ETV Bharat / state

বনভোজ খালেই জৰিমনা ১০ হাজাৰ ! ফলক দেখিলে চকু কপালত উঠিব আপোনাৰো - ASSAM NAGALAND BORDER

বনভোজ খোৱা, মাছ ধৰা, খৰি কটা আৰু গৰু-ছাগলী চৰাবলৈ যোৱা অসমীয়া লোকে দহ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ'ব লাগিব ।

Assam Nagaland Border Conflict
অসম-নাগালেণ্ড সীমান্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

গোলাঘাট : এইবাৰ অসমৰ বনভোজকাৰী দলৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে নাগা ভিলেজ কাউন্সিলে । এই ঘটনা সংঘটিত হৈছে অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীত । অসম-নাগালেণ্ডৰ মাজত সীমা বিবাদ চলি থকাৰ মাজতেই কিয় নাগা ভিলেজ কাউন্সিলে এইদৰে নিষেধাজ্ঞা আৰোপ কৰিলে ?

অসম-নগালেণ্ড সীমান্তৰ মেৰাপানীৰ কাষৰীয়া মনোৰম বনভোজস্থলী নেঘেৰীবিলত বনভোজ দলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে নাগা ভিলেজ কাউন্সিলে । নাগালেণ্ডৰ তিনিখনকৈ গাঁৱৰ ভিলেজ কাউন্সিল সমিতিয়ে জাৰি কৰা এক ফলকযোগে নেঘেৰীবিলত বনভোজ খাবলৈ গ'লে ভৰিব লাগিব দহ হাজাৰ টকা পৰ্যন্ত জৰিমনা । মঙলবাৰে নেঘেৰীবিল বনভোজস্থলীৰ প্ৰৱেশ পথত নাগা ভিলেজ কাউন্সিলে স্থাপন কৰা এখন নিষেধাজ্ঞা সম্বলিত জাননী ফলকে এতিয়া স্থানীয় অঞ্চলবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে ।

অসম-নাগালেণ্ড সীমান্ত (ETV Bharat Assam)

নাগালেণ্ডৰ মিকিৰাং, লিঅ' লুংচুম আৰু লুঙায়েম ভিলেজ কাউন্সিলে জাৰি কৰা জাননী অনুসৰি নেঘেৰীবিল এলেকাত বনভোজ খোৱা, মাছ ধৰা, খৰি কটা আৰু গৰু-ছাগলী চৰাবলৈ যোৱা অসমীয়া লোকে দহ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ'ব লাগিব । উল্লেখ্য় যে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নেঘেৰীবিল দশক দশকজুৰি বনভোজকাৰী দলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে ।

নৱবৰ্ষৰ আৰম্ভণিতে নেঘেৰীবিললৈ হাজাৰ হাজাৰ বনভোজ দলৰ আগমন ঘটে । তেনেস্থলত নৱবৰ্ষৰ প্ৰাকক্ষণত নাগা ভিলেজ কাউন্সিলৰ এনে জাননীয়ে এতিয়া সীমান্ত অঞ্চলটোত শান্তি-শৃংখলা বিঘ্নিত কৰাৰ আশংকা প্ৰকট হৈ উঠিছে । এই সম্পৰ্কে এজন স্থানীয় লোকে কয়, "নাগালেণ্ডৰ তিনিখন গাঁৱৰ ৰাইজে মিলি ইয়াত এখন ফলক লগালে কোনোৱে গম নোপোৱাকৈ । উক্ত স্থানৰ বনভোজৰ পৰা আৰম্ভ কৰি মানুহৰ অহা-যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে এই ফলকৰ জৰিয়তে । এইক্ষেত্ৰত অসম চৰকাৰ আৰু সীমান্তত নিয়োজিত চি আৰ পি এফৰ লগতে প্ৰশাসনে কিহৰ বাবে এই নিষেধাজ্ঞা দিছে এটা সু-মীমাংসা কৰি দিয়ে যেন । "

তেওঁ পুনৰ কয়, "এই ফলকখনৰ বাবে বহু সমস্যাৰ সৃষ্টি হ'ব । কাৰণ ইয়াত বহু দূৰ-দূৰনিৰ পৰা বনভোজ খাবলৈ মানুহ আহে । ইফালে, এই ফলকত লিখা কথা অমান্য কৰিলে ১০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে এই স্থানত বনভোজ খাবলৈ আহি লগে-ভাগে এমুঠি খাই প্ৰাকৃতিক পৰিৱেশৰ আনন্দ লয় । কিন্তু এই স্থানত কিহৰ বাবে এই ফলক লগালে আমি অৱগত নহয় । গতিকে অতি সোনকালে অসম চৰকাৰ বা জিলা প্ৰশাসনে এইক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো । "

লগতে পঢ়ক:মেৰাপানীত অসমৰ ভূমিত নগাৰ কৌশলী আগ্ৰাসন, কাটিলে গছ-গছনি - ASSAM NAGALAND BORDER

অসমৰ ভূমিত নগাৰ আদৰণি তোৰণ নিৰ্মাণক লৈ উত্তেজনা - Assam Nagaland border - ASSAM NAGALAND BORDER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.