ETV Bharat / state

লখিমপুৰত সাৰি নগ’ল নাবালিকা নিৰ্যাতনকাৰী: ২৫ বছৰৰ কাৰাদণ্ডৰ ৰায় - DHAKUAKHANA RAPE INCIDENT

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 2:23 PM IST

Rape in Dhakuakhana: ২০১৮ চনত ঢকুৱাখনাত সংঘটিত হৈছিল নাবালিকা যৌন নিৰ্যাতনৰ ঘটনা । ছয় বছৰ পিচত ভুক্তভোগীয়ে পালে ন্য়ায় । চাওক সবিশেষ...

Rape in Dhakuakhana
নাবালিকাক যৌন নিৰ্যাতন (IANS)

লখিমপুৰ, ১৪ আগষ্ট: লখিমপুৰত নজিৰ বিহীনভাৱে ২৫ বছৰৰ কাৰাদণ্ডৰ ৰায় পস্কো(POSCO) আদালতৰ । লখিমপুৰৰ বিশেষ পস্কো আদালতে মঙলবাৰে নজিৰ বিহীনভাৱে এজন নাবালিকা যৌন নির্যাতনকাৰীৰ বিৰুদ্ধে ২৫ বছৰৰ কাৰাদণ্ডৰ আদেশ দিয়ে ।

চৰকাৰী অধিবক্তা (ETV Bharat Assam)

আদালতে লগতে ১৭ হেজাৰ টকাৰ জৰিমনাৰ ৰায়দান কৰে । বিশেষ পস্কো ন্যায়াধীশ মঞ্জু বৰদলৈৰ আদালতে ২৫ বছৰ কাৰাদণ্ডৰ আদেশ দিয়া অপৰাধীজন হৈছে জিলাখনৰ ঢকুৱাখনা মহকুমাৰ ভোমা ককচাং গাঁৱৰ প্ৰদীপ দলে ।

প্ৰদীপ দলেই ২০১৮ চনতে এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত হৈছিল । সেই অভিযোগত ঢকুৱাখনা আৰক্ষী থানাত ১৬৬/২০১৮ নম্বৰত এটা গোচৰ ৰুজু হৈছিল । পৰৱৰ্তী সময়ত লখিমপুৰৰ বিশেষ পস্কো আদালতত এই গোচৰটো ৪৭/২০১৯ নম্বৰত পঞ্জীয়ন হয় । গোচৰটোৰ সকলো প্ৰমাণ, সাক্ষীগ্ৰহণৰ অন্তত বিশেষ পস্কো আদালতে মঙলবাৰে এই আইনৰ ৬ ধাৰা মতে তেওঁক দোষী সাব্যস্ত কৰি ২৫ বছৰৰ কাৰাদণ্ডৰ ৰায় দিয়ে ।

জৰিমনা অনাদায়ে আৰু দহ মাহৰ অতিৰিক্ত কাৰাবাসৰ আদেশ দিয়ে আদালতে । তদুপৰি ভাৰতীয় দণ্ড বিধিৰ ৪৪৯ ধাৰা মতে, আদালতে তেওঁক পাঁচ বছৰ কাৰাদণ্ড আৰু সাত হেজাৰ টকাৰ জৰিমনাৰ নিৰ্দেশ দিয়ে । জৰিমনা অনাদায়ে আৰু পাঁচ মাহৰ কাৰাদণ্ডৰ আদেশ দিয়ে আদালতে । এই গোচৰটোত চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি আগবঢ়াই অধিবক্তা মাধৱ চন্দ্র গগৈয়ে । উল্লেখ্য যে, লখিমপুৰৰ পস্কো আদালতে ২৫ বছৰ কাৰাদণ্ডৰ ৰায় দিয়া এইটোৱেই প্ৰথম । ঘটনাৰ ছবছৰ পিছত ভুক্তভোগীয়ে ন্যায় পোৱাত জিলাখনৰ সচেতন মহলে এই ৰায়ৰ প্ৰশংসা কৰে ৷

লগতে পঢ়ক:সাত বছৰীয়া নাবালিকাৰ ধৰ্ষণ তথা হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে - HOJAI RAPE INCIDENT

Life imprisonment under POCSO Act: পকচ’ আইনৰ অধীনত এজনক যাৱজ্জীৱন কাৰাদণ্ড নগাঁও আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.