ETV Bharat / state

চৰাইদেউ মৈদামক চৰাইদেউ জিলাত অন্তৰ্ভুক্ত কৰাৰ প্ৰাসংগিকতা আছে: ধৰ্মেশ্বৰ কোঁৱৰ

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 7:37 PM IST

Charaideo maidam controversy : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ দিশে আগবাঢ়িছে চৰাইদেউ মৈদাম ৷ কিন্তু ইয়াৰ পিচতেই চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ নে শিৱসাগৰ জিলাত অন্তৰ্ভুক্তি হ’ব ইয়াকে আৰম্ভ হৈছে শীতল যুঁজ ।

Reaction on Charaideo Maidam
বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

মৰাণ, ২৬ ফেব্ৰুৱাৰীঃ পূৰ্বে শিৱসাগৰ জিলাত থকা ঐতিহাসিক চৰাইদেউ মৈদাম শিৱসাগৰ জিলাত অন্তৰ্ভুক্ত হ'ব লাগিব বুলি দল-সংগঠনে দাবী জনোৱাৰ লগতে চৰাইদেউ জিলাৰ ৰাইজে চৰাইদেউ মৈদাম শিৱসাগৰ জিলাৰ অন্তৰ্ভুক্তি হোৱাতো নিবিচাৰে বুলি দাবী কৰিছিল । ইয়াৰ পিচতেই চৰাইদেউ মৈদামক লৈ দুয়োখন জিলাৰ মাজত সৃষ্টি হয় সংঘাতৰ । চৰাইদেউ মৈদাম ক্ষেত্ৰ সন্দৰ্ভত একাংশ সংগঠনে শিৱসাগৰত সংবাদমেলৰ জৰিয়তে বিৰ্তক সৃষ্টি কৰিব বিচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।

সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ১৯৮৩ চনত চৰাইদেউ মহকুমা গঠন হওঁতেই চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ মহকুমাত অন্তৰ্ভুক্ত হৈছিল । গতিকে মৈদাম ক্ষেত্ৰৰ কাষৰীয়া বাসিন্দা সকলে নিজৰ ঠিকনাত চৰাইদেউ জিলা বুলি উল্লেখ কৰি আহিছে । তেনেস্থলত চৰাইদেউ মৈদাম চৰাইদেউ জিলাত অন্তৰ্ভুক্ত হোৱাৰ প্ৰাসংগিকতা আছে বুলি মন্তব্য কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । এই সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও কয় বিধায়ক গৰাকীয়ে ।

চৰাইদেউ মৈদাম ক্ষেত্ৰ সন্দৰ্ভত একাংশ সংগঠনে শিৱসাগৰত সংবাদমেলৰ জৰিয়তে বিৰ্তক সৃষ্টি কৰিব বিচৰা সন্দৰ্ভতো প্ৰত্যুত্তৰ দিলে বিধায়ক গৰাকীয়ে । উল্লেখ্য যে চৰাইদেউ জিলাত থকা ঐতিহাসিক সম্পদৰাজিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান লাভৰ দিশে আগবঢ়িছে । কিন্তু চৰাইদেউক জিলা ঘোষণা কৰা আঠটা বৰ্ষ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত জিলাখনৰ সীমা নিৰ্ধাৰণকে ধৰি বৰ্তমানেও চৰাইদেউ মৈদাম ক্ষেত্ৰ আজিকোপতি চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নোহোৱাক লৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছে ।

পূৰ্বে শিৱসাগৰ জিলাত থকা ঐতিহাসিক চৰাইদেউ মৈদাম শিৱসাগৰ জিলাত অন্তৰ্ভুক্ত হ'ব লাগিব বুলি শিৱসাগৰ জিলাৰ দল- সংগঠনে দাবী জনোৱাৰ লগতে চৰাইদেউ জিলাৰ ৰাইজে চৰাইদেউ মৈদাম শিৱসাগৰ জিলাৰ অন্তৰ্ভুক্ত হোৱাতো নিবিচাৰে । চৰাইদেউ মৈদামক লৈ দুইখন জিলাৰ মাজত একপ্ৰকাৰে সংঘাত সৃষ্টি হৈছে । এই সংঘাত চৰকাৰে কেনেদৰে নিৰ্মূল কৰে সেইয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢক:চৰাইদেউ মৈদামক লৈ বিতৰ্কৰ সৃষ্টি নকৰিবলৈ আহ্বান মন্ত্ৰী যোগেন মহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.