ETV Bharat / state

নিমাতীত অভাৱনীয় পৰিৱেশ: উটি-ভাঁহি ফুৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ জাহাজ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 4:36 PM IST

Nimati Ghat : ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত নিমাতীত সৃষ্টি হৈছে এক অভাৱনীয় পৰিৱেশ ৷ জিলা প্ৰশাসনৰ লোক নিমাতী ঘাটত উপস্থিত হৈ সকলো দিশ নিৰীক্ষণ কৰাৰ লগতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ সৈতে ঘনে ঘনে বৈঠকত মিলিত হৈছে ৷

NIMATI GHAT FERRY OPERATIONS
মাজুলীলৈ বন্ধ হৈ পৰিছে ফেৰী সেৱা (ETV BHARAT ASSAM)

যোৰহাট, 30 জুন : অৰুণাচল প্ৰদেশৰ লগতে উজনি অসমত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ৷ ব্ৰহ্মপুত্ৰকে ধৰি কেবাখনো নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ইতিমধ্যে ৰাজ্যৰ সাতখন জিলা বানৰ কবলত পৰিছে ৷ বানাক্ৰান্ত অঞ্চলত এতিয়া ব্যাহত হৈছে যাতায়ত-যোগাযোগ তথা স্বাভাৱিক জীৱন যাত্ৰা ৷ ইয়াৰ মাজতে মাজুলীলৈ বন্ধ হৈ পৰিছে ফেৰী সেৱা ৷

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ ফলত নিমাতীত অভাৱনীয় পৰিৱেশ (ETV BHARAT ASSAM)

ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত নিমাতীত সৃষ্টি হৈছে এক অভাৱনীয় পৰিৱেশ ৷ নিমাতী ঘাটৰ যাত্ৰী উঠা-নমা কৰা সকলো ৰেম্প বাঢ়নী পানীত ডুব গৈছে ৷ নিমাতী ঘাটৰ সকলো স্থান পানীৰ তলত থকাৰ বাবে এতিয়া জাহাজ ৰাখিবলৈ ঠাই নাইকিয়া হৈছে ৷ ফলত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সকলো জাহাজ পানীত উটি-ভাঁহি থাকিবলগীয়া হৈছে ৷ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত জাহাজ সমূহ আন স্থানলৈ নিবলৈ অপৰাগ হৈ পৰিছে জলপৰিবহণ বিভাগ ৷ ইতিমধ্যে জিলা প্ৰশাসনৰ লোক নিমাতী ঘাটত উপস্থিত হৈ সকলো দিশ নিৰীক্ষণ কৰাৰ লগতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী সৈতে ঘনে ঘনে বৈঠকত মিলিত হৈছে ৷

লগতে পঢ়ক : পানীৰ তলত ৰেম্প : বন্ধ ফেৰী চলাচল, যাত্ৰীৰ হাহাকাৰ - Majuli Ferry Service

আনহাতে ব্ৰহ্মপুত্ৰৰ পানী এই অঞ্চলত লোকনিৰ্মাণ বিভাগৰ পথেৰে বাগৰা পৰিলক্ষিত হৈছে ৷ সেয়েহে মাথাউৰি ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগ আৰু লোকনিৰ্মাণ বিভাগে যুদ্ধংদেহী তৎপৰতাৰে কাম কৰা পৰিলক্ষিত হৈছে ৷ ইফালে ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ চৌপাশ ঘন কুঁৱলীৱে আৱৰি ধৰা পৰিলক্ষিত হৈছে ৷ আনহাতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ লক্ষণ নাই, জলস্তৰ বৃদ্ধিহে পাব বুলিহে মত প্ৰকাশ কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৷ ইতিমধ্যে নিমাতীলৈ যোৱা সকলো যাতায়ত প্ৰশাসনে বন্ধ কৰি দিছে ৷

লগতে পঢ়ক : বানত এতিয়াও ককবকাই আছে সাতখন জিলাৰ লক্ষাধিক লোক; মৃতকৰ সংখ্যা ৩২ লৈ বৃদ্ধি - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.