ডিব্ৰুগড় : প্ৰথমবাৰলৈ অসম বিধানসভাৰ বিধায়ক হৈ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰিত্ব লাভ কৰিলে ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই । শেহতীয়াকৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত ডুমডুমাৰ যুৱ বিধায়কগৰাকীয়ে লাভ কৰিছিল মন্ত্ৰিত্ব । তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ মন্ত্ৰিত্ব কৰ্তন কৰা পাছতে চাহ জনগোষ্ঠীৰ বিধায়ক হিচাপে মন্ত্ৰিত্ব লাভ কৰিছিল ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই ।
আনহাতে ৰূপেশ গোৱালাই চাহ জনগোষ্ঠীৰ অতি শক্তিশালী শ্ৰমিক সংগঠন অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সম্পাদকৰ দায়িত্বও পালন কৰি আছে । তেনে এজন চাহ শ্ৰমিক নেতাই শ্ৰম, চাহ জনজাতি উন্নয়ন, গৃহ(কাৰাগাৰ, গৃহৰক্ষী আদি)ৰ দায়িত্ব লাভ কৰাত উৎফুল্লিত হৈছে চাহ জনগোষ্ঠীৰ ৰাইজ । ৰূপেশ গোৱালাই মন্ত্ৰিত্ব লাভ কৰাৰ পাছতে উজনিৰ চাহ বাগিচাই বাগিচাই চাহ মজদুৰ সংঘই অনুষ্ঠিত কৰিছে বিজয় উৎসৱ ।
অসম চৰকাৰৰ কেবিনেটত নতুনকৈ মন্ত্ৰিত্ব লাভ কৰাৰ পিছতে শুকুৰবাৰে নিজৰ গৃহ সমষ্টিলৈ আহিছে মন্ত্ৰী ৰূপেশ গোৱালা । মন্ত্ৰীগৰাকীক আজি (শুকুৰবাৰ) ডিব্ৰুগড়ৰ বিভিন্ন স্থানত আদৰণি জনোৱা হয় । নিজ সমষ্টি ডুমডুমালৈ গৈ থকা এই সময়ছোৱাত লেপেটকটা, বৰবৰুৱা, চাবুৱা-লাহোৱাল বাইপাছৰ কেইবাটাও স্থানত বিজেপিৰ নেতা-কৰ্মীসকলে গামোচা পিন্ধাই উষ্ম আদৰণি জনায় মন্ত্ৰীগৰাকীক ।
Accorded a warm welcome by the party workers at the Tinsukia Dist BJP office. These people are my source of strength. My sincere thanks to the BJP colleagues for their kind gesture. The event was attended by Sri Kushakanta Borah, Dist. President; Sri Suren Phukan, Hon'ble MLA,… pic.twitter.com/oTuXtz9J5X
— Rupesh Gowala (@rupeshgowala) December 13, 2024
মুখ্যমন্ত্ৰীয়ে দিয়া বিভাগৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিম বুলি অৱগত কৰে মন্ত্ৰী গোৱালাই । হাতত যিহেতু সময় অতি কম, গতিকে বিভাগৰ কাম যথাসাধ্য কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিম বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে মন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰীয়ে দেখা সপোন বাস্তৱ কৰাৰ সংকল্প হৈছে মন্ত্ৰী ৰূপেশ গোৱালাই :
The journey began from here. It was hard for me to check emotions at the felicitation at the central office of ACMS, Dibrugarh, today. This is my temple. These are my very own people. Thank you for this kind gesture, ACMS family. May our bond get stronger every passing day.
— Rupesh Gowala (@rupeshgowala) December 13, 2024
Sri… pic.twitter.com/cYTw8Dbo01
ডিব্ৰুগড়ৰ কেইবাটাও স্থানত সম্বৰ্ধনা গ্ৰহণ কৰি মন্ত্ৰী ৰূপেশ গোৱালাই কয়, ‘‘মন্ত্ৰিত্ব লাভ কৰি খুব ভাল লাগিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দায়িত্ব দিছে, তাক নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰিম । মুখ্যমন্ত্ৰীয়ে মোৰ প্ৰতি যি বিশ্বাস দেখুৱালে তাৰ বাবে তেওঁক ধন্যবাদ জনাইছো । মই লাভ কৰা বিভাগকেইটাত কৰিব লগা যথেষ্ট কাম আছে । যিহেতু বহুকেইটা বিভাগৰ দায়িত্ব লাভ কৰিছো গতিকে সকলো বিভাগৰ কাম সমানে আগুৱাই নিবলৈ চেষ্টা কৰিম । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে অসমখনক আগুৱাই নিবলৈ যি ধৰণৰে কাম কৰিছে পূৰ্বে কোনো এখন চৰকাৰে কৰা নাছিল । অসমক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি সপোন দেখিছে সেয়া বাস্তৱ কৰাৰ ক্ষেত্ৰত আমি সফল হ’ম আৰু সেই দিশত আমি কাম কৰি যাম ৷’’