ETV Bharat / state

ৰাজ্যত নিবনুৱাৰ হাৰ বৃদ্ধিৰ উদ্বেগজনক ছবি; দেশৰ নিবনুৱাৰ সংখ্যা বৃদ্ধিত চাৰি নম্বৰ স্থানত অসম - UNEMPLOYMENT PROBLEM IN ASSAM

অসমে নিৱনুৱা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত স্থান পাইছে । অসমত নগৰাঞ্চলত ব্যাপক হাৰত কাম বিচাৰি কাম নোপোৱা নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে ।

Unemployment problem in Assam
ৰাজ্যত নিবনুৱাৰ হাৰ বৃদ্ধিৰ উদ্বেগজনক ছবি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 8:02 PM IST

গুৱাহাটী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ উন্নত ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্তৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা সততে ৰাজহুৱা সভাবোৰত আওৰাই থাকে । কিন্তু বাস্তৱ ক্ষেত্ৰত অসমে অন্য দিশতহে দেশৰ শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত স্থান লাভ কৰিছে ।

কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সমীক্ষা মতে, অসমে নিৱনুৱা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত স্থান পাইছে । অসমত নগৰাঞ্চলত ব্যাপক হাৰত কাম বিচাৰি কাম নোপোৱা নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে । অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত তেওঁৰ কাৰ্যকালত এক লাখ নিযুক্তি দিয়া আৰু হিতাধিকাৰী সৃষ্টিৰ অভিলেখ ৰচা বুলি দাবী কৰাৰ বিপৰীতে তেওঁৰ কাৰ্যকালতে অসমে নিৱনুৱা বৃদ্ধিৰ ক্ষেত্ৰত ৰেকৰ্ড সৃষ্টি কৰিছে ।

নিবনুৱা সম্পর্কত কেন্দ্রীয় চৰকাৰৰ Ministry of statistical and program implementation-ৰ ১৮ নৱেম্বৰৰ এখন প্ৰতিবেদনে অসমৰ নিবনুৱা সন্দৰ্ভত এক উদ্বেগজনক ছবি দাঙি ধৰিছে । প্রতিবেদন অনুসৰি, অসমৰ নগৰাঞ্চলৰ ১৫ৰ পৰা ২৯ বছৰ বয়সৰ মহিলা নিবনুৱাৰ হাৰ দেশৰ ভিতৰতে চতুৰ্থ । আনহাতে, পুৰুষ নিবনুৱাৰ ক্ষেত্ৰতো দেশৰ ভিতৰতে অসম চতুৰ্থ ।

উল্লেখ্য যে কেন্দ্ৰীয় পৰিসংখ্যা মন্ত্রণালয়ে প্রতি তিনি মাহৰ মূৰে মূৰে 'পিৰিয়ডিক লেবাৰ ফ'ৰ্চ ছার্ভে'ৰ (পি এল এফ এছ) প্ৰতিবেদন প্ৰকাশ কৰে । নগৰাঞ্চলৰ নিবনুৱাৰ হাৰ প্ৰকাশ কৰি যোৱা জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ পি এল এফ জৰীপ ১৮ নৱেম্বৰত প্রকাশ কৰিছে ।

Unemployment problem in Assam
পেৰিয়ডিক লোবাৰ ফ'ৰ্চ ছাৰ্ভে (Ministry of statistical and program implementation)

লক্ষণীয়ভাৱে, ২০২৩ চনৰ পৰা অসমত ক্রমান্বয়ে নগৰীয়া নিবনুৱাৰ সংখ্যা বৃদ্ধিয়ে চৰকাৰৰ নিবনুৱা সমস্যা হ্রাস আৰু কৰ্মসংস্থাপন বৃদ্ধিৰ দাবীক অসাৰ বুলি প্ৰতিপন্ন কৰিছে । পৰিসংখ্যা মন্ত্ৰণালয়ৰ তথ্য মতে, অসমত ১৫ৰ পৰা ২৯ বছৰ বয়সৰ ২০২৩ চনৰ জুলাই-ছেপ্টেম্বৰত পুৰুষ নিবনুৱাৰ হাৰ (নগৰাঞ্চল) আছিল ১৫.৮ শতাংশ । ২০২৪ চনৰ জুলাই-ছেপ্টেম্বৰত সেই হাৰ ২০.৮ শতাংশলৈ বৃদ্ধি পায় ।

ইফালে অসমত ১৫ৰ পৰা ২৯ বছৰ বয়সৰ ২০২৩ চনৰ জুলাই-ছেপ্টেম্বৰৰ মহিলা নিবনুৱাৰ হাৰ (নগৰৰ) আছিল ৩২.৩ শতাংশ । ২০২৪ চনৰ জুলাই-ছেপ্টেম্বৰত সেই হাৰ ৩৯.৩ শতাংশলৈ বৃদ্ধি পায় । আনহাতে, অসমত ১৫ৰ পৰা ২৯ বছৰ বয়সৰ ২০২৩ চনৰ জুলাই-ছেপ্টেম্বৰৰ সামগ্ৰিক নিবনুৱাৰ হাৰ (নগৰৰ) আছিল ২১.১ শতাংশ । ২০২৪ চনৰ জুলাই-ছেপ্টেম্বৰত সেই হাৰ বাঢ়ি ২৫.৬ শতাংশ হয় ।

উল্লেখ্য, মহিলা নিবনুৱাৰ ক্ষেত্ৰত অসমৰ স্থান চতুৰ্থত । নিৱনুৱাৰ হাৰৰ ক্ষেত্ৰত ৫৩.৬ শতাংশৰে জম্মু-কাশ্মীৰ দেশৰ ভিতৰত প্ৰথম স্থানত । দ্বিতীয় স্থানত থকা হিমাচল প্ৰদেশৰ নিবনুৱাৰ হাৰ ৪৩ শতাংশ, তৃতীয় স্থানত থকা কেৰালাৰ ৪০ শতাংশ আৰু চতুৰ্থ স্থানত থকা অসমৰ ৩৯.৩ শতাংশ ।

আনহাতে, পুৰুষ নিবনুৱাৰ ক্ষেত্ৰতো অসমৰ স্থান চতুৰ্থ স্থানত । নিৱনুৱাৰ হাৰৰ ক্ষেত্ৰত ২৮.১ শতাংশৰে ওড়িশা দেশৰ ভিতৰত প্ৰথম স্থানত আছে । দ্বিতীয় স্থানত থকা অন্ধ্ৰপ্ৰদেশৰ ২২.৫ শতাংশ, তৃতীয় স্থানত থকা বিহাৰৰ ২১.৫ শতাংশ আৰু চতুৰ্থ স্থানত থকা অসমৰ নিবনুৱাৰ হাৰ ২০.৮ শতাংশ ।

ইপিনে সামগ্ৰিক নিবনুৱাৰ ক্ষেত্ৰত অসমৰ স্থান চতুৰ্থ স্থানত । সামগ্ৰিক নিৱনুৱাৰ হাৰৰ ক্ষেত্ৰত জম্মু-কাশ্মীৰ ৩২ শতাংশৰে দেশৰ ভিতৰত প্ৰথম স্থানত । দ্বিতীয় স্থানত থকা ওড়িশাৰ ৩০.৪ শতাংশ, তৃতীয় স্থানত থকা কেৰালাৰ ২৭.৬ শতাংশ আৰু চতুৰ্থ স্থানত থকা অসমৰ ২৫.৬ শতাংশ ।

‌মন কৰিবলগীয়া কথাটো হ'ল, ৰাজ্যৰ গ্রামাঞ্চলত কাম বিচাৰি নোপোৱা বাবেই যুৱচামে নগৰাঞ্চললৈ কাম বিচাৰি ঢাপলি মেলে । কোনো সুবিধা নথকা আদি কাৰণৰ বাবেই দলে দলে যুৱচামে নগৰাঞ্চললৈ ঢাপলি মেলিছে । কিন্তু চৰকাৰৰ দাবীৰ বিপৰীতে নগৰতো যে কামৰ অভাৱ, তাৰ সত্যতা মন্ত্ৰণালয়ৰ প্ৰতিবেদনৰ তথ্যই উদঙাই দিছে ।

লগতে পঢ়ক :অসমত ভয়াৱহ নিবনুৱা সমস্যা : সংস্থাপনৰ আশাত ৫৫ শতাংশৰ বহিঃৰাজ্যলৈ ঢাপলি - EMPLOYMENT REPORT OF INDIA 2024
লগতে পঢ়ক :ভয়াৱহ নিবনুৱা সমস্যাৰ কৱলত অসম: পঞ্জীয়নভুক্ত ২৮ লক্ষাধিক কৰ্মহীনৰ ৭৭৫ গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী - unemployment problem in Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.