গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : ‘‘শশী মডেলৰ সংশোধনী ঘটিল । এতিয়া কমলাক্ষ মডেল আহিল ।’’ - এই মন্তব্য এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ । বৃহস্পতিবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ শিক্ষা বিভাগৰ প্ৰসংগক লৈ সদন উত্তপ্ত হৈ পৰে । এই বিষয়টোত আলোচনা বিচাৰে যদিও অধ্যক্ষই বাধা দিয়াত বিৰোধীয়ে সদন ত্যাগ কৰে ৷
সেই সময়ত সদনত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই শাসকীয় পক্ষক সংগ দিয়ে । যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই । আনকি সংবাদ মাদ্যমৰ আগত তেওঁ কেতবোৰ মন্তব্যও প্ৰকাশ কৰে ৷
বিধায়ক বৰভূঞাই কয়, ‘‘মডেল সলনি হোৱাটো আজি সদনত কমলাক্ষ দে' পুৰকায়স্থই প্ৰমাণ কৰিলে । সদনত বিৰোধীৰ পক্ষ লোৱাৰ সলনি কমলাক্ষ দে’ পুৰকায়স্থই আসন সলনি কৰি বিজেপিৰ হৈ কথা কৈছে । সেইটো হৈছে সংশোধনী কমলাক্ষ মডেল’’ ।
লগতে পঢ়ক : কংগ্ৰেছৰ QR TEAM ক লৈ কটাক্ষ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ
বিধায়ক কৰিমউদ্দিন বৰভূঞাই লগতে কয় যে কংগ্ৰেছৰ কেইবাজনো বিধায়ক পাচত বহি আছে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে কমলাক্ষ মডেলৰ সংখ্যা আৰু বৃদ্ধি পাব । এ আই ইউ ডি এফত ২০২৬ চনত কংগ্ৰেছৰ বিধায়ক আহিব বুলিও তেওঁ সদৰী কৰে ।
এইবোৰৰ উপৰিও বিধায়ক বৰভূঞাই কয় যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া মাকে কোৱা বাবে ৰৈ গ'ল । কংগ্ৰেছৰ সকলো বিধায়কৰ দায়িত্ব তেওঁলোকৰ মাকে লোৱাটো তেওঁ বিচাৰে বুলিও সদৰী কৰে । তেওঁ আৰু কয় যে কংগ্ৰেছৰ বিধায়কসকলক তেওঁলোকৰ মাকে কংগ্ৰেছত থাকিবৰ বাবে কওক । যাতে আৰু কংগ্ৰেছৰ বিধায়ক বিজেপিলৈ নাযায় ।
লগতে পঢ়ক : লবীকেন্দ্ৰিক ৰাজনীতিত জৰ্জৰিত কংগ্ৰেছ দল; বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ