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ ফলত এতিয়া সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ ৷
ইতিমধ্যে,ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে কাকী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰাৰ লগতে নৰেন কাকতিৰ সম্ভেদ দিবলৈ সকলোলৈকে আহ্বান জনাইছে । লগতে পৰিয়ালৰ লোকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীক লোকজনক বিচাৰি উলিয়াবলৈ কাতৰ অনুৰোধ জনাইছে ৷
লগতে পঢ়ক: নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ; আহত 12